কেন্দ্ৰীয় চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেটক আদৰণি ৰাজ্যিক বিজেপিৰ
Assam BJP: বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটখনক আদৰণি জনাইছে অসম বিজেপিয়ে ৷ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কয় যে এই বাজেটখন সৰ্বসাধাৰণ জনতাৰ বাবে কল্যাণকামী আৰু জনমুখী বাজেট ৷

Published : February 1, 2024 at 10:35 PM IST
গুৱাহাটী, ১ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে দাখিল কৰিলে 2024 ৰ অন্তৱৰ্তীকালীন বাজেট ৷ বিকশিত ভাৰতৰ লক্ষ্যৰে সংসদৰ মজিয়াত দাখিল কৰা উক্ত বাজেটক আদৰণি জনাইছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।
এক প্ৰেছ বিবৃতিযোগে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্য আগত ৰাখি সংসদত উত্থাপন কৰা কেন্দ্ৰীয় চৰকাৰৰ জনমুখী বাজেটখনে দেশৰ আৰ্থিক বিকাশক অধিক ত্বৰান্বিত কৰি তোলাৰ লগতে দেশৰ অৰ্থনৈতিক ভৱিষ্যত সু-নিশ্চিত কৰি তুলিব । কলিতাই লগতে কয় যে বাজেট অনুসৰি আন্তঃগাঁথনি খণ্ডত ১১ লাখ ১১ হাজাৰ ১১১ কোটি টকা ব্যয় কৰা হ’ব ৷
তদুপৰি নতুন কৰ নীতিৰ জৰিয়তে ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হ’ব, ২ কোটি নতুন চৰকাৰী ঘৰৰ নিৰ্মাণ কৰা হ’ব, দেশৰ ৩ কোটি মহিলাক লাখপতি বাইদেউ নতুন আঁচনিৰ অন্তৰ্ভূক্ত কৰা হ’ব, ১ কোটি পৰিয়ালক সৌৰশক্তিৰ দ্বাৰা ৩০০ ইউনিটকৈ বিনামূলীয়া বিজুলী যোগান ধৰা হ’ব, ৮৩ লাখ আত্মসহায়ক গোটৰ দ্বাৰা উপকৃত হব ৯ কোটি মহিলা, ৩ হাজাৰ নতুন আই টি আই স্থাপন কৰা হ’ব ৷
আজি দাখিল কৰা বাজেটখনৰ প্ৰশংসা কৰি তেওঁ কয় যে ১৫ খন নতুন এইমছ স্থাপন, নতুন চিকিৎসালয় স্থাপন কৰা হ’ব ৷ মীন পালন, পৰ্যটন ক্ষেত্ৰত, যুৱ শক্তিৰ বিকাশ, মহিলাসকলৰ বিকাশ, গৰীৱ কল্যাণ, কৰ্ম সংস্থাপন, কৃষি উন্নয়ন, উদ্যোগ ক্ষেত্ৰৰ উন্নয়ন, জনজাতীয় লোকৰ বিকাশৰ উন্নয়ন, ৰে’লৱে, যোগাযোগ, নতুন আই টি আই, নতুনকৈ এইমছ, নতুন বিশ্ববিদ্যালয়, শিক্ষা উন্নয়নৰ বাবে নতুন প্ৰকল্প বাজেটত ধাৰ্য কৰা হৈছে ।
এক প্ৰকাৰে বাজেটখন সমগ্ৰ দেশৰ সৰ্বসাধাৰণ জনতাৰ বাবে এখন কল্যাণকামী আৰু জনমুখী বাজেট বুলি উল্লেখ কৰে ভৱেশ কলিতাই । দেশবাসীক এনে এখন জনমুখী বাজেট প্ৰদান কৰাৰ বাবে ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন জনায় ।
লগতে পঢ়ক: বাজেটত অপৰিৱৰ্তিত কৰৰ হাৰ, বিত্তীয় ঘাটিৰ সংশোধিত পূৰ্বানুমান জিডিপিৰ 5.8 শতাংশ

