দেওবাৰে কোন কোন কংগ্ৰেছী-জাতীয়তাবাদী শিবিৰৰ নেতাই যোগদান কৰিব বিজেপিত?
বিজেপিৰ মায়াত সন্মোহিত হৈ পৰিছে নেকি কংগ্ৰেছ-জাতীয়তাবাদী শিবিৰৰ নেতা ৷ বিজেপিত যোগ দিব জ্যেষ্ঠ কংগ্ৰেছী আৰু প্ৰাক্তন আছু নেতাই ৷ কোনগৰাকী নেতাই কেতিয়া যোগদান কৰিব বিজেপিত জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন...

Published : January 27, 2024 at 5:43 PM IST
গুৱাহাটী, 27 জানুৱাৰী: 2024 ৰ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ কংগ্ৰেছ আৰু জাতীয়তাবাদী শিবিৰ সন্মুখীন হৈছে এক মোক্ষম আঘাতৰ ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পিছতে বিজেপি আৰু বিজেপিৰ মিত্ৰ দল অগপত দেওবাৰে যোগদান কৰিব কেইবাগৰাকীও কংগ্ৰেছ নেতাই । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা পথত ন্যায় বিচাৰি প্ৰতিবাদ কৰা বহিস্কৃত অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তয়ো বিজেপিত কৰিব যোগদান ৷
ৰাজ্যিক বিজেপিৰ পৰা পোৱা নিশ্চিত তথ্য অনুসৰি দেওবাৰে বাজপেয়ী ভৱনত অনুস্থিত হ’ব এক বৃহৎ যোগদান কাৰ্যসূচী ৷ কংগ্ৰেছৰ উপৰিও আন ৰাজনৈতিক দল তথা অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেইবাগৰাকীও নেতাই দেওবাৰে যোগদান কৰিব বিজেপিত ৷ কংগ্ৰেছৰ ৰাজীৱ ভৱন এৰি দেওবাৰে বিজেপিৰ বাজপেয়ী ভৱনত গেৰুৱা বসন পিন্ধিব কেইবাগৰাকীও কংগ্ৰেছী নেতাই ৷
বিজেপিত যোগদান কৰিবলগীয়া কংগ্ৰেছ নেতাৰ ভিতৰত প্ৰধানকৈ চৰ্চালৈ আহিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আৰু কংগ্ৰেছৰ পৰা বহিস্কৃত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ নাম ৷ এই দুয়োগৰাকী নেত্ৰীৰে বিজেপিত যোগদান প্ৰায় নিশ্চিত । যোৱা প্ৰায় দুবছৰ ধৰি কংগ্ৰছৰ দলীয় কাম-কাজত নিস্ক্ৰিয় ভূমিকা পালন কৰা দেখা গৈছিল বিস্মিতা গগৈক ৷
ইফালে প্ৰাক্তন অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত কেইমাহমান পূৰ্বে দলটোৰ পৰা বহিস্কৃত হৈছিল ৷ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিৰ্বাসনৰ বিৰুদ্ধে বিগত কৰ্ণাটক নিৰ্বাচনৰ সময়ত নিৰ্যাতনৰ অভিযোগ আনিছিল অংকিতাই ৷ ইফালে, ৰাহুল গান্ধীয়ে শেহতীয়াভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়চোৱাত, 18 জানুৱাৰীৰ দিনা মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত যাত্ৰাপথত কেম্প পাতি নিজৰ বাবে ৰাহুল গান্ধীৰ পৰা ন্যায় বিচাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছিল অংকিতা দত্তই ৷
অংকিতাৰ প্ৰয়াত দেউতাক অঞ্জন দত্ত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হোৱাৰ লগতে অসমৰ কংগ্ৰেছ চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীও আছিল ৷ এই প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "অংকিতা দত্ত বৰ্তমান কংগ্ৰেছ নেত্ৰী নহয় ৷ তেওঁক বহিষ্কাৰ কৰা হৈছে কেইবামাহৰ আগতেই ৷ বিজেপিৰ এজেণ্টৰূপে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাতো বাধা দিয়াৰ চেষ্টা চলাইছিল অংকিতাই ৷" উল্লেখযোগ্য যে, চৰকাৰী পৃষ্ঠপোষকতাত আৰক্ষীৰ নিৰাপত্তা লৈ ৰাহুল গান্ধীৰ যাত্ৰাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰা বুলি অংকিতাৰ বিৰুদ্ধে অভিযোগ তুলিছে ভূপেন বৰাই ।
সমান্তৰালভাৱে, বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা শংকৰ প্ৰসাদ ৰায়েও বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে ৷ অৱশ্যে এতিয়াও নিশ্চিত কৰা নাই ৰায়ে ৷ লগতে, সদৌ অসম ছাত্ৰ সন্থাৰ তিনিগৰাকীকৈ প্ৰাক্তন শীৰ্ষ পৰ্যায়ৰ নেতাই যোগদান কৰাৰ কথা চৰ্চাৰ তুংগত আছে । তাৰ ভিতৰত সংগঠনটোৰ প্ৰাক্তন সভাপতি দিপাংক নাথ আৰু প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসে দেওবাৰে বিজেপিত যোগদান কৰাটো নিশ্চিত ৷ আাছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথে দেওবাৰে বিজেপিত যোগদানৰ কথা নিশ্চিত কৰিছে ETV Bharat ৰ আগত ৷
যোৱা 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা সদ্য পদত্যাগী আছু নেতা প্ৰকাশ দাসে হাজো বিধানসভা সমষ্টিত আৰএছএছ আৰু বজৰং দলৰ সদস্যৰ সৈতে মুকলিকৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিজেপিত যোগদানৰ ইংগিত প্ৰদান কৰিছিল ৷ প্ৰায় এহাজাৰ লোকক লগত লৈ দেওবাৰে বাজপেয়ী ভৱনৰ যোগদান কাৰ্যসূচীলৈ আহিবলৈ প্ৰস্তুতি চলাইছে প্ৰকাশ দাসে । প্ৰাক্তন আছু নেতা তথা যোৱা বছৰ অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰা চিত্তৰঞ্জন বসুমতাৰীয়ে বিজেপিৰ সৈতে যোগদানৰ বাবে কথা-বতৰা অব্যাহত ৰাখিছে ৷ অৱশ্যে কাইলৈয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা নাই বসুমতাৰীৰ ৷
আনহাতে, সোমবাৰে বিজেপি চৰকাৰৰ অংশীদাৰ অসম গণ পৰিষদত যোগদান কৰিব কেইদিনমান পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ উক্তদিনা 3 বজাত অগপৰ আমবাৰীস্থিত কাৰ্যালয়ত আয়োজিত কৰা এক যোগদান কাৰ্যসূচীত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই যোগদান কৰিব বুলি নেতাগৰাকীয়ে নিজে ETV Bharat অসমৰ আগত নিশ্চিত কৰিছে ৷
ৰাহুল গান্ধীয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ঠিক পিছতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই যোগদান কাৰ্যসূচীয়ে অসমৰ ৰাজনীতিত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে ।
লগতে পঢ়ক: প্ৰসংগ: বিহাৰৰ ৰাজনীতি; আজি বিয়লি ৪ বজাত পাটনাত বিজেপি বিধায়িনী দলৰ বৈঠক

