ETV Bharat / state

আসনৰ ক্ষেত্ৰত আমি মিত্ৰদলৰ লগত আলোচনা কৰিম: অতুল বৰা

অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা । উপ-নিৰ্বাচনত জয়ী হোৱা দীপ্তিময়ী চৌধুৰীক সম্বৰ্ধনা ।

AGP EXTENDED EXECUTIVE MEETING IN GUWAHATI
অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 3, 2024 at 7:28 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সমাগত পঞ্চায়ত নিৰ্বাচনকে ধৰি সাংগঠনিক বিভিন্ন দিশ সামৰি মঙলবাৰে অনুষ্ঠিত হয় অগপৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক । গুৱাহাটীৰ আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয়ী হোৱা দীপ্তিময়ী চৌধুৰীক অগপ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

কাৰ্যনিৰ্বাহক সভাত আসন্ন পঞ্চায়ত নিৰ্বাচন আৰু স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনসমূহৰ লগতে সদস্যভৰ্তি অভিযান আৰু অহা ১০ ডিচেম্বৰত শ্বহীদ দিৱস উদযাপনৰ বিষয়ে আলোচনা কৰা হয় । কাৰ্যনিৰ্বাহক সভাৰ পাছতে সভাপতি অতুল বৰাই এখন সংবাদমেল সম্বোধন কৰে ।

অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক (ETV Bharat Assam)

সংবাদমেলত সভাপতি বৰাই কয়,"পঞ্চায়ত নিৰ্বাচন সমাগত । ইতিমধ্যে আমাৰ সদস্যভৰ্তি অভিযান চলিছে । আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সদস্যভৰ্তি অভিযানৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰাৰ লগতে সদস্যভৰ্তি অভিযান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইতিমধ্যে আমি পূৰ্বে লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ ৫২টা বিধানসভা সমষ্টিত দলৰ কৰ্মশালা অনুষ্ঠিত হৈ গৈছে । আনহাতে, বাকী থকা সমষ্টিকেইটাত দহ দিনৰ ভিতৰত কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । পঞ্চায়ত নিৰ্বাচনৰ উপৰি কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । এই নিৰ্বাচনত আমাৰ দলে শক্তিশালীভাৱে যাতে অংশ ল'ব পাৰে তাৰ বাবে অতি শীঘ্ৰে একোখনকৈ সমিতি গঠন কৰা হ'ব । আনহাতে, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মস্থানত এইবাৰ আমাৰ দলে ১০ ডিচেম্বৰত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিব ।"

AGP EXTENDED EXECUTIVE MEETING IN GUWAHATI
অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক (ETV Bharat Assam)

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় ,"পঞ্চায়ত নিৰ্বাচন এটা ডাঙৰ নিৰ্বাচন । যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনতো কতো বুজাবুজি হোৱা নাছিল । এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতীকচিহ্ন নাথাকে । ৱাৰ্ড মেম্বাৰসকল দলীয় প্ৰতীকবিহীন ভাৱে নিৰ্বাচন খেলিব । কোনো দলৰ প্ৰতীক নাথাকিব । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজ্যিকভিত্তিত মিত্ৰতা কৰাত অসুবিধা থকাৰ কথা কৈছে । সমষ্টিভিত্তিত হোৱাৰ কথা কৈছে ।"

আগন্তুক বিধানসভা নিৰ্বাচনত আসন বিচৰাৰ প্ৰসংগত অতুল বৰাই কয়, "সংবাদ মাধ্যমে তিলটোকে তাল বনায় । আসনৰ ক্ষেত্ৰত আমি মিত্ৰদলৰ লগত আলোচনা কৰিম । মন্ত্ৰী লাগিলে যাক ক'ব লাগে তেওঁকে কম ।"

বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক-সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি দলৰ ভালেসংখ্যক নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:আমাৰ মূৰৰ ওপৰৰ পৰা সেই ক'লীয়া ডাৱৰ এতিয়াও আঁতৰা নাই: অতুল বৰা

অগপই ৪৫ টাকৈ সমষ্টি দাবী কৰিব: জয়নাথ শৰ্মা