ETV Bharat / state

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা বিদ্ৰোহী সংগঠনৰ !

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:28 PM IST

Republic day 2024 : গণৰাজ্য দিৱসৰ উপলক্ষে তিনিচুকীয়াত কটকটীয়া নিৰাপত্ত ব্যৱস্থা ৷ জিলাখনত বিগত 10 দিনৰ পৰা 400 অতিৰিক্ত আৰক্ষী-কমাণ্ডো বাহিনী মোতায়েন কৰা হৈছে ৷

Republic day 2024
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা বিদ্ৰোহী সংগঠনৰ !

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা বিদ্ৰোহী সংগঠনৰ !

তিনিচুকীয়া, ২৩ জানুৱাৰী: “তিনিচুকীয়া জিলাখনত যিকোনো মুহূৰ্তত বিদ্ৰোহী সংগঠনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰি অসম-অৰুণাচলৰ সীমান্তত আলফা স্বাধীনৰ দলে বাহৰ পতাৰ লগতে অব্যাহত ৰাখিছে কুচকাৱাজ।” এই মন্তব্য প্ৰকাশ কৰে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ৷

সমাগত গণৰাজ্য দিৱস ৷ মঙলবাৰে তিনিচুকীয়াৰ বৰগুৰিৰ চৰকাৰী উদ্যোগিক প্ৰশিক্ষণৰ খেলপথাৰত গণৰাজ্য দিৱসৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চিৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ 490 গৰাকীৰ পেৰেডৰ অনুশীলন কাৰ্য পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, পেৰেড গ্ৰাউণ্ডৰ পৰা জিলাখনৰ তিনিচুকীয়া সদৰ আৰু মাৰ্ঘেৰিটাত চৰকাৰীভাৱে দুই প্ৰকাৰে গণৰাজ্য দিৱসৰ অনুষ্ঠান হ’ব ৷

ইফালে, তিনিচুকীয়া জিলাখনত বিদ্ৰোহী সংগঠন বিশেষকৈ আলফা স্বাধীনে যাতে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে জিলাখনত বিগত 10 দিনৰ পৰা 400 অতিৰিক্ত আৰক্ষী-কমাণ্ডো বাহিনী মোতায়েন কৰা হৈছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে দীৰ্ঘদিনৰ পৰা তিনিচুকীয়া জিলাত আলফা স্বাধীনে বোমা বিস্ফোৰণ, অপহৰণ, ধনদাবীৰ দৰে ঘটনা সংঘটিত কৰিবলৈ অসম-অৰুণাচলৰ সীমান্তত কুচ-কাৱাজ কৰি আছে যদিও আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে সেয়া সম্ভৱ হোৱা নাই বুলি দাবী কৰে দিলীপে । তিনিচুকীয়াবাসীয়ে যাতে শান্তিৰে দেশৰ গণৰাজ্য দিৱস উদযাপন কৰিব পাৰে তাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে সকলো ব্যৱস্থা কৰিছে বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: 5 বছৰ পিছত ভাৰতৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.