ETV Bharat / state

লখিমপুৰত অনুসূচীত জাতি যুৱ ছাত্র পৰিষদৰ মটৰ চাইকেল সমদল

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 3:56 PM IST

Protest in Lakhimpur : লখিমপুৰত অনুসূচীত জাতি যুৱ ছাত্র পৰিষদৰ মটৰ চাইকেল সমদল। স্বায়ত্ত শাসন প্ৰদানকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ দাবী।

Protest in Lakhimpur
লখিমপুৰত প্ৰতিবাদ
অনুসূচীত জাতি যুৱ ছাত্র পৰিষদৰ মটৰ চাইকেল সমদল

লখিমপুৰ, 31 জানুৱাৰী : বুধবাৰে লখিমপুৰত সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধান কৰাৰ দাবীত মটৰ চাইকেল সমদল বাহিৰ কৰে ৷ স্বায়ত্ত শাসন প্ৰদান কৰাকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ দাবীত পৰিষদে বাহিৰ কৰে এই মটৰ চাইকেল সমদল ৷

অনুসূচীত জাতিক স্বায়ত্ত শাসন প্ৰদান কৰা, ছাত্ৰ জলপানি নিয়মীয়া কৰা, বেকলগ পদ পূৰণ কৰা, বিসংগতিপূৰ্ণ মিছন ভূমিপুত্ৰ বাতিল কৰা আদিৰ দাবীত পৰিষদে এই মটৰ চাইকেল সমদল কৰে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি লখিমপুৰ জিলা সমিতিয়ে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ মটৰ চাইকেল সমদলৰ লগতে সংগঠনটোৱে পথ সভাও অনুষ্ঠিত কৰে ৷

সমদলত অংশগ্ৰহণ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক ক্ষীৰেণ দাসে পথ সভাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, অসমৰ 50 লাখ অনুসূচীত জাতিৰ লোকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বঞ্চনা কৰি আহিছে ৷ অনুসূচীত জাতিৰ বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনাই অহাৰ পাছতো আজিলৈকে চৰকাৰে এই ক্ষেত্ৰত অলপো গুৰুত্ব নিদিলে বুলি ক্ষোভ উজাৰে সংগঠনটোৰ বিষয়ববীয়া গৰাকীয়ে ৷

লগতে অনুসূচীত জাতিক চৰকাৰে চৰম বঞ্চনা কৰিছে বুলি ক্ষোভ উজাৰি তেওঁ কয় যে, যদি অতি কম দিনৰ ভিতৰত চৰকাৰে অনুসূচীত জাতিৰ বিভিন্ন সমস্যাসমূহ সমাধান নকৰে তেন্তে সমাগত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব ৷ অনুসূচীত জাতি অধ্যূষিত অঞ্চলসমূহত ভোট বৰ্জন কৰি ৰাইজে চৰকাৰক এই বঞ্চনাৰ উত্তৰ দিব বুলিও তেওঁ চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক : কা বলৱৎ কৰিলে আন্দোলনৰ জৰিয়তে প্ৰাণ দিব অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.