ETV Bharat / state

আছুৰ ২৬ ঘন্টীয়া অনশনত জ্য়েষ্ঠ নাগৰিকৰ অংশগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:52 PM IST

Hunger strike in Barpeta : গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৰ ২৬ ঘন্টীয়া অনশন ৷ অনশন কাৰ্যসূচীত অংশগ্ৰহণ বৰপেটাৰ বহু বিশিষ্ট জ্যেষ্ঠ নাগৰিকসকলেও । বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত ৰূপায়ণ কৰে এই অনশন কাৰ্যসূচী ।

AASU 26-hour hunger strike in Barpeta
বৰপেটাত আছুৰ ২৬ ঘন্টীয়া অনশন
বৰপেটাত আছুৰ ২৬ ঘন্টীয়া অনশন

বৰপেটা, ২৫ জানুৱাৰী : সত্ৰনগৰী বৰপেটাক ৰে’লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ ঘন্টীয়া অনশন ৷ গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৰ ২৬ ঘন্টীয়া অনশন ৷ সত্ৰ নগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আছুৱে ৰূপায়ণ কৰে অনশন কাৰ্যসূচী ।

তথ্য অনুসৰি, আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । অসমৰ শতিকাগৰকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাক ৰে'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই এনেদৰে ২৬ জানুৱাৰীৰ পূৰ্বে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সন্থাই ৷

আনহাতে, বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে জিলাবাসীৰ লগতে চহৰখনত কৰ্তব্য়ত নিয়োজিত অন্য জিলাৰ চাকৰিয়ালসকলো ৷ বৰপেটা চহৰক ৰে'লপথেৰে সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰিছিল যদিও ৰে'লপথ নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে নল'লে কোনো ব্যৱস্থা ৷ সেয়ে যাতায়তৰ ক্ষেত্ৰত বৰপেটাৰ নাগৰিকে সন্মুখীন হৈ অহা সমস্যাৰ সমাধানৰ দাবীত বৃহস্পতিবাৰে এনেদৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷

উল্লেখ্য যে, শুকুৰবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ লগে লগেই এই অনশন কাৰ্যসূচীৰ সামৰনি পৰিব ৷ এই অনশন কাৰ্যসূচী বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অংশগ্ৰহণ কৰে বৰপেটাৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকে । অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই বৰপেটাবাসীৰ বিভিন্ন অভাৱ-অভিযোগ চৰকাৰে শীঘ্ৰে পূৰণ কৰি বৰপেটাবাসীক সকাহ দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্য কপাঁলে আছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.