ETV Bharat / state

অংকিতাৰ বিজেপি গমন: ৰাজনীতিত এটা ভোটো বহু গুৰুত্বপূৰ্ণ; কংগ্ৰেছত প্ৰভাৱ পেলাব : দেৱব্ৰত শইকীয়া

Assam Congress: অংকিতা দত্তৰ বিজেপিত যোগদানে কংগ্ৰেছ দলক বহু পৰিমাণে ক্ষতি কৰিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতিয়ে ৷ অংকিতাক তেওঁ বেয়াকৈ ক’ব নোৱাৰে বুলি কৈ অংকিতাই খুজি কিল খাইছে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

Bedabrat Saikia
বিৰোধী দলপতি বেদব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 9:40 PM IST

3 Min Read
Choose ETV Bharat
বিৰোধী দলপতি বেদব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

আমগুৰি, ২৭ জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন পৰিবহণ মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা তথা নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত বিজেপিত যোগদানৰ পথ প্ৰশস্ত হ’ল ৷ শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিত মোক্ষম আঘাত হানি অংকিতা দত্তই যোগদান কৰিব বিজেপি দলত ৷

অংকিতা দত্তৰ লগতে গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ বহু জ্যেষ্ঠ কংগ্ৰেছৰ প্ৰভাৱশালী নেতাৰ উপৰিও জিলা পৰিষদৰ সদস্যা, আমগুৰি পৌৰসভাৰ দুই প্ৰাক্তন পৌৰপতি, পৌৰসভাৰ তিনি ৱাৰ্ড কমিচনাৰ, আমগুৰি ব্লক কংগ্ৰেছৰ বহুকেইগৰাকী দায়িত্বশীল কংগ্ৰেছীয়ে অংকিতাৰ পথেৰে বিজেপিত যোগদান কৰাৰ তথ্য আহি পৰিছে । আজি অংকিতা দত্ত বিজেপিত যোগদানৰ নিশ্চিতি প্ৰদানৰ পিচতেই বিৰোধী দলপতি তথা নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘ৰাজনীতিত এটা ভোটো বহু গুৰুত্বপূৰ্ণ । অংকিতা দত্তৰ বিজেপিত যোগদানে কংগ্ৰেছ দলক বহু পৰিমাণে ক্ষতি কৰিব ৷ অংকিতাক মই বেয়াকৈ ক’ব নোৱাৰোঁ । অংকিতা মোৰ নিজৰ ভন্টিৰ নিচিনা । অংকিতাই খুজি কিল খোৱাৰ নিচিনা হৈছে । তাইক মই ৰক্ষা কৰিব নোৱাৰিলোঁ । দল বিৰোধী কাম কৰিলে দলে অনুশাসনমূলক ব্যৱস্থা লয় ।’’

বিধায়ক দেৱব্ৰত শইকীয়াই কয় যে বিজেপিয়ে সমাজৰ কিছু ব্যক্তিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব বিচাৰে । কংগ্ৰেছে সকলোকে সম অধিকাৰ দিব বিচাৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ যোৰহাট প্ৰাৰ্থী হিচাপে দেৱব্ৰত শইকীয়াই কোনো আবেদন কৰা নাই । ইচ্ছা থকা হ’লে আবেদন কৰিলেহেতেন বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

শনিবাৰে আমগুৰিৰ দোপদৰত অনুষ্ঠিত শংকৰদেৱ সংঘৰ নাজিৰা অধিৱেশনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দেৱব্ৰত শইকীয়াই এনেদৰে কয় । আনহাতে বিজেপি দলত যোগদান নিশ্চিত হোৱাৰ পিছতে আজি আমগুৰিৰ পৰা পুৱাতেই গুৱাহাটীলৈ ৰাওনা হয় অংকিতা দত্ত । আমগুৰিৰ অংকিতাৰ বাসভৱনত এক উৎসৱমুখৰ পৰিৱেশৰ পিচতেই অংকিতাৰ সমৰ্থকৰ মাজত উল্লাস পৰিলক্ষিত হয় ।

কংগ্ৰেছ দলে অংকিতাক ন্যায় প্ৰদানত ব্যৰ্থ হোৱাৰ লগতে ৰাহুল গান্ধী আৰু ভূপেন বৰাই অংকিতাক নাৰী হিচাপে সমঅধিকাৰ আৰু উপেক্ষা কৰাৰ পৰিণতিত বিজেপি গমন বুলি একাংশ কংগ্ৰেছীয়ে ক'ব খোজে । আনহাতে অংকিতা দত্ত চিবিআইৰ গ্ৰেপ্তাৰৰ পৰা মুক্ত হ’বলৈ বিজেপিত যোগদান কৰা বুলিও ক'ব খোজে ।

ইফালে অংকিতাৰ বিজেপি গমনে শিৱসাগৰ সমষ্টিত অগপৰ প্ৰদীপ হাজৰিকাৰ ভেঁটিতো কঁপনি উঠাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । প্ৰদীপ হাজৰিকাৰ ৰাজনীতিত আউল লগাৰো সম্ভাৱনা আছে বুলি চৰ্চিত হৈছে ।

লগতে পঢ়ক: অংকিতা দত্ত কংগ্ৰেছৰ নহয়, বিস্মিতা গগৈ ভূপেন বৰাৰ ভন্টিৰ দৰে !