ETV Bharat / state

ইণ্ডি মিত্ৰজোঁটত ফাঁট ! অসমৰ ৩ লোকসভা আসনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 3:18 PM IST

AAP Lok Sabha Candidates For Assam : প্ৰকাশিত তালিকাত অসমৰ তিনিখনকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব আপে ৷ সমষ্টিকেইটা হৈছে ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ ৷

লোকসভা নিৰ্বাচনৰ অসমৰ আপ প্ৰাৰ্থী তালিকা প্ৰকাশ

অসমৰ ৩ লোকসভা আসনৰ বাবে আপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটত আন এক মোক্ষম আঘাত ৷ তৃণমূল কংগ্ৰেছৰ পাচত আপেও ত্যাগ কৰিব মিত্ৰজোঁট ৷ তাৰ প্ৰথমটো পদক্ষেপ হিচাপে বৃহস্পতিবাৰে আম আদমী পাটীয়ে প্ৰকাশ কৰিলে অসমৰ তিনিটাকৈ সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ৷ নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত দলটোৱে এই ঘোষণা কৰে ৷ এই প্ৰকাশিত তালিকাত অসমৰ তিনিখনকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব আপে ৷ সমষ্টিকেইটা হৈছে ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ ৷

আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সন্দীপ পাঠকে প্ৰাৰ্থী তালিকা ঘোষণা কৰি কয় যে লোকসভা নিৰ্বাচনৰ বাবে মাজত আৰু বেছি সময় নাই । সেয়ে এইক্ষেত্ৰত যথেষ্ট প্ৰস্তুতি চলাব লাগিব । আমি ইণ্ডিয়া ব্লকৰ সৈতে কথা পাতি ভাগৰি পৰিছোঁ । কিন্তু আসন ভাগ-বটোৱাৰা এতিয়াও কৰা হোৱা নাই । আশাকৰোঁ ইণ্ডি মিত্ৰজোঁটে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তিনিওখন আসনতে আমাক সমৰ্থন কৰিব ।

বৃহস্পতিবাৰে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি, গুৱাহাটীত দলটোৰ প্ৰাৰ্থী হ'ব ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী ৷ আনহাতে, ডিব্ৰুগড়ত দলৰ প্ৰাৰ্থী হ'ব মনোজ ধানোৱাৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত ঋষিৰাজ কৌন্দিন্যই সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ আপৰ এই সিদ্ধান্ত মূলতঃ আসন ভাগ-বটোৱাৰাক লৈ কংগ্ৰেছ তথা ইণ্ডি মিত্ৰজোঁটৰ আন সদস্য দলসমূহৰ সংঘাতৰে ফল ৷ ইফালে দিল্লীত প্ৰাৰ্থী ঘোষণা কৰি আসন ভাগ-বটোৱাৰাক লৈ নিজৰ অসন্তুষ্টি জাহিৰ কৰে আম আদমি পাৰ্টীয়ে ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতো ইণ্ডি মিত্ৰজোঁটে আসন ভগাই লোৱাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ তুলিছে আম আদমি পাটীয়ে ৷ যাৰ ফলত একপ্ৰকাৰ বিৰক্ত হৈয়ে এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে আপৰ নেতা সন্দীপ পাঠকে ৷ লগতে দলটোৱে আশা কৰিছে যে মিত্ৰজোঁটে এই সিদ্ধান্তক সমৰ্থন জনাব ৷

উল্লেখ্য যে ইণ্ডিয়া ব্লকৰ অন্যতম আহ্বায়ক নীতিশ কুমাৰে এনডিএত পুনৰ যোগদান কৰাৰ পিছতে ইণ্ডি মিত্ৰজোঁটত প্ৰথমটো আঘাত লাগে । বিৰোধী মিত্ৰজোঁটক লৈ প্ৰথম আৰু আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰা নীতিশ কুমাৰে পাভলুটি মাৰি পুনৰ বিজেপিৰ শৰণাপন্ন হোৱাৰ পিছতে ইণ্ডিয়া ব্লকৰ স্থায়িত্বক লৈ প্ৰশ্ন উত্থাপন হয় । ইয়াৰ পিছত পশ্চিমবংগত মমতা বেনাৰ্জীৰ তৃণমূলে মিত্ৰতাৰ ক্ষেত্ৰত স্পষ্টভাৱে নাকাৰাত্মক দৃষ্টিভংগী প্ৰকাশ কৰা আৰু পঞ্জাবতো আপে মিত্ৰতাত অংশগ্ৰহণত অনিচ্ছা ব্যক্ত কৰাত এই প্ৰশ্ন অধিক তীব্ৰ হয় । এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে ইণ্ডি মিত্ৰজোঁটে ইয়াৰ কেনেদৰে মোকাবিলা কৰে ।

লগতে পঢ়ক :ৰাজ্যসভাৰ সাংসদৰ বিদায় ভাষণত মনমোহন সিঙক প্ৰশংসা মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.