ETV Bharat / state

বিশ্বনাথত উৎখাত জুৱাৰ ঘাটি

Gambler detained in Biswanath: বিশ্বনাথত আৰক্ষীৰ জুৱা বিৰোধী অভিযানত উৎখাত জুৱাৰ ঘাটি ৷ আটক দুই জুৱাৰী ৷ জব্দ নগদ ধনৰ লগতে 6 খন বাইক । ধৃত এজন জুৱাৰী বিদ্যালয়ৰ শিক্ষক ৷

2 Gambler detained in Biswanath
বিশ্বনাথত উৎখাত জুৱাৰ ঘাটি
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 10:26 AM IST

2 Min Read
Choose ETV Bharat

বিশ্বনাথ, 9 ফেব্ৰুৱাৰী: জুৱাৰ বিৰুদ্ধে বিশ্বনাথত আৰক্ষীৰ অভিযান ৷ অভিযানত উৎখাত জুৱাৰ ঘাটি ৷ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুই জুৱাৰীক ৷ জুৱাৰী দুটাৰ পৰা জব্দ কৰা হয় নগদ ধন আৰু 6 খনকৈ বাইক ।

2 Gambler detained in Biswanath
ধৃত জুৱাৰী

ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা মতে, বৃহস্পতিবাৰৰ সন্ধিয়া প্ৰায় 8 বজাত বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই এটা জুৱাৰ ঘাটি উৎখাত কৰে । আনহাতে, আৰক্ষীয়ে দুটাকৈ জুৱাৰীক আটক কৰাৰ লগতে ছয়খনকৈ মটৰ চাইকেল জব্দ কৰিছে । বিশ্বনাথ জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত এটা অভিযানকাৰী দলে বিশ্বনাথৰ দুই নং কুমলীয়াৰ শগুনেখাটী বিলৰ কাষত অভিযান চলায় আৰু গুলজাৰ হুছেইন আৰু আনোৱাৰ ইছলাম নামৰ জুৱাৰী দুটাক জুৱা খেলি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে ।

উক্ত স্থানত উপস্থিত থকা বাকী কেইটা জুৱাৰী পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে জুৱাৰী কেইটাৰ 6 খনকৈ মটৰ চাইকেল জব্দ কৰে । উল্লেখ্য যে, শগুনেখাটী বিলত কাষত বিগত চাৰি বছৰ ধৰি ধাৰাবাহিকভাবে লাখ লাখ টকাৰ অবৈধ জুৱা খেল চলি আহিছে । যাৰ তথ্য লাভ কৰি বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে অভিযান চলায় ।

2 Gambler detained in Biswanath
জব্দকৃত বাইক

আনহাতে, আৰক্ষীয়ে জুৱাৰ ঘাটিটোৰ পৰা চাৰি সহস্ৰাধিক নগদ ধনো উদ্ধাৰ কৰে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ধৃত গুলজাৰ হুছেইন এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক । ইতিমধ্যে জিলা আৰক্ষীৰ দলটোৱে ধৃত দুয়োটা জুৱাৰীকে সোধা-পোছা অব্যাহত ৰাখিছে । বিগত চাৰি বছৰ ধৰি 2 নং কুমলীয়াৰ শগুনেখাটী বিলৰ কাষত ঘৰ সাজি অবৈধ জুৱা খেল চলাই থকা স্থানডোখৰ ক’ৰ্পাৰেটিভ ছ’চাইটিৰ অধীনত ।

ইফালে উক্ত বিলত আনোৱাৰ ইছলামে জুৱা খেল অনুষ্ঠিত কৰি জুৱাৰীৰ পৰা আদায় কৰা ধন ক’ৰ্পেৰেটিভ চ’ছাইটিৰ এজন বিষয়ববীয়া জৈনক দাসকো দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: বিলাসীপাৰাত মেলাৰ নামত চলিছে জুৱা খেলৰ ৰমৰমীয়া বেহা