ETV Bharat / state

পুৰণি পথকে উদ্বোধন কৰি উন্নয়নৰ জয়গান গাই গ’ল মোদীয়ে: কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:42 PM IST

Assam Congress slams PM Modi
PM Modi Assam tour

Assam Congress slams PM Modi: ৰাজীৱ ভৱনত সংবাদমেল পাতি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেবাটাও অভিযোগ তুলিলে প্ৰদেশ কংগ্ৰেছে ৷ পুৰণি ৰাস্তাকে প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰাৰ অভিযোগ ৷

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেবাটাও অভিযোগ

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা তথ্যত বিসংগতি ফাদিল কংগ্ৰেছৰ । ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি বিস্ফোৰক অভিযোগ তোলে কংগ্ৰেছে । সংবাদমেল সম্বোধন কৰি বিধায়ক ভৰত নৰহে কয় যে অসমলৈ আহি প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ কাৰণে নতুন প্ৰকল্প ঘোষণা কৰা নাই । ৰাজহুৱা সভাত অন্তৱৰ্তীকালীন বাজেটত লোৱা প্ৰকল্পকে বিশ্লেষণ কৰি দেখুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে । গহপুৰ-বিশ্বনাথ চাৰিআলি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ডেৰ বছৰ ধৰি গাড়ী অহা-যোৱা কৰা ৰাস্তাকে প্ৰধানমন্ত্ৰীয়ে আকৌ মুকলি কৰিলে বুলি অভিযোগ তোলে বিধায়ক নৰহে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তাৰোপৰি তেওঁ কয় যে দোলাবাৰীৰ পৰা জামুগুৰি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ মুকলি হোৱা তিনিমাহ হ'ল, তাৰ পিছত আকৌ মোদীয়ে উদ্বোধন কৰিলে । ৰাইজক চমক দেখুৱাবলৈ ৰাস্তা উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ইয়াত কোনো নতুনত্ব নাই বুলি সমালোচনা কৰি তেওঁ লগতে কয় যে আদানীক সামগ্ৰী যোগানৰ ঠিকা দিবলৈ চ'লাৰ ৰুফ টপ দিয়াৰ প্ৰতিশ্ৰুতি দিলে প্ৰধানমন্ত্ৰীয়ে ।

তেওঁ আৰু কয় যে, ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত দুই কোটি যুৱকক নিযুক্তি দিম বুলি কৈছিল মোদীয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি দহবছৰে পূৰণ নহ’ল । কৃষকৰ আয় দুগুণ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল, আয় দুগুণ নহ’ল । অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ছয় মাহৰ ভিতৰত হ’ব বুলি কোৱা সময় এতিয়া ১০ বছৰ হ'ল, কিন্তু জনগোষ্ঠীক জনজাতি কৰণ নহ'ল ৷ তদুপৰি অসম চুক্তিৰ ছয় নং দফা আখৰে আখৰে পালন কৰিম বুলি‌ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও নহ'ল বুলি মন্তব্য কৰে বিধায়ক নৰহে ।

অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই সংবাদমেলত কয়, ‘‘কামাখ্যাৰ প্ৰৱেশ পথটোহে নতুন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ । সৌৰশক্তিৰ বাবে কাম কৰিব বিজুলী ৰেহাই নিদিয়ে । কিন্তু সৌৰশক্তিৰ কাম কৰিলে সেই কামটো আদানীৰ চোলাৰে পাব । ২০২৪ চনৰ ভিতৰত সকলোৱে খোৱা পানী পাব বুলি কৈছিল যদিও খোৱা পানী অসমৰ ৰাইজে পাইছে নে ? গুৱাহাটীৰ মানুহে বিশুদ্ধ খোৱা পানী কেতিয়া পাব বুলি প্ৰশ্ন কৰে বেদব্ৰত বৰাই ৷

১১,৬০০ কোটি টকাৰ ভিতৰত ৪৯৮ কোটি টকাৰ বাদে বাকী আঁচনিৰ টকা অসম চৰকাৰৰ প্ৰজেক্টৰ ভিতৰত পৰে বুলিও তেওঁ উল্লেখ কৰে । অসম চৰকাৰৰ ১ লাখ ৫০ হাজাৰ কোটিৰ ঋণ মাফ কৰি দেখুৱাবলৈ প্ৰধানমন্ত্ৰীক আহ্বান বেদব্ৰত বৰাৰ ৷ অসমত শান্তি প্ৰতিষ্ঠা হোৱা বুলি দাবী কৰা প্ৰধানমন্ত্ৰীলৈ বেদব্ৰত বৰাই প্ৰশ্ন কৰে যে উগ্ৰপন্থীত যোগদান কৰিবলৈ যোৱা যুৱকক ৰখাব পৰা নাই কিয় ? মণিপুৰৰ নাম এবাৰো মোদীৰ মুখত কিয় নোলাল বুলিও তেওঁ প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: বহুবিবাহ নিষিদ্ধ আইন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.