ETV Bharat / state

উচ্ছেদক লৈ এআইইউডিএফৰ সভাস্থগিত প্ৰস্তাৱ নাকচ বিধানসভাৰ অধ্যক্ষৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 7:18 PM IST

এআইইউডিএফৰ সভা স্থগিত প্ৰস্তাৱ নাকচ বিধানসভাৰ অধ্যক্ষৰ
এআইইউডিএফৰ সভা স্থগিত প্ৰস্তাৱ নাকচ বিধানসভাৰ অধ্যক্ষৰ

MLA Aminul Islam on Eviction : ধিঙৰ বিধায়কগৰাকীয়ে কয় যে অধ্যক্ষই এঘণ্টালৈ সদন বন্ধ নাৰাখি চৰকাৰে বিষয়টোৰ ওপৰত আলোচনা কৰা হ'লে সময়ৰ অপচয় নহ'লহেঁতেন ৷ দৰিদ্ৰ লোকৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানক লৈ জড়িত বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লোৱা উচিত বুলি বিধায়কগৰাকীয়ে দাবী কৰে ৷

এআইইউডিএফৰ সভা স্থগিত প্ৰস্তাৱ নাকচ সন্দৰ্ভত আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : চলিত অসম বিধানসভাৰ বাজেট অধিবেশনৰ মঙলবাৰে দ্বিতীয়টো দিন । এই বাজেট অধিবেশনৰ দ্বিতীয়টো দিনত সদনত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দল এআইইউডিএফে ৷ গোৱালপাৰা আৰু ধুবুৰীত শেহতীয়াকৈ অসম চৰকাৰৰ নিৰ্দেশত চলা উচ্ছেদ অভিযান প্ৰসংগত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলটোৱে ৷ কিন্তু বিষয়টো আলোচনাৰ বাবে এআইইউডিএফে উত্থাপন কৰা সভা স্থগিতৰ প্ৰস্তাৱটো অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

ফলত এআইইউডিএফৰ সদস্যসকলে বিধানসভাৰৰ মজিয়াত এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । যাৰ বাবে অধ্যক্ষই এঘণ্টাৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে ৷ কিন্তু এই বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে ৷ ধিঙৰ বিধায়কগৰাকীয়ে কয় যে অধ্যক্ষই এঘণ্টালৈ সদন বন্ধ নাৰাখি চৰকাৰে বিষয়টোৰ ওপৰত আলোচনা কৰা হ'লে সময়ৰ অপচয় নহ'লহেঁতেন ৷ দৰিদ্ৰ লোকৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানক লৈ জড়িত বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লোৱা উচিত বুলি বিধায়কগৰাকীয়ে দাবী কৰে ৷

তেওঁ লগতে কয় যে এই হাড় কঁপোৱা জাৰত গোৱালপাৰা আৰু ধুবুৰীৰ উচ্ছেদিত লোকসকলে মুকলি আকাশৰ তলত দিন কটাবলগীয়া হৈছে ৷ তেওঁলোকক পুনৰ সংস্থাপনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত চৰকাৰ-প্ৰশাসনে এবাৰো অনুভৱ নকৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে বিধায়ক আমিনুল ইছলামে । লগতে আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰে বিধায়কজনে ৷

এক বিশেষ জনগোষ্ঠীৰ লোক হোৱাৰ বাবেই এই উচ্ছেদ অভিযান আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই নেকি বুলি প্ৰশ্ন কৰে বিধায়ক আমিনুল ইছলামে ৷

লগতে পঢ়ক :প্ৰশ্নকাকত ফাদিল বা নকল কৰাসকল সাৱধান, অসম চৰকাৰে আনিছে নতুন আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.