ETV Bharat / state

কেনেদৰে, কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী 'মইনা' আঁচনিৰ সুবিধা ? - Moina scheme in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 7:02 AM IST

Moina Scheme 2024 : ২০২৪-২৫ বিত্তীয় বর্ষৰ বাজেটত লোৱা হৈছে ‘‘মুখ্যমন্ত্রী নিযুত মইনা’’ আঁচনিখন । যিখন আঁচনি পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ৷ কেনেদৰে আৰু কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা, জানো আহক...

Moina Scheme 2024
২০২৪-২৫ বিত্তীয় বর্ষৰ বাজেটত ‘‘মুখ্যমন্ত্রী নিযুত মইনা’’ আঁচনিখন

গুৱাহাটী, ৫ মাৰ্চ : শিক্ষাৰ্থী বিশেষকৈ ছাত্রীসকলৰ বাবে ৰাজ্য চৰকাৰৰ এটা উল্লেখযোগ্য আঁচনি হৈছে ‘‘মুখ্যমন্ত্রী নিযুত মইনা আঁচনি’’ । ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন কৰা হৈছে । পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ২০২৪-২৫ বিত্তীয় বর্ষৰ বাজেটত ‘‘মুখ্যমন্ত্রী নিযুত মইনা’’ আঁচনিখন লোৱা হৈছে ।

Moina Scheme 2024
কেনেদৰে, কোনে, কেনেকৈ লাভ কৰিব চৰকাৰী 'মইনা' আঁচনিৰ সুবিধা ?

এই আঁচনিখনৰ অধীনত ১০ লাখ ছাত্রীক নামভর্তিৰ ক্ষেত্রত উদগনি হিচাপে ৰাজ্য চৰকাৰে বিত্তীয় অনুদান আগবঢ়াব । যাতে ছাত্রীসকলে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পর্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে । এই আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰে ২৪০ কোটি টকা ব্যয় ধাৰ্য কৰিছে ।

Moina Scheme 2024
চৰকাৰী 'মইনা' আঁচনি

এই আঁচনিখনৰ লক্ষ্য হৈছে ছাত্রীসকলক আৰ্থিক অনুদান প্ৰদান কৰা । বিশেষকৈ বাল্য বিবাহৰ অন্ত পেলাবলৈ তথা জীৱনৰ সিদ্ধান্ত ল’ব পৰাকৈ ছোৱালীক ক্ষমতা প্ৰদানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে । এই আঁচনিৰ যোগেদি চৰকাৰে প্ৰথম পৰ্যায়ত ১০ লাখ ছাত্ৰীক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে শিক্ষা অব্যাহত ৰাখিবলৈ আৰ্থিকভাৱে সহায় কৰিব ।

Moina Scheme 2024
‘মুখ্যমন্ত্রী নিযুত মইনা’’ আঁচনি

আঁচনিখনত কি সুবিধা আছে আৰু কিদৰে পাব :

শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীক সবলীকৰণৰ বাবে চৰকাৰে আৰম্ভ কৰা ‘‘মুখ্যমন্ত্রী মইনা নিযুত আঁচনি’’ৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে ইয়াৰ অফিচিয়েল পৰ্টেলৰ পৰা অনলাইন আবেদন কৰিব পাৰিব । আঁচনিখনৰ যোগেদি মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্রীসকলে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ বাবে লাভ কৰিব ১০ হাজাৰ টকা । সেইদৰে স্নাতকত নামভৰ্তিৰ বাবে ছাত্রীসকলে লাভ কৰিব ১২৫০০ টকা ।

আনহাতে, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীসকলে লাভ কৰিব ১৫ হাজাৰ টকা । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী নিযুত মইনা আঁচনি এক স্বতন্ত্ৰ তথা সুকীয়া আচঁনি । ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে উপলব্ধ সুবিধাসমূহৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে ।

বিনামূলীয়া নামভর্তি, স্কুটী প্রদান আদিৰ দৰে বর্তমানে প্রদান কৰি থকা সুবিধাসমূহৰ ওপৰিঞ্চি হিচাপে এই সুবিধা আগবঢ়োৱা হৈছে । এই আঁচনিখনৰ সুবিধা লাভৰ বাবে ছাত্রীগৰাকী অসমৰ বাসিন্দা হ’ব লাগিব । আনহাতে, আবেদনকাৰী ছাত্রীগৰাকী চৰকাৰী বিদ্যালয় নাইবা মহাবিদ্যালয়ৰ ছাত্ৰী হ’ব লাগিব ।

এই আঁচনিৰ বাবে কেৱল ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব । ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগিব । কেৱল অবিবাহিত ছাত্ৰীয়েহে এই আচঁনি‌ৰ বাবে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক : পাৱাৰলুমৰ গামোচা বিচাৰি ফাঁচী বজাৰত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ অভিযান - Powerloom Gamocha in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.