ETV Bharat / state

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 7:16 PM IST

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

CM Himanta Biswa Sarma : চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ বাবে সহজভাৱে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা বুলি মন্তব্য় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ২০২১ৰ ২ অক্টোবৰত আৰম্ভ হৈছিল মিছন বসুন্ধৰা ১.০ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী: মিছন বসুন্ধৰা ২.০ৰ সমাপ্তিৰ পিছতে শুক্ৰবাৰে মিছন বসুন্ধাৰ ৩.০ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে মিছন বসুন্ধাৰ ৩.০ৰ মুকলি কৰে । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে মিছন বসুন্ধৰা ৩.০ ত অসমৰ চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ বাবে সহজভাৱে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব । মিছন বসুন্ধৰা ৩.০ জৰিয়তে অসমৰ চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীক মাটিৰ পট্টা দিয়াৰ নিয়ম শিথিল কৰা হ'ব বুলিও তেওঁ কয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলক মিছন বসুন্ধাৰ ৩.০ জৰিয়তে মাটিৰ পট্টা দিয়াৰ নিয়ম শিথিল কৰা হ'ব । তেওঁ কয় যে মিছন বসুন্ধৰা ২.০ মাটিৰ পট্টাৰ বাবে আৱেদন কৰা লোকসকলে অসমত বসবাস কৰা তিনিটা প্ৰজন্ম থকা প্ৰমাণ পত্ৰ দিব লগা নিয়ম আছিল । যাৰ বাবে ১৩ লাখ লোকে আৱেদন কৰাৰ পিছত মাত্ৰ ২ লাখ লোকে মাটিৰ পট্টা লাভ কৰিছিল । ইয়াৰ‌ পৰা প্ৰমাণ হৈছিল যে এই প্ৰক্ৰিয়া যথেষ্ট নিকা আৰু স্বচ্ছ আছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে ২০২১ৰ ২ অক্টোবৰত মিছন বসুন্ধৰা ১.০ আৰম্ভ কৰে । এই অভিযানৰ প্ৰথম পৰ্যায়ত ৮,১৩,৯৮১ গৰাকী লোকে নিজৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিছিল । বিভাগটোৱে সকলো আৱেদন সময় নিৰ্ধাৰিতভাৱে নিষ্পত্তি কৰি ৫,৮২,৬৮৮ গৰাকী আবেদনকাৰীক উপকৃত কৰে ।

তেওঁ লগতে কয় যে ২০২২ৰ ২৪ নৱেম্বৰত চৰকাৰে মিছন বসুন্ধাৰ ২.০ মুকলি কৰে । এই‌ প্ৰক্ৰিয়াত একচনীয়া (বাৰ্ষিক পট্টা) আৰু চৰকাৰী মাটিত বাস কৰাসকলেও আবেদন কৰিব পাৰিছিল । মিছন বসুন্ধাৰ ২.০ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ ১৩৩১ বিঘা আৰু বৰাক উপত্যকাত ১ হাজাৰ ২১৪ বিঘা ভূমি বন্দোবস্তী কৰিব পৰা গৈছিল বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক:সামাজিক মাধ্যমত অত্যধিক জনপ্ৰিয়তাই বিপদ মাতিছে চৰকাৰী বিষয়াৰ: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.