ETV Bharat / state

প্ৰধানমন্ত্রীক দিয়া উপহাৰৰ সন্দৰ্ভত মুখ্যমন্ত্রীৰ পোষ্ট

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:25 PM IST

Balak Ram image gift to Modi
প্ৰধানমন্ত্রীক উপহাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

Balak Ram image gift to Modi: প্ৰধানমন্ত্ৰী মোদীক অসম চৰকাৰে প্ৰদান কৰিছিল বিশেষ উপহাৰ । উপহাৰটোৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মনৰ ভাৱ ।

গুৱাহাটী, ১০ মাৰ্চ: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম চৰকাৰে প্ৰদান কৰিছিল এক বিশেষ উপহাৰ । এই উপহাৰৰ প্ৰসংগত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে কাজিৰঙাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে যোৰহাটৰ মেলেং মেটেলী পথাৰত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰিছিল । উক্ত সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি উক্ত বিশেষ উপহাৰ প্ৰদান কৰিছিল ।

প্ৰধানমন্ত্ৰীক দিয়া সেই উপহাৰ সন্দৰ্ভত আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ মোদী পৰিয়ালে কালি যোৰহাটত উপহাৰ দিয়া ভগৱান ৰামলালাৰ এই ঐশ্বৰিক প্ৰতিচ্ছবিখন ৰাজ্যৰ হেৰাই যোৱা শিল্পৰূপসমূহ পুনৰ জীয়াই তোলাৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাস্তৱ প্ৰতিফলন । এনে এক উপহাৰ প্ৰধানমন্ত্ৰীলৈ মৰমৰ চিন হিচাপে দিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ ।’’

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘পুৰুষোত্তম প্ৰভুৰ এই নান্দনিক চিত্ৰখন প্ৰাচীন আহোম যুগৰ খাম শৈলীত অসম গৌৰৱ গঁড়ৰ গোবৰৰ কাগজ, পৰম্পৰাগত মুগা ৰেচম কাপোৰ আৰু সোণৰ ঢাকি থোৱা পাত ব্যৱহাৰ কৰি অংকন কৰা হৈছে । আহোম যুগৰ সময়ত খামৰ বহুল প্ৰচলন আছিল যদিও কালক্ৰমত ই প্ৰায় বিলুপ্ত হৈ পৰে । আজিৰ নৱপ্ৰজন্মৰ মাজত এই নান্দনিক কলাক অধিক জনপ্ৰিয় কৰাৰ দিশত আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ ।’’

অসমৰ পৰম্পৰাগত শৈলীক প্ৰতিফলিত কৰি ভগৱান ৰামলালাৰ ঐশ্বৰিক প্ৰতিচ্ছবিখন প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হয় । উল্লেখ্য যে শুকুৰবাৰে কাজিৰঙাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে নিশাটো কাজিৰঙাতে কটায় । শনিবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে হাতী ছাফাৰি আৰু জীপ ছাফাৰিৰে কাজিৰঙা অভয়াৰন্যৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত কটায় ।

কাজিৰঙাত প্ৰধানমন্ত্ৰীয়ে দুঘণ্টাৰো অধিক সময় অতিবাহিত কৰে । কাজিৰঙাৰ পৰা প্ৰধানমন্ত্ৰীয়ে অৰুণাচললৈ যায় আৰু অৰুণাচলৰ কাৰ্যসূচী সামৰি যোৰহাটলৈ আহে । যোৰহাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ।

আনহাতে প্ৰধানমন্ত্ৰীয়ে আহোমৰ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি লাচিত বৰফুকনৰ মহান গৌৰৱময় গাঁথা স্মৰণ কৰি মৈদাম তৰ্পণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । হোলোঙাপাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে মেলেং মেটেলি ৰাজহুৱা সভাত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৭ হাজাৰ ৫০০ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ।

লগতে প্ৰধানমন্ত্ৰীয়ে অসমবাসীক সম্বোধন কৰে । উক্ত সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি অসমত একেলগে ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত ৩৪,৭০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.