গুৱাহাটী : "তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈ অভিলেখ গঢ়িছে নৰেন্দ্ৰ মোদীয়ে । ভাৰতক এতিয়া বিশ্বই শক্তিশালী ৰাষ্ট্ৰ হিচাপে স্বীকাৰ কৰে । এতিয়া আমাৰ দেশ অৰ্থনীতিত চতুৰ্থ স্থানত আছে ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্রীৰ দায়িত্ব লোৱা নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে মোদী চৰকাৰৰ ১১ বছৰীয়া সাফল্যৰ খতিয়ান দাঙি ধৰে ।

মোদী চৰকাৰৰ দিনত অসম বিকাশৰ পথত আগুৱাই গৈছে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয়, "বিগত ১১ বছৰত মোদী চৰকাৰে অসমক বহু প্ৰকল্প দিলে । ধলা-শদিয়াৰ মাজত দলং, বগীবিলৰ ৰে'ল আৰু ৰোড ব্ৰিজ, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ নিৰ্মাণ, কলিয়াভোমোৰাৰ ওপৰত দ্বিতীয়খন দলং, শুৱালকুছি-পলাশবাৰীৰ মাজত দলং নিৰ্মাণ, মাজুলী-যোৰহাটৰ মাজত দলং আদি প্ৰকল্পই অসমৰ যোগাযোগ ক্ষেত্রত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল । মোদীৰ প্ৰচেষ্টাত নুমলিগড় ৰিফাইনেৰীৰ ক্ষমতা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পালে । আনহাতে নুমলিগড় শোধনাগাৰলৈ পাৰাদ্বীপৰ পৰা তেল অনাৰ দুঃসাহসিক প্ৰচেষ্টাই মোদীয়ে অসমৰ প্ৰতি স্পষ্ট ধাৰণা দিলে । যিটো কোনেও কল্পনা কৰা নাছিল । টাটা ছেমিকণ্ডাক্টৰে অসমৰ উদ্যোগিক খণ্ডৰ বাবে বিকাশৰ পথ মুকলি কৰিলে । মোদী চৰকাৰে অসমক নতুন পৰিচয় দিলে ।"
On #11YearsOfSeva of Adarniya Shri @narendramodi ji led Union Govt, I held a press conference highlighting the unprecedented scale of achievements of the Govt and how Assam and the region has benefitted from Modi Ji's focus towards the North East.
— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
📍AB Vajpayee Bhawan, Guwahati pic.twitter.com/hsOF0MvAx8
মুখ্যমন্ত্রীয়ে লগতে কয়, "আজি অসমত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । বড়ো, কাৰ্বি, ডিমাছা, আদিবাসী চুক্তিৰ যোগেদি জনগোষ্ঠীয় লোকসকলৰ সশস্ত্র সংগ্ৰামৰ সামৰণি পৰিল । মোদী চৰকাৰে অসমক উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল । প্ৰতিটো ক্ষেত্রতে আজি অসম বিকাশৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে । অসমবাসীৰ সপোনক মোদী চৰকাৰে সিদ্ধিলৈ ৰূপান্তৰ কৰিলে ।"
चाहे विकास हो या विरासत , अगर आप कांग्रेस सरकार से तुलना करे तो हर मापदण्ड में आदरणीय @narendramodi जी भारत के नंबर 1 प्रधान मंत्री हैं । #11YearsOfSeva pic.twitter.com/kKytbpPNBr
— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
তেওঁ আৰু কয়, "অৰ্থনৈতিকভাৱে নতুন দিগন্ত কঢ়িযাই আনিব পৰা প্ৰকল্প আৰম্ভ কৰিলে । ডিফেন্স ক'ৰিডৰ নিৰ্মাণৰ প্ৰচেষ্টা, আই আই এম নিৰ্মাণৰ পদক্ষেপ মোদীৰ অসমৰ প্ৰতি থকা প্ৰেম-ভালপোৱা তথা শ্ৰদ্ধাৰ নিদৰ্শন । অসমীয়া ভাষাক নৰেন্দ্ৰ মোদীৰ শাসন কালত ধ্ৰুপদী ভাষাৰ মৰ্যদা দিয়াটো অসমৰ কাৰণে গৌৰৱৰ বিষয় ।"
"নৰেন্দ্ৰ মোদীৰ জৰিয়তে চৰাইদেউ মৈদামক ইউনেস্কোই স্বীকৃতি প্ৰদান কৰাটো অসমৰ কাৰণে অনন্য সফলতা । ইয়াৰ উপৰি আসমীয়া গামোচা আৰু বিহুক বিশ্ব পৰ্যয়ালৈ লৈ যোৱাটো নৰেন্দ্ৰ মোদীৰ শাসন কালত সম্ভৱ হোৱা এক সফলতা ।" মুখ্যমন্ত্রীয়ে কয় ।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিগত ৭৫ বছৰৰ তুলনা কৰিলে সকলো ক্ষেত্রতে মোদী প্ৰথম স্থানত আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ বছৰত অসমলৈ ৩৫ বাৰ অহা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী । মোদীৰ বাহিৰে কোনো কালেই কোনো এজন প্ৰধানমন্ত্ৰী কাজিৰঙাত নিশা কটোৱা নাছিল । অসমৰ পৰা দুবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ড° মনমোহন সিঙেও আনকি ইমানবাৰ অসমলৈ আহিবলৈ আগ্ৰহ দেখুওৱা নাছিল ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "মোদী চৰকাৰৰ যোৱা ১১ বছৰত ভাৰতৰ সংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সম্ভৱ হৈছে । আজি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি যিটো নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ লোৱাৰ সময়ত ভাৰত দহ নং স্থানত আছিল ।"
"দেশক ষাঠী বছৰে শাসন কৰা কংগ্ৰেছৰ দিনত সেনাৰ কৰণে বুলেত প্ৰুফ জেকেট পৰ্যন্ত নাছিল । আজি নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰত স্বদেশী উৎপাদনেৰে আত্মনিৰ্ভৰ হ'বলৈ সক্ষম হৈছে । ভাৰত আজি সামৰিক উপকৰণৰ ক্ষেত্ৰত ৰপ্তনিকাৰী দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । স্বদেশী প্ৰযুক্তিৰে উৎপাদিত ব্রহ্মমোছ, আকাশ মিছাইল ইয়াৰ জলন্ত উদাহৰণ ।"
"নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্যকালত ১৫ কোটি লোকে বিশুদ্ধ পানীৰ সুবিধা লাভ কৰিছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মধ্যভোগীৰ ফলত প্ৰকৃত হিতাধিকাৰীয়ে সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছিল । কিন্তু আজি ডিবিটিৰ জৰিয়তে প্ৰকৃত হিতাধিকাৰিয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । দেশৰ কৃষকসকলক ডিবিটিৰ জৰিয়তে কিষান সন্মান নিধিৰ আধাৰত ৩.৭০ কোটি টকা দি কৃষকৰ আয় বৃদ্ধি কৰা হৈছে ।'' তেওঁ কয় ।
As the Union Govt led by Adarniya Shri @narendramodi ji completes #11YearsOfSeva, I am addressing my media friends in Guwahati. https://t.co/PxxWUtyL5F
— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
মুখ্যমন্ত্রীয়ে লগতে কয়, "ইমানে নহয় মুদ্ৰা লোণ, উজলা আঁচনিৰ দৰে অভিলাষী আঁচনিসমূহে গৰিব লোকক বিশেষভাৱে উপকৃত কৰিছে । দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ১২ লাখ ৭৫ হাজাৰ টকা আয়ৰ ব্যক্তিলৈ আয় কৰ ৰেহাই দিয়া এক ঐতিসাহিক সিদ্ধান্ত । দেশৰ মহিলা শক্তিক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে দেশৰ সংসদত নাৰী শক্তি অধিনিয়ম বিল পাছ কৰি নিৰ্বাচনত ৩৩ শতাংশ সংৰক্ষণ কৰা মোদী চৰকাৰৰ সিদ্ধান্তই অদূৰ ভৱিষ্যতে মহিলাসকলক সম অধিকাৰ প্ৰদান কৰিব ।"
আজি আয়োজিত এই সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু ৰাজ্যিক মুখ্য মুখপাত্ৰ মনোজ বৰুৱা উপস্থিত আছিল ।