ETV Bharat / state

বিজেপি থাকিলেহে জনতাৰ উন্নয়ন হ’ব : সৰ্বানন্দ সোণোৱাল - Joining Programme

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 9:23 AM IST

Bjp Joining Programme : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিচুকীয়াত আম আদমী পাৰ্টীত মোক্ষম আঘাত । তিনিচুকীয়া পৌৰসভাৰ একমাত্ৰ ৱাৰ্ড সদস্য ধীৰাজ সিঙে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত যোগদান কৰে বিজেপিত ।

Joining Programme
Joining Programme
আম আদমী পাৰ্টীত মোক্ষম আঘাত

তিনিচুকীয়া, ২৫ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীত আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে তিনিচুকীয়াৰ আম আদমী পাৰ্টীত এক মোক্ষম আঘাত । কিয়নো ডিব্ৰুগড় লোকসভা সমষ্টিত আম আদমী পাৰ্টীৰ পৰা মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়তে তিনিচুকীয়া পৌৰসভাৰ একমাত্ৰ 'আপ'ৰ সদস্য ধীৰাজ সিঙে দেওবাৰে নিশা বিজেপিত যোগদান কৰে ।

কেৱল ধীৰাজ সিঙেই নহয়, তেওঁৰ লগতে প্ৰায় ১০০ গৰাকী আপৰ কৰ্মকৰ্তাই দেওবাৰে বিজেপিত যোগদান কৰে । ধীৰাজ সিংসহ প্ৰায় ১০০ গৰাকী আপৰ কৰ্মকৰ্তাই বিজেপিত যোগদান কৰাৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ৷

উল্লেখ্য যে, দেওবাৰে নিশা তিনিচুকীয়াৰ হোটেল এৰ'মা ৰেছিডেন্সিত আয়োজন কৰা হয় বিজেপিৰ এক যোগদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই উপস্থিত থাকে ৷

ইফালে ধীৰাজ সিঙে দলেবলে বিজেপিত যোগদান কৰাৰ পাচতে তিনিচুকীয়া পৌৰসভা এতিয়া হৈ পৰে সকলো শাসকীয় দলটোৰ সদস্য ৷ আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিত যোগদান কৰা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টী থাকিলেহে দেশত জনতাৰ উন্নয়ন হ’ব বুলিও তেওঁ সদৰী কৰে ৷

ইফালে ধীৰজ সিঙেও দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰি কৰিবলগীয়া কাম বহুত আছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : আম আদমী পাৰ্টিৰ মম যাত্ৰা - AAP PROTEST IN TEZPUR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.