গুৱাহাটী: "অসমীয়াই নিজৰ সুৰক্ষাক লৈ আপোচ কৰিব নালাগিব । ধৰা পৰা বাংলাদেশীক বিতাড়ন কৰা হৈছে । কিন্তু বিদেশী বিতাড়নৰ বিৰোধিতা কৰিছে একাংশ অসমীয়াই ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।
মঙলবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলত অসমীয়াৰ সুৰক্ষাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এইদৰে কয় । ৰাইজৰ সহযোগ নহ'লে চৰকাৰে বহু কাম কৰিব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে গোৱালপাৰাৰ বনাঞ্চলৰ প্ৰসংগৰে এটা অঞ্চলত কিদৰে হিন্দুসকল সংখ্যালঘু হৈ পৰিল তাৰ উদাহৰণ দাঙি ধৰে ।
As the Union Govt led by Adarniya Shri @narendramodi ji completes #11YearsOfSeva, I am addressing my media friends in Guwahati. https://t.co/PxxWUtyL5F
— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
মুখ্যমন্ত্রীয়ে কয়, "বাঘবৰৰ পৰা নদীভংগা বুলি কৈ গোৱালপাৰাত সংস্থাপন দিয়াৰ ফলত হিন্দু প্ৰধান অঞ্চলটো মুছলমান প্ৰধান হৈ পৰিল । সেই সময়ত বনমন্ত্রী কোন আছিল সকলোৱে জানে । নদীভংগাৰ একো একোজন লোকক ১৫-২০ বিঘা মাটি দিয়া হ'ল । সেইখিনি লোক আঁতৰাই দিলে পুনৰ অঞ্চলটো হিন্দুপ্ৰধান হৈ পৰিব । ২০১৬ চনতে ৰাইজে কোৱা হ'লে তেতিয়াই আমি লোক অহাটো বন্ধ কৰিব পাৰিলোহেতেন । ন্যায়ালয়ৰ ৰায়ৰ পাছত বনাঞ্চলৰ বহু ঠাইত উচ্ছেদ কৰিব পাৰিম ।"
Yes @INCAssam LoP informed the Assembly how Pt Nehru facilitated illegal immigration from Bangladesh by not implementing the Immigrants (Expulsion from Assam) Act, 1950 pic.twitter.com/YFPiabNhYY
— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
মুখ্যমন্ত্রীয়ে লগতে কয়, "অসমীয়াৰ সুৰক্ষাৰ ক্ষেত্রত অসমীয়া নিজে জাগ্ৰত হ'ব লাগিব । আপোচ কৰিলে নহ'ব । আপোচ নকৰিলে আমাক সহায় কৰাৰ বাবে সকলো আছে । বাংলাদেশীক খেদি পঠিওৱাৰ ক্ষেত্রত অসমীয়াই বিৰোধিতা কৰে । জাতিটোৰ মাজত একতা থাকিলে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা বহুত সহায় পাব । বিদেশী খেদাৰ ক্ষেত্রত সোমবাৰে বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিৰোধিতা কৰিলে । কংগ্ৰেছৰ এই স্থিতিক কোনো সংগঠনে বিৰোধিতা নকৰিলে । এনে হ'লে আমাৰ ভৱিষ্যৎ অন্ধকাৰ হ'ব ।"
অসমত বাহিৰা শক্তিৰ প্ৰভাৱ থকা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অসমত ২৮৯৫ টা ফেচবুক একাউণ্ট ইছলামাবাদ, ঢাকা, ডুবাই, ৰিয়াধ আদিৰ পৰা এক্টিভ হৈ আছে । এইসকলেই কংগ্ৰেছৰ পোষ্টত লাইক, কমেণ্ট কৰি থাকে । বিপদঘণ্টা আহি আছে যদিও আমি গুৰুত্ব দিয়া নাই । অসমৰ চাৰিওফালে নিৰাপত্তাহীনতাৰ পৰিৱেশ আমি বুজি পোৱা নাই । অসমৰ প্ৰতি পাকিস্তান আৰু বাংলাদেশৰ ইণ্টাৰেষ্ট আছে । অসমীয়া একত্রিত হ'লে মোদী চৰকাৰৰ দিনত আমি বহুত কাম কৰিব পাৰিম ।"
Be it their State President, their supporter Harsh Mandar or “lawyers” who studied in fancy American schools- there is a complete pro Pakistan lobby in Assam Cong today. pic.twitter.com/MGoFGbizpF
— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
প্ৰসংগক্ৰমে মুখ্যমন্ত্রীয়ে কটন বিশ্ববিদ্যালয়ৰ সমীপত গো মাংস পেলোৱা ঘটনা সন্দৰ্ভত কয়, "এই ঘটনাৰ বিশেষ কোনো প্ৰতিক্ৰিয়া দেখা নগ'ল । ক'তো একো প্ৰতিবাদ নহ'ল । কিছুদিন পিছত কটনত গো মাংস খোৱাৰ কথা আহিব । সাহসেৰে কথা কোৱা লোকৰ সংখ্যা কমি আহিছে । এনে থাকিলে ২০ বছৰ পাছত কামাখ্যা মন্দিৰৰ সমীপত গো মাংস পেলাই যাব । আৰক্ষীয়ে কি কৰিব । আৰক্ষীয়ে এক্সন লৈ এনকাউণ্টাৰ কৰিলে বিৰোধিতা হ'ব । আৰক্ষীৰ অৱস্থা 'ঢোল' ৰ দৰে হৈছে । এক্সন ল'লেও বিপদ আৰু নল'লেও বিপদ । আৰক্ষীক দুই ফালৰ পৰা 'বাঁহ' দিয়া হয় । মই সাহস দি আছো বাবে অসম আৰক্ষীয়ে কাম কৰি আছে । আৰক্ষীক প্ৰয়োজনত গুলি চলাবৰ বাবে অসমৰ মানুহে দিব লাগিব ।"
এন আৰ চি প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিদেশী বহিষ্কাৰ কৰাৰ ক্ষেত্রত এন আৰ চিৰ কথা নাই । এন আৰ চিত নাম থাকিলেও বিদেশী স্বদেশী হৈ নাযায় । ন্যায়ালয়ে বিদেশী আঁতৰ কৰাৰ কথা কৈছে । বৰ্তমান ৩৫ জন ৰেডী হৈ আছে । পানীৰ বাবে পঠিয়াব পৰা নাই । এন আৰ চিক বেয়া কৰাটো কংগ্ৰেছে বিচাৰে । কংগ্ৰেছত কেইজনমান অধিবক্তা আছে আৰু এন আৰ চিৰ বাবে যিসকলে বাহিৰত প্ৰশিক্ষণ লৈ আহিছে । কংগ্ৰেছত দুজনমান মুখপাত্রও হৈ আছে ।"

কংগ্ৰেছৰ বিদেশীপ্ৰীতিৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়, "অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজমুখে স্বীকাৰ কৰিলে যে ১৯৫০ চনৰ বিদেশী বহিষ্কাৰৰ আইনখনৰ দ্বাৰা বিষ্ণুৰাম মেধিৰ দৰে নেতাই বিদেশী খেদিবলৈ আৰম্ভ কৰাত জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখনৰ আলমত বিদেশী বহিষ্কাৰ কৰিব নালাগে । ইয়াৰ দ্বাৰা নেহৰু বা কংগ্ৰেছৰ বিদেশীপ্ৰীতি তেতিয়াৰ পৰাই স্পষ্ট হৈ উঠিছে । আনহাতে অপাৰেশ্যন সেন্দূৰৰ পাছত কংগ্ৰেছে এটাই প্ৰশ্ন কৰি আছে যে ভাৰতৰ কিমান ক্ষতি হ'ল । পাকিস্তানৰ ক্ষতিৰ হিচাপ নলয় । যুদ্ধৰ পৰিৱেশ চলি আছে । ৰাহুল গান্ধীয়ে দেশখনক ভাল নাপায় । পাকিস্তানৰ কথা বেছিকৈ চিন্তা কৰে ।"
সাংসদ গৌৰৱ গগৈয়ে ক্ষমা খুজিবৰ বাবে কোৱা কথাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "মই ক্ষমা খোজাৰ কোনো কাম কৰা নাই । মোৰ ল'ৰা-ছোৱালী বিদেশী হৈ থকা নাই । যাৰ পৰিয়ালৰ চাৰিজনৰ তিনিজনেই বিদেশী । মই কিয় ক্ষমা খুজিম ?"
ৰাজ্যৰ বান পৰিস্থিতি প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিগত পাঁচ বছৰত মথাউৰি ভঙা নাই । তৰুণ গগৈৰ কাৰ্যকালত ব্ৰহ্মপুত্রত একেলগে ৫০ৰ অধিক মথাউৰি ভাঙিছিল । এতিয়া মথাউৰি ভঙাৰ কথা প্ৰায় শেষেই হৈ গ'ল । বানপানীৰ ক্ষয়-ক্ষতি বিগত পাঁচবছৰত বহুখিনি নিয়ন্ত্রণলৈ আহিল । বানপানীৰ পাছত আমি ক'ম যে বানপানী নিয়ন্ত্রণত আমি কিমান সফল হৈছো । বানৰ প্ৰথমটো ৱেভ হৈ গ'ল । চৰকাৰী মথাউৰি এটাও ভঙা নাই । বানৰ ধ্বংসলীলা বহুত কমিছে ।"
অসম বিধানসভাৰ প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "তেওঁ নিজৰ দলৰ বিধায়কসকলকে অপমান কৰিলে । তেওঁ ডাঙৰ মানুহৰ ল'ৰা । তেওঁ বৃটিছ সংসদৰ তুলনা কৰে ।"