ETV Bharat / state

ৰাইজে বিচৰা ধৰণে খৰতকীয়া নহ’ল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত: আছু

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:38 AM IST

AASU reaction on CBI investigation : অৱশেষত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সম্পন্ন কৰি আদালতত অভিযোগনামা দাখিল কৰিলে চি বি আই য়ে । কিন্তু চি বি আইৰ তদন্ত ৰাইজে বিচৰা ধৰণে খৰতকীয়া নোহোৱাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ । বুধবাৰে নিশা নগাঁৱত উপস্থিত হৈ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ।

AASU reaction on CBI investigation
এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সম্পন্ন

নগাঁও, 8 ফেব্ৰুৱাৰী : সাতমহীয়া তদন্তৰ অন্তত অৱশেষত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চার্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ’ল চি বি আইৰ দল । সাত মাহ পূৰ্বেই দিল্লীৰ পৰা অহা চি বি আইৰ এটা দল উপস্থিত হৈছিল নগাঁৱত । নগাঁও আৱৰ্ত ভৱনত বাহৰ পাতি আৰম্ভ কৰা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অৱশেষত সামৰি দিল্লীলৈ উভতি গ’ল চি বি আইৰ দল । কিন্তু চি বি আইৰ দলে কৰা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

বুধবাৰে নিশা নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । অসমৰ ৰাইজে বিচৰা ধৰণে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত খৰতকীয়া নোহোৱাৰ অভিযোগ উত্থাপন কৰে আছুৰ সভাপতি উৎপল শৰ্মাই । আনকি এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই ব্যাপক চৰ্চা লাভ কৰা নকল সোণৰ ব্যৱসায় চৰকাৰ তথা প্ৰশাসনে ৰোধ কৰিব পাৰিছে নে নাই বুলিও প্ৰশ্ন উত্থাপন কৰে আছু সভাপতি উৎপল শৰ্মাই ।

লগতে পঢ়ক : চিবিআইৰ প্ৰতিবেদনে বাকৰুদ্ধ কৰিলে জোনমণিৰ মাতৃক

লগতে সম্প্ৰতি কাৰ পৃষ্ঠপোষকতাত নকল সোণৰ ব্যৱসায় চলি আছে বুলিও প্ৰশ্ন উত্থাপন কৰি এছ আই জোনমণি ৰাভাৰ পৰিয়ালে ন্যায় পোৱাৰ কামনা কৰে আছু সভাপতিগৰাকীয়ে । লগতে জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই অসহায় হৈ পৰা জোনমণি ৰাভাৰ পৰিয়ালক সহায় কৰিবলৈয়ো চৰকাৰক আহ্বান জনায় আছু সভাপতিগৰাকীয়ে ।

উল্লেখযোগ্য যে, নগাঁও আৰক্ষীত কৰ্মৰত অৱস্থাতে এক ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ বিগত বৰ্ষৰ 15 মে’ত মৃত্যুক আঁকোৱালি লৈছিল এছ আই জোনমণি ৰাভাই । তাৰ পিচতেই জোনমণি ৰাভাৰ পৰিয়াল তথা অসমবাসী ৰাইজৰ দাবীত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব অসম চৰকাৰে অৰ্পণ কৰিছিল চি বি আইক ৷ চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ এটা দলে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত চি বি আইৰ ডি এছ পি মানিন্দাৰ সিঙৰ নেতৃত্বত তদন্ত প্ৰক্ৰিয়া সামৰি নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতত গোচৰটোৰ অভিযোগনাম দাখিল কৰে ।

লগতে পঢ়ক : জোনমণি ৰাভাৰ মৃত্যুৰ অভিযোগনামা দাখিল চি বি আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.