অসমৰ ভূমি দখল কৰি অৰুণাচলৰ পকী পথ নিৰ্মাণ
সীমান্তৰ বিবদমান অঞ্চলত গোপনে পকী পথ নিৰ্মাণ কৰিলে অৰুণাচলে । শীঘ্ৰে পথ নিৰ্মাণ বন্ধ কৰাৰ দাবী আছুৰ ।

Published : August 31, 2025 at 5:22 PM IST
জোনাই : অসম চৰকাৰে বিভিন্ন পদক্ষেপ লৈ সীমান্ত বিবাদ সমাধানৰ প্ৰচেষ্টা চলাই থকাৰ দাবী কৰিছে । তাৰ মাজতে চুবুৰীয়া ৰাজ্যৰে এই সমস্যা দিনক দিনে বাঢ়ি গৈ আছে । এফালে মিজো আৰু নগাৰ আগ্ৰাসন চলিয়ে আছে । তাৰ মাজতে অৰুণাচলীও সুযোগ লৈছে । অসম চৰকাৰ আৰু জোনাই প্ৰশাসনৰ অজ্ঞাতে অৰুণাচলে সীমান্তৰ বিবদমান এলেকাত নিৰ্মাণ কৰিলে পকী পথ । অসম চৰকাৰৰ অনুমতি অবিহনে অৰুণাচলী ঠিকাদাৰ আৰু অৰুণাচল প্ৰশাসনে বিবদমান অঞ্চলত গোপনে নিৰ্মাণ কৰিলে পকী পথ । যাক লৈ সীমান্ত অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বিষয়টোক লৈ শংকিত হৈ পৰিছে সীমান্তত থকা অসমৰ গ্ৰামাঞ্চলৰ ৰাইজ ।
উল্লেখ্য বিগত জুলাই মাহতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিবদমান অঞ্চল ৰুকচিন সীমান্তত অৰুণাচলী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে যো-জা কৰাৰ সময়তে জোনাইৰ স্থানীয় প্ৰশাসনে বাধা আৰোপ কৰিছিল । লগতে সাময়িকভাৱে পথ নিৰ্মাণৰ কাম স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল । অৰুণাচল আৰু অসমৰ স্থানীয় প্ৰশাসনৰ মাজত মীমাংসা নোহোৱা পৰ্যন্ত সীমান্তৰ এই বিবদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ ৰখাৰো নিৰ্দেশ দিয়া হৈছিল । কিন্তু এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই অৰুণাচল চৰকাৰৰ আবণ্টিত পুঁজিৰে অৰুণাচলী ঠিকাদাৰে পুৱতি নিশা নিৰ্মাণ কৰিছে পকী পথ ।
অৰুণাচলী ঠিকাদাৰৰ এই কাণ্ডত আতংকিত হৈ পৰিছে লক্ষী নেপালী বস্তি নামৰ গাঁওখনৰ ৰাইজ । গাঁওখনৰ এগৰাকী মহিলাই কয়,"এইটো অৰুণাচলে বনাইছে । পুৱতি নিশাতে আহে আৰু ৰাস্তা বনায় । আগৰফালে বনাওতে ধৰিছিল কিন্তু পিছত আহি আকৌ ইয়াত বনাইছে । গাঁৱৰ মানুহখিনিক কৈছিলো অসমৰ ফালে ৰাস্তাতো বেছিকৈ গৈছে কিন্তু কোনেও গুৰুত্ব নিদিলে । আমি এই ৰাস্তাকলৈ সন্তুষ্ট নহয় ।"
ইফালে অৰুণাচলে অসমৰ ভূমি দখলৰ এনে অভিসন্ধিক জোনাই আছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে । ৰাজ্য দুখনৰ চৰকাৰ তথা প্ৰশাসনৰ আলোচনা অবিহনে বিবদমান অঞ্চলত পকী পথ নিৰ্মাণৰ কাম অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই । অৱশ্যে এনে ঘটনাৰ পিছতো দুয়োখন ৰাজ্যৰে স্থানীয় প্ৰশাসনৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই ।
লগতে পঢ়ক :খেতিৰ ভাগ লাগে নগাক; সীমান্তৰ আদিবাসী লোকক হাৰাশাস্তি - NAGA AGGRESSION

