ETV Bharat / state

চৰম অৰাজকতাই ৰাজত্ব কৰা জোনাইৰ এখন চৰকাৰী বিদ্যালয় - Poor academic environment

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:20 PM IST

Allegation of irregularities: ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাৰ এখন বিদ্যালয়ৰ অৱস্থা দেখিলে আচৰিত হ'ব আপুনি । অৱশ্যে বিদ্যালয়খনত থাকিবলগীয়া সা-সুবিধা সকলো আছে । কিন্তু বিদ্যালয়খনৰ শিক্ষকসকলৰহে নাই শিক্ষাদানৰ মনোবৃত্তি । চৰম অৰাজকতাৰ মাজেৰে চলিছে বিদ্যালয়খন ।

Poor academic environment
Poor academic environment
চৰম অৰাজকতাই ৰাজত্ব কৰা জোনাইৰ এখন চৰকাৰী বিদ্যালয়

জোনাই, ২৬ এপ্ৰিল: অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানক যিমানেই গুৰুত্ব নিদিয়ক কিয় চিলাপথাৰত এখন চৰকাৰী বিদ্যালয় চলিছে চৰম অৰাজকতা-বিশৃংখলতাৰ মাজেৰে ৷ প্ৰধান শিক্ষকৰ নিয়ন্ত্ৰণবিহীনভাৱে চলি আছে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ । খোদ প্ৰধান শিক্ষকেই স্বীকাৰ কৰিছে এই কথা । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাতে এই অৱস্থাৰে চলিছে চৰকাৰী বিদ্যালয়খন ।

ধেমাজি শিক্ষা খণ্ডৰ অধীনত থকা চিলাপথাৰৰ চিলা জনজাতি হাইস্কুলত সংঘটিত হৈছে এই ঘটনা । যিসময়ত ব্যক্তিগত বিদ্যালয়ৰ ফলাফলে সকলোকে আকৃষ্ট কৰি তুলিছে, চৰকাৰী বিদ্যালয় ৰক্ষা কৰিব লাগে বুলি বিভিন্ন ব্যক্তি বিশেষৰ লগতে দল-সংগঠনে দাবী তুলি আহিছে, তেনে সময়তে এইখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ বিষয়ে শুনিলে আপুনিও ক'ব এনে বিদ্যালয়ত নথকাটোৱেই ভাল ।

বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব । কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ বিদ্যালয়খনৰ মুঠ ২০৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১১১ গৰাকী উত্তীৰ্ণ হ'ল যোৱাটো মেট্ৰিক পৰীক্ষাত । তাৰ ভিতৰত প্ৰথম স্থান -০ , দ্বিতীয় স্থানত- ৩৩ গৰাকী আৰু তৃতীয় স্থানত- ৭৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পৰিবৰ্তে ৯৬ গৰাকী শিক্ষাৰ্থী অনুত্তীৰ্ণ হয় । বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৫৩% শতাংশ ।

ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে থকা বিদ্যালয়খনত নাই কোনোধৰণৰ শৈক্ষিক পৰিৱেশ । বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে নাজানে বিদ্যালয়খন কিমান আছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী ৷ প্ৰধান শিক্ষকগৰাকীয়ে অকপটে স্বীকাৰ কৰে যে বিদ্যালয়খন পৰিচালনা কৰাত তেওঁ ব্যৰ্থ হৈছে ।

তেওঁ নিজেই কয় যে প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত নাই মিলা-প্ৰীতি । শিক্ষকে নুশুনে প্ৰধান শিক্ষকৰ কথা । মুঠতে নিজৰ ক্ষমতা কিদৰে বিস্তাৰ কৰিব পাৰি একপ্ৰকাৰ তাৰেই প্ৰতিযোগিতা চলিছে বিদ্যালয়খনত । একাংশ শিক্ষক সময়মতে উপস্থিত নহয় বিদ্যালয়ত । বহু শিক্ষকে দিনটোৰ আধাতেই বিদ্যালয়ৰ পৰা যায়গৈ বুলি জানিবলৈ দিছে প্ৰধান শিক্ষকে ।

ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত পাঠদান নকৰি ঘৰত বহিয়েই চৰকাৰী দৰমহা খাইছে বিদ্যালয়খনৰ একাংশ শিক্ষকে । ১৫ গৰাকী শিক্ষকৰ ভিতৰত অধিক সংখ্যক শিক্ষকেই দিনৰ ২ বজাৰ পাচত অনুপস্থিত থাকে স্কুলত । যাৰ বাবে প্ৰত্যেক দিনাই উপযুক্ত পাঠদানৰ পৰা বঞ্চিত শ শ শিক্ষাৰ্থী । পাঠদান অবিহনেই ঘৰলৈ উভতিব লগা হয় ২০ খনৰো অধিক গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল ।

তাৰোপৰি বিদ্যালয়খনৰ সমীপৰ একাংশ লোকেও কৰিছে একেই অভিযোগ । মাত্ৰ ৩ বা ৪ টা ক্লাছহে দিনটোত কৰা হয় বিদ্যালয়খনত । আলোক সন্ধানৰ জ্ঞান আহৰণ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় দল-সংগঠনৰ কৰ্মীয়ে ।

লগতে পঢ়ক: ৰোগীক দৰৱৰ বিধান দিবলৈ গৈ থমকিছে চিকিৎসকৰ কলম - Drug price hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.