ETV Bharat / state

গুৰুজনাৰ মৰ্যাদা লাঘৱৰ গভীৰ ষড়যন্ত্র চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : এজেপি

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 3:47 PM IST

Lurinjoyti Gogoi press meet : সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ । আৰ এছ এছ আৰু বিজেপিৰ গোপন এজেণ্ডাৰ অংশস্বৰূপে অসমত চলিছে বৰ্ণবাদী চিন্তাৰ উন্মেষ। বিজেপি ক্ষমতালৈ অহাৰ পিচত শংকৰদেৱৰ দর্শন-আদর্শ বা বৈষ্ণৱ পন্থাক লৈ কিছুমানে প্রায়ে আপত্তিজনক বক্তব্য প্ৰদান কৰা বা তুচ্ছ-তাচ্ছিল্য কৰিবলৈ লৈছে । মুখ্যমন্ত্রীৰ উদ্দেশ্য হৈছে হিন্দুত্ববাদৰ প্ৰবক্তা আৰ এছ এছৰ পৰিকল্পনাক বাস্তবায়ন কৰা। চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ঠাইত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে অসম বৈভৱ বঁটা প্ৰৱৰ্তন কৰাটো গুৰুজনাৰ মৰ্যাদা হানিৰ নিকৃষ্ট ষড়যন্ত্ৰ।

Lurinjoyti Gogoi press meet
গুৰুজনাৰ মৰ্যাদা লাঘৱৰ গভীৰ ষড়যন্ত্র চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : এজেপি
গুৰুজনাৰ মৰ্যাদা লাঘৱৰ গভীৰ ষড়যন্ত্র চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : এজেপি

গুৱাহাটী, 30 জানুৱাৰী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৰ্যাদা লাঘৱ কৰাৰ গভীৰ ষড়যন্ত্র চলাইছে । এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ । মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

তেওঁ লগতে অভিযোগ কৰি কয় যে আৰ এছ এছ আৰু বিজেপিৰ গোপন এজেণ্ডাৰ অংশস্বৰূপে অসমত চলিছে বৰ্ণবাদী চিন্তাৰ উন্মেষ । শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা বুলি সদৰী কৰি তেওঁ কয় যে জাতিৰ সাংস্কৃতিক নৱজাগৰণৰ বুনিয়াদ গুৰুজনাই ৰচনা কৰিছিল । 14 শ শতিকাত যেতিয়া চৌদিশে বর্ণবাদ, জাতিভেদ প্রথা আৰু কুসংস্কাৰে ছানি ধৰিছিল তেতিয়া মহাপুৰুষজনাই এক শৰণ নাম ধর্ম প্ৰতিষ্ঠা কৰি শান্তি আৰু সম্প্ৰীতিৰ বাণী বিলাইছিল ।

তেওঁ লগতে কয় যে, মহাত্মা গান্ধী অসমলৈ আহোতে শ্রীমন্ত শংকৰদেৱৰ ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কৈছিল । সেই সময়ত দেশৰ অন্যান্য প্ৰান্তত চৈতন্য মহাপ্রভু, সন্ত কবীৰ, গুৰু নানক আদি গুৰুসকলেও বর্ণবাদী চিন্তা-চেতনাৰ বিপৰীতে এক সুসম সমাজ গঢ়াৰ আন্দোলন আৰম্ভ কৰিছিল আৰু যাক ভক্তি আন্দোলন বুলি কোৱা হয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেই ভক্তি আন্দোলনৰে এগৰাকী অন্যতম গুৰু হিচাপে বিশ্বস্বীকৃত। কিন্তু অতি পৰিতাপৰ কথা যে সেইগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক গৌণ কৰি, তাক পৰোক্ষভাৱে হত্যা কৰি, অসমীয়া জাতীয় চেতনাটোকে নিঃশেষ কৰি এক অতি পৰিকল্পিত ষড়যন্ত্ৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলাই গৈ আছে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁ কয় যে, চৰকাৰৰ এই ষড়যন্ত্র অসমৰ বহু সাধাৰণ মানুহে এতিয়াও ধৰিব পৰা নাই। আনকি মহাপুৰুষজনাৰ চিন্তা-চেতনাৰ অন্যতম প্রাণকেন্দ্ৰ স্বৰূপ মাজুলীতো গুৰুজনাৰ দর্শন তথা আদর্শ ক্রমাগতভাৱে বৃহৎ প্ৰত্যাহ্বানৰ মুখত পৰাটো পৰিলক্ষিত হৈছে । বিজেপি ক্ষমতালৈ অহাৰ পিছত আজিকালি শ্ৰীমন্ত শংকৰদেৱৰ দর্শন-আদর্শ বা বৈষ্ণব পন্থাক লৈ কিছুমান মানুহে প্রায়ে কিছুমান আপত্তিজনক বক্তব্য প্ৰদান কৰা বা তুচ্ছ-তাচ্ছিল্য কৰিবলৈ লৈছে। আগতে অসমত এনে পৰিৱেশ দেখিবলৈ পোৱা নগৈছিল বুলি সদৰী কৰি তেওঁ উদাহৰণসহ কয় যে 2022 চনৰ অক্টোবৰ মাহত মাজুলীৰ শ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে মহাপুৰুষজনা 'গুৰু নহয়, এগৰাকী খেলুৱৈহে আছিল' বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তাৰ আগে-পিছে আন বহু ব্যক্তিয়ে এনে ধৰণৰ বক্তব্য প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে।

তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱক লৈ এনে ধৰণৰ বিতৰ্কৰ সূত্ৰপাত কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । 2018 চনৰ 31 মে’ত মহাপুৰুষ মাধৱদেৱৰ 530 সংখ্যক জন্মজয়ন্তী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘই নাৰায়ণপুৰত আয়োজন কৰা অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধবদেৱে অসমত হিন্দুত্ববাদৰ প্ৰচাৰ-প্ৰসাৰৰ কাম কৰিছিল বুলি মন্তব্য কৰিছিল । যাক কেন্দ্ৰ কৰি চৌদিশে বিতর্ক হৈছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘকে ধৰি সকলো জাতীয় দল-সংগঠনে তাৰ বিৰোধিতা কৰিছিল ।

হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ মন্ত্ৰণা মৰ্মে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ ঠাইত বিজেপি-আৰ এছ এছৰ বৰ্ণবাদী দর্শনক প্রতিষ্ঠা কৰোৱাৰ উদ্দেশ্যে অতি পৰিকল্পিত কৌশল হিচাপে উক্ত বক্তব্য প্ৰদান কৰিছিল বুলি সকলোৱে কৈছিল । যাতে বিষয়টোক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটে আৰু অসমত শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ ওপৰত প্রশ্ন উত্থাপন কৰাৰ এক পৰিৱেশৰ সূচনা হয়। তেওঁলোকৰ পৰিকল্পনাই কাম দিলে বুলি সদৰী কৰি তেওঁ কয় যে, সেই বিতর্ক চৌদিশে চলিল আৰু আজি তাৰ ফল আমি দেখিছো । যাৰ যেতিয়া ইচ্ছা তেতিয়াই শ্ৰীমন্ত শংকৰদেৱ আৰু বৈষ্ণব আদৰ্শক প্ৰশ্ন কৰিব পৰা হ'ল ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নিজে হিন্দুত্ববাদৰ পোষক বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ উদ্দেশ্য হৈছে হিন্দুত্ববাদৰ প্ৰৱক্তা আৰ এছ এছৰ পৰিকল্পনাক বাস্তবায়ন কৰা । তেওঁ লগতে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বা আৰ এছ এছ তথা বিজেপিৰ হিন্দুত্ববাদ বর্ণবাদী, অস্পৃশ্যবাদী দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। এই সন্দৰ্ভত উদাহৰণসহ তেওঁ কয় যে 26 ডিচেম্বৰৰ দিনা মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ অফিছিয়েল ফেচবুক আৰু এক্স হেণ্ডলৰ পৰা এটা বাণী প্রচাৰ কৰিছিল য'ত কোৱা হৈছে যে ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ সেৱা-সৎকাৰ কৰাটোহে শূদ্ৰসকলৰ ধৰ্ম। অসমত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিচৰে পৰা কেনেকৈ অসমীয়া ভাষা-সংস্কৃতিক দুৰ্বল কৰাৰ কৌশলগত প্রয়াস চলাই থকা হৈছে সেয়া সকলোৰে চকুৰ আগত বুলি তেওঁ লগতে কয়। চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ সাত হাজাৰতকৈ অধিক বিদ্যালয় বন্ধ কৰি দিয়া আৰু ৰাজ্যজুৰি ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন তথা বিস্তাৰত উদগণি যোগোৱাটো তাৰ অন্যতম উদাহৰণ বুলি তেওঁ কয়।

চৰকাৰখনে গুৰুজনাৰ মৰ্যাদা লাঘৰ কৰাৰ আন এটা উদাহৰণ দাঙি ধৰি তেওঁ চৰকাৰীভাৱে প্ৰদান কৰি অহা শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ প্ৰসংগ উল্লেখ কৰে। প্ৰফুল্ল মহন্তৰ দিনত প্ৰৱৰ্তন কৰা এই বঁটাতো প্ৰতি বছৰে দিয়া হৈছিল যদিও 2008 চনত সেই সময়ৰ তৰুণ গগৈ চৰকাৰে বঁটাটো এবছৰীয়াৰ ঠাইত তিনি বছৰীয়া কৰে। সেই অনুসৰি 2020 চনলৈ 3 বছৰৰ মূৰে মূৰে হ'লেও বঁটাটি প্ৰদান কৰি থকা হৈছিল । কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ঠাইত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে অসম বৈভৱ বঁটা প্ৰৱৰ্তন কৰে ৷ এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৰ্যাদা হানিৰ নিকৃষ্ট ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলি তেওঁ অভিযোগ কৰে। গুৰুজনাই সৃষ্টি কৰা অসমৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক দৰ্শনৰ পৰিপন্থী মানসিকতা চৰকাৰৰ শেহতীয়া কাম-কাজবোৰত প্ৰতিফলিত হৈছে বুলি সদৰী কৰি তেওঁ কয় যে, এয়া আমাৰ সমন্বয়ৰ বাবে ই এক বৃহৎ প্রত্যাহ্বান। শংকৰদেৱ গুৰুজনাই মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱসহ আন গুৰুসকলক লৈ অসমত যি সমন্বয়ৰ সাতৰঙী ৰামধেনু সদৃশ উদাৰ জাতিসত্বা গঠনৰ বুনিয়াদ ৰচনা কৰিছিল তাক সুৰক্ষিত কৰি ৰখাটো গুৰুজনাক সন্মান কৰা প্ৰতিজন অসমীয়াৰ পবিত্ৰ কৰ্তব্য বুলি আমি অনুভৱ কৰো । শংকৰ-মাধৱৰ উদাৰ আৰু মানৱতাবাদী দৰ্শনৰ সন্মুখত আহি পৰা এই প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে একত্ৰিতভাৱে অসমৰ সকলো জাতি, ধর্ম, বৰ্ণৰ লোকে যুঁজ দিব লাগিব বুলি তেওঁ লগতে কয় ।

তেওঁ লগতে কয় যে, আমি গুৰুজনাৰ এই সমদর্শী আধ্যাত্মিক, সাংস্কৃতিক জাতীয় চিন্তাচেতনাক শিৰত লৈ আমাৰ জাতীয় ৰাজনৈতিক যাত্ৰা আগুৱাই নিবলৈ অংগীকাৰবদ্ধ। এইক্ষেত্রত সকলো অসমপ্ৰেমী ৰাইজৰ আশীষ আৰু সহযোগ আমাৰ কাম্য বুলি তেওঁ কয় । সংবাদমেলত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ সভাপতি চন্দ্ৰকান্দ দাসকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল। ইফালে সংবাদমেলতে আমেৰিকাৰ প্ৰবাসী অসমীয়া বিশিষ্ট ব্যৱসায়ী মনোৰঞ্জন বৰদলৈয়ে (মাৰ্ক বৰদলৈ) আনুষ্ঠানিকভাৱে এজেপিত যোগদান কৰে।

লগতে পঢ়ক: এছ আই হ’বলৈ স্নাতক উত্তীৰ্ণ হ’ব লাগে: মানস বৰগোহাঁই আৰক্ষী নহয় বুলি ক’লে জিপি সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.