ETV Bharat / state

গৰু মৰিলে চৰকাৰৰ কিয় পাপ লাগিব ?

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 7:21 PM IST

Cattle farmer: ধেমাজিত গাই নদীৰ বিপদজনক চাপৰিত পাঁচশ গৰু পালন কৰি অহা এটি দম্পতীৰ কাহিনী ৷ গৰু মৰিলে চৰকাৰৰ মহাপাপ লাগিব বুলি ক’লে গৰুৰ মালিকে !

a story of  a cattle farmer who have more than five hundred cattle in dhemaji
পাঁচশ গৰু পালন কৰি অহা এটি দম্পতীৰ কাহিনী

ধেমাজি, 24 জানুৱাৰী : এশ নহয় দুশ নহয় পাঁচশৰো অধিক সৰু-বৰ গৰু পালন কৰি অহা এটি দম্পতীৰ কাহিনী ৷ কেনেকৈ পালন কৰিছে শ-শ গৰু ? বাৰিষা, ৰ’দ, বতাহ, বৰষুণ, ধুমুহা সকলোবোৰ নেওচি ভীষণ ত্ৰাসযুক্ত পৰিস্থিতিৰ মাজত কেৱল চালিৰ তলত আশ্ৰয় গ্ৰহণ কৰিয়েই এক ব্যতিক্ৰমী জীৱন যুঁজত অৱতীৰ্ণ হৈ দুয়োৱে পাৰ কৰিছে এটা এটা দিন ৷ নিজৰ পৰিয়ালৰ লগতে আন দহ-বাৰটা পৰিয়ালকো দিছে আৰ্থিক সকাহ ৷

পাঁচশ গৰু পালন

ধেমাজিৰ গাই আৰু লেচিয়া নদীৰ সৃষ্ট চল্লিশ বিঘা মাটিৰে আগুৰি থকা বিপসংকুল চাপৰিত বিগত 2010 চনৰ পৰা গো পালন কৰি আহিছে ধেমাজি তুলসী বাৰীৰ সুবাস পাল আৰু কুঞ্জ বৰুৱা পালে ৷ স্মৰ্তব্য যে, ২০১০ ৰ পৰাই গৰু পালনৰ লগত জড়িত দম্পতীটোৱে 2022 চনৰ পৰা চৰকাৰে বাজেয়াপ্ত কৰা গৰু পালন কৰিবলগীয়া হোৱাত আন এক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে ৷ কিয়নো গো-পালনৰ অভিজ্ঞতা থকা সূত্ৰে ধেমাজি জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগে সুবাস পালকে দায়িত্ব দিয়ে ৷

https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-01-2024/as-dmj-02-dhemaji-big-cattle-farm-story-visbyte-as10021_24012024093317_2401f_1706068997_523.jpg

2022 ৰ পৰা গৰু পালন কৰি 2023 ৰ আগষ্ট মাহত চৰকাৰীৱে ‘শ্ৰী জয় গুৰু গো-শালা’ নামেৰে পঞ্জীয়ন কৰে দুয়োৱে ৷ এনেদৰে গো-শালাত ক্ৰমাগতভাৱে প্ৰশাসনে বাজেয়াপ্ত কৰা গৰুৰ সংখ্যা বাঢ়ি গৈ বৰ্তমান পাচঁশ হৈছেগৈ । ইয়াৰে ৪১৬ টা চৰকাৰী আৰু বাকী ৮৪ টা গৰু সুৱাস পালৰ নামত আছে ৷ এই শ-শ গৰু প্ৰতিপালন কৰিবৰ বাবে দম্পতীটোৱে ১৩/১৪ গৰাকী লোকক নিয়োজিত কৰিবলগীয়া হৈছে ৷ স্থানীয় যুৱকৰ উপৰিও আন ঠাইৰ লোকেও এই গো-শালাত গৰু প্ৰতিপালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ এনে কেইগৰাকীমান লোক হৈছে বিকাশ পাল, বিতুল গগৈ, সঞ্জীৱ গগৈ, মঞ্জিত গগৈ, ভোগেন্দ্ৰ হাজৰিকা, দিপক গগৈ, বগা তাঁতী, বিকাশ কেওঁট, বাবুল পাল আদি ৷

এইসকল যুৱকে এখন গো-শালাৰ জৰিয়তে পাইছে জীয়াই থকাৰ সম্বল ৷ পিছে পৰিতাপৰ বিষয় যে, চৰকাৰে বাজেয়াপ্ত কৰা গৰুৱে গো-শালাখন ভৰ্তি হৈ পৰিছে যদিও গো-শালাখনৰ নামত অদ্যাৱধি চৰকাৰৰ সংশ্লিষ্ট বিভাগে মোকোলাই দিয়া নাই ফুটাকড়ি এটাও ধন ৷ ফলস্বৰূপে নিজৰ গোঁধনৰ পইচা, গাখীৰ বিক্ৰী কৰি পোৱা ধন আৰু গো-শালাৰ পৰা কেতিয়াবা গিৰীহঁতে গৰু মোকোলাই নিয়াৰ বাবদ দিয়া ধনেৰে নিজৰ লগতে ১৩/১৪ টা পৰিয়াল চলাই নিছে গোপালক দম্পতীটোৱে ৷

আশ্বৰ্যকৰ কথা এয়ে যে, চৰকাৰে অতবোৰ গৰু পাল দম্পতীটোৰ গো-শালাত চমজাই দিয়েই দায়িত্ব সামৰিছে । পশুধনৰ বেমাৰ-আজাৰ, পশু ধনৰ খাদ্যৰ ক্ষেত্ৰত ধেমাজি পশুপালন বিভাগটোৱে তিলমানো গুৰুত্ব নিদিয়া বুলি অভিযোগ তুলিছে তেওঁলোকে৷ চৰকাৰে ধেমাজিত পশু চিকিৎসাৰ ক্ষেত্ৰত সকাহ দিবৰ বাবে দহখন ভ্ৰাম্যমাণ বাহন দিলে যদিও এশবাৰ ফোন কৰিলেও সঁহাৰি নিদিয়ে ৷

বিভাগটোৰ এনে অদূৰদৰ্শী মনোভাৱৰ স্বত্বেও লাম্পি ভাইৰাছৰ দৰে ভয়াৱহ মহামাৰী সময়তো গোধনসমূহ মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিছে বুলি মন্তব্য কৰে পালে ৷ আনপিনে, গৰু চৰাই ভাগৰি নপৰা স্থানীয় কেবাগৰাকী শিক্ষিত যুৱকে গো-শালাত কাম কৰিয়ে বহিঃৰাজ্যত কাম কৰিবলৈ নোযোৱাকৈ ইয়াতে উচিত মজুৰি লাভ কৰিছে বুলি সন্তোষ্ট ব্যক্ত কৰে ৷ সেয়ে এই গো-শালাখনলৈ চৰকাৰক সু-দৃষ্টি দিবলৈ পাল দম্পতীৰ লগতে নিয়োজিত যুৱকসকলে কাতৰ আহ্বান জনাইছে ৷ সুৱাস পালৰ স্পষ্ট মত, চৰকাৰে গো-শালাখন চকু মেলি চাওঁক অন্যাথা গৰু মৰিলে চৰকাৰৰো পাপ লাগিব ৷

লগতে পঢ়ক : ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.