ETV Bharat / state

অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভাৰাক্ৰান্ত: মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 7:39 PM IST

Lok Sabha Election 2024: বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ পৰিছে । অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভাৰাক্ৰান্ত বুলি কটাক্ষ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ।

Lok Sabha Election 2024
অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভাৰাক্ৰান্ত

বঙাইগাঁও, ২৭ এপ্ৰিল : 'বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভাৰাক্ৰান্ত ।' এই মন্তব্য চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ । বঙাইগাঁৱৰ অভয়াপুৰীত ৰোড শ্ব'ৰ সময়ত এই মন্তব্য কৰে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে ।

উল্লেখ্য যে অহা ৭ মে'ত বৰপেটা লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেও বৰপেটা সমষ্টিৰ বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে । তাৰ মাজতে বঙাইগাঁৱৰ অভয়াপুৰীত দলটোৱে এক ৰোড শ্ব'ৰ আয়োজন কৰে । য'ত প্ৰাৰ্থীগৰাকীয়ে অংশগ্ৰহণ কৰি বিজেপিৰ লগতে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক তীব্ৰ সমালোচনা কৰে ।

চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মতে এনডিএ সমৰ্থিত অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে নিৰ্বাচনত তেওঁৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব । তেওঁৰ মতে অগপ প্ৰাৰ্থীগৰাকীয়ে আজিলৈ বিধানসভাত ৰাইজৰ হৈ এবাৰো মাত মতা নাই । তেনেস্থলত তেওঁ কেনেকৈ সংসদত জলন্ত সমস্যাৰ ওপৰত মাত মাতিব সেয়া সন্দেহৰ আৱৰ্তত বুলি তেওঁ উল্লেখ কৰে । 'কা' সন্দৰ্ভত দুমুখীয়া স্থিতিৰ বাবে ৰাইজে অগপক সমৰ্থন নকৰে বুলিও তেওঁ দাবী কৰে । যাৰ বাবে অগপ দলৰ বহু কৰ্মী-সমৰ্থকে তেওঁৰ হৈ প্ৰচাৰ চলাইছে বুলিও মনোৰঞ্জন তালুকদাৰে কয় । ইফালে ফণীভূষণ চৌধুৰী ভাৰাক্ৰান্ত বুলিও তেওঁ দাবী কৰে । তেওঁ যে ভাৰাক্ৰান্ত সেয়া প্ৰচাৰ সভাত স্পষ্ট হৈছে বুলি মনোৰঞ্জন তালুকদাৰে দাবী কৰে ।

চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন কোনো ফেক্টৰ নহয় । কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ দলৰ বহু কৰ্মী সন্তুষ্ট নহয় বুলি তেওঁ দাবী কৰে । এআইইউডিএফ দলেও মনোৰঞ্জন তালুকদাৰক নৈতিক সমৰ্থনৰ আশ্বাস দিছে । যাৰ বাবে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :চিপিআই(এম)ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.