এইবাৰ আৰম্ভ হ'ব বসুন্ধৰা ৩.০: ৰাজ্যিক কেবিনেটত অনুমোদন
Assam Cabinet 2024 : সোমবাৰে দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট । কেবিনেটত বসুন্ধৰা ৩.০-ৰ অধীনত নগৰীয়া অঞ্চলত থকা ভূমিহীন লোকসকলক আৰু ধৰ্মীয় অনুষ্ঠানসমূহক মাটিৰ পট্টা প্ৰদানত অনুমোদন জনোৱা হয় ।

Published : February 12, 2024 at 10:19 PM IST
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : সোমবাৰে অনুষ্ঠিত হয় অসম ৰাজ্যিক কেবিনেট । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক । এই কেবিনেটত কেইবাটাও নতুন সিদ্ধান্তত অনুমোদন জনোৱা হয় । তাৰে ভিতৰত এটা হৈছে অসম মালা ২.০-ৰ অধীনত নিৰ্মাণ কৰিবলগীয়া ১২ টা প্ৰকল্পৰ বাবে ধাৰ্য কৰা ১৫১০.৯৮ কোটি টকাৰ অনুমোদন ।
- " class="align-text-top noRightClick twitterSection" data="">
কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনায় যে অহা ১৬ ফেব্ৰুৱাৰীত ভূমিহীনক মাটিৰ পট্টা দিয়া আঁচনি বসুন্ধৰা ২.০ প্ৰক্ৰিয়াৰ অন্ত পৰিব । পৰৱৰ্তী সময়ত বসুন্ধৰা ৩.০ প্ৰক্ৰিয়া আৰম্ভ হ'ব । বসুন্ধৰা ৩.০-ৰ অধীনত নগৰীয়া অঞ্চলত থকা ভূমিহীন লোকসকলক আৰু ধৰ্মীয় অনুষ্ঠানসমূহক মাটিৰ পট্টা প্ৰদান কৰা হ'ব ।
সংবাদমেলত তেওঁ জনায় যে অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ ভূমিহীনক মাটিৰ পট্টা দিয়া আঁচনি বসুন্ধৰা ২.০ প্ৰক্ৰিয়াৰ অধীনত মাটিৰ পট্টা পোৱা লোকসকলক জিলাই জিলাই সভা পাতি মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলে মাটিৰ পট্টা বিতৰণ কৰিব । তেওঁ লগতে জনায় যে 'আপোন ঘৰ' আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে গৃহ ঋণৰ বাবে ৰাজ্য চৰকাৰে ৰেহাই দিবলগীয়া এই বছৰৰ ৩.৫ শতাংশ সুতৰ বাবে ধাৰ্য কৰা ১০৭.৩০ কোটি টকা কেবিনেটে মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কেবিনেটত অহা ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ অসমত অসম চৰকাৰৰ বিকাশৰ যাত্ৰা কাৰ্যসূচীতো অনুমোদন জনায় । এই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত ৰূপায়ণ হোৱা তথা ৰূপায়ণ হ'বলগীয়া ২৩ হাজাৰ কোটি টকাৰ ২,২৭৬ টা প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰা হ'ব । মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলে এই কাম সম্পাদন কৰিব বুলি সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় ।
লগতে পঢ়ক :এন আৰ চিৰ বাবে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ ২৭ লাখ লোকক লৈ উদ্বিগ্ন শাসক-বিৰোধী

