ETV Bharat / state

আমাৰ মূৰৰ ওপৰৰ পৰা সেই ক'লীয়া ডাৱৰ এতিয়াও আঁতৰা নাই: অতুল বৰা

যোৰহাটত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ ।

Minister Atul Bora said work on the Martyrs Memorial Park is almost complete
যোৰহাটত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 21, 2024 at 9:52 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: বৃহস্পতিবাৰে যোৰহাট নগৰৰ মাজমজিয়াত থকা যোৰহাট জিলা অগপৰ কাৰ্যালয় বাকৰিত অনুষ্ঠিত হয় অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । উক্ত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয়,"দীপৰ বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ সংগমস্থল বৰাগাঁৱত শ্বহীদ স্মাৰকৰ কাম প্ৰায় ১০০ শতাংশ সম্পূৰ্ণ হৈছে । প্ৰায় ১লাখ কোটি টকাৰে কাম সম্পূৰ্ণ হৈছে । এই শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ প্ৰতিমূৰ্তি থাকিব আৰু ৱাকিং জ'নৰ লগতে বিভিন্ন আকষৰ্ণীয় স্থলীয়ে শোভা বঢ়াব ।"

আনহাতে তেওঁ কয়,"শ্বহীদ স্মাৰক উদ্যানত প্ৰত্যেকজন শ্বহীদৰ প্ৰতিমূৰ্তি থাকিব । সেয়েহে ৮৫৫ জন শ্বহীদৰ ছবি বিচাৰি বৰ্তমান আমি হাহাকাৰ কৰিবলগীয়া হৈছে । সেই শ্বহীদৰ ছবি বিচাৰিবৰ বাবে প্ৰত্যক জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে । বৰ্তমান মোৰ হাতত ১৫০ খন শ্বহীদৰ ফটো আহি পৰিছে আৰু সেই আন্দোলনৰ সময়ৰ ছবিসমূহ দেখি শিহৰিত হৈ পৰিছোঁ ।"

যোৰহাটত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে লগতে কয়,"বৰ্তমান আমাৰ চৰকাৰখনে তিনিবছৰত বহু কাম কৰিছোঁ যদিও আমাৰ মূৰৰ ওপৰৰ পৰা সেই ক'লীয়া ডাৱৰ এতিয়াও আঁতৰ হোৱা নাই । প্ৰায় ১১৭ বিঘাৰ মাটিত শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰা হৈছে । যিকেইটা আঞ্চলিক দল অসমত জন্ম হ'ল সেইকেইটা কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা দল । এই দলকেইটা গঠনৰ মূল উদ্দেশ্য আছিল কেইজমান ব্যক্তিৰ স্বাৰ্থ সিদ্ধি কৰা আৰু সেই দলকেইটাই আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আৰু আমাৰ প্ৰধান শত্ৰু হৈছে কংগ্ৰেছ ।" ছাত্র পৰিষদ আৰু যুৱ পৰিষদক সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনাই মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক: নতুন প্ৰজন্মৰ বাবে অগপৰ দুৱাৰ-খিৰিকী খোলা আছে: অতুল বৰা