ETV Bharat / state

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে বুজাবুজিৰ চেষ্টা কৰিম: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:11 PM IST

APCC President Bhupen Bora : "বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলোৰে শুভবুদ্ধি উদয় হ'ব বুলি মই আশাবাদী । আমি ঐকমত্যত উপনীত হ'ব লাগিব । বিজেপি-বিৰোধী ভোট যাতে আমি ৰোধ কৰিব পাৰো তাৰ বাবে মই মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে বুজাবুজি কৰাৰ চেষ্টা কৰিম ।" আপৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয় ।

আপৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ

বিহপুৰীয়া, 8 ফেব্ৰুৱাৰী : অসমত কংগ্ৰেছৰ সৈতে ইণ্ডি মিত্ৰজোঁটত থকা আম আদমি পাৰ্টীয়ে বৃহস্পতিবাৰে ৰাজ্যৰ তিনিখন লোকসভা আসনত আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই । আপৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত ভূপেন বৰাই কয় যে বিজেপিক প্ৰতিহত কৰাৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ দৰে অসমতো কংগ্ৰেছ তথা আপ মিত্ৰজোঁটত আছে ।

২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে এই মিত্ৰতা থাকিব । এই বিৰোধী মিত্ৰতা প্ৰত্যেকটো দলৰ সৈতে আলোচনামৰ্মে কৰা হৈছে । এই দুটা নিৰ্বাচনত বিৰোধী দলসমূহে সন্মিলিতভাৱে যুঁজাৰ এক বুজাবুজি আছে । কিন্তু এইটো যিহেতু সাধাৰণ নিৰ্বাচন, সেয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত ৰাজ্যিক নেতাসকল নিৰ্ভৰশীল বুলি মন্তব্য কৰে ভূপেন বৰাই ।

তেওঁ কয় যে আপৰ ৰাজ্যিক নেতা ভৱেন চৌধুৰীৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা হৈছে । কিন্তু আপৰ ফালৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বই যি তিনিজন প্ৰাৰ্থী ঘোষণা কৰিছে সেইটো তেওঁলোকৰ দলৰ সিদ্ধান্ত । এই কথাত তেওঁৰ বিশেষ ক'বলগীয়া নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমৰ চাৰিসীমাৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰৰ শেষৰ দিনলৈকে চেষ্টা কৰিব যাতে তেওঁলোকে বুজাবুজিৰে নিৰ্বাচন খেলিব পাৰে ।

তেওঁ কয়, "এইক্ষেত্ৰত মই আশা নেৰোঁ, মই আশা পুহি ৰাখিম । বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলোৰে শুভবুদ্ধি উদয় হ'ব বুলি মই আশাবাদী । আমি ঐকমত্যত উপনীত হ'ব লাগিব । বিজেপি-বিৰোধী ভোট যাতে আমি ৰোধ কৰিব পাৰোঁ তাৰ বাবে মই মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে, শেষ মুহূৰ্তলৈকে আমি কিবা বুজাবুজি কৰিব পাৰোঁ নেকি চেষ্টা চলাম ।"

উল্লেখ্য যে বৃহস্পতিবাৰে আম আদমী পাটীয়ে অসমৰ তিনিটাকৈ সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত দলটোৱে এই ঘোষণা কৰে ৷ এই প্ৰকাশিত তালিকাত অসমৰ তিনিখনকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব আপে ৷ সমষ্টিকেইটা হৈছে ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ ৷

আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সন্দীপ পাঠকে প্ৰাৰ্থী তালিকা ঘোষণা কৰি কয় যে লোকসভা নিৰ্বাচনৰ বাবে মাজত আৰু বেছি সময় নাই । সেয়ে এইক্ষেত্ৰত যথেষ্ট প্ৰস্তুতি চলাব লাগিব । বৃহস্পতিবাৰে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি, গুৱাহাটীত দলটোৰ প্ৰাৰ্থী হ'ব ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী ৷ আনহাতে, ডিব্ৰুগড়ত দলৰ প্ৰাৰ্থী হ'ব মনোজ ধানোৱাৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত ঋষিৰাজ কৌন্দিন্য ৷

আনহাতে, বিজেপি চৰকাৰে অভিন্ন নাগৰিক সংহিতা আনিব বিচৰা প্ৰসংগৰ ওপৰতো মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :ইণ্ডি মিত্ৰজোঁটত ফাঁট ! অসমৰ ৩ লোকসভা আসনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.