ETV Bharat / state

বাটৰ কুকুৰ, বিষাক্ত সাপ আৰু এজন কিশোৰৰ কাহিনীৰে...

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:48 AM IST

Updated : Jan 31, 2024, 4:18 PM IST

Prime Minister Bal Shakti Puraskar : বাটৰ নিথৰুৱা কুকুৰ, বিষাক্ত সাপ আৰু এজন কিশোৰ ৷ কি সম্পৰ্ক এই তিনিওৰে ! আপুনিও জানিব খোজে ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ কিছুদিন পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে কিশোৰজনে ৷ পিছে আপুনি জানেনে কোন এই কিশোৰ ?

Prime Minister Bal Shakti Puraskar
বাটৰ কুকুৰ, বিষাক্ত সাপ আৰু এজন কিশোৰৰ কাহিনীৰে...
বাটৰ কুকুৰ, বিষাক্ত সাপ আৰু এজন কিশোৰৰ কাহিনীৰে...

গুৱাহাটী, ৩০ জানুৱাৰী : বৰ্তমান চৰ্চাত থকা এই কিশোৰজন হৈছে শ্যাম মজুমদাৰ ৷ বন্যপ্ৰাণী বিশেষকৈ বাটৰ কুকুৰ আৰু সাপ সংৰক্ষণৰ বাবেই শ্যাম মজুমদাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ পাণ্ডুৰ শংকৰ নগৰৰ স্নেহাশিষ মজুমদাৰ আৰু ঝুমা মজুমদাৰৰ সন্তান শ্যামে অতি কম বয়সতে লাভ কৰিছে ভাৰতৰ আটাইতকৈ কম বয়সীয়া সাপ উদ্ধাৰকাৰীৰ স্বীকৃতি ।

বাটৰ কুকুৰক নিৰাপত্তা দিয়া আৰু প্ৰতিপালনৰ ক্ষেত্ৰত শ্যামে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে ৷ গুৱাহাটীৰ শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰত অধ্যয়নৰত শ্যাম হৈছে দশম শ্ৰেণীৰ ছাত্ৰ । এইবেলি ক’লা আৰু সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, সমাজ সেৱা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ সাফল্যৰ বাবে ১৯ টি শিশুক এই পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে ।

ইয়াৰে ভিতৰত আছে ৯ গৰাকী ল'ৰা আৰু ১০ গৰাকী ছোৱালী । তাৰে ভিতৰত শ্যাম অন্যতম । শ্যাম মজুমদাৰেই হৈছে অসমৰ একমাত্ৰ ছাত্ৰ, যিয়ে এই বছৰ এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাসগৃহত শ্যামৰ লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত বিনিময়ো কৰিছিল ।

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীও উপস্থিত আছিল এই অনুষ্ঠানত । এই পুৰস্কাৰ পোৱা প্ৰতিজন বঁটা প্ৰাপকক এখন পদক, এখন প্ৰমাণপত্ৰ আৰু একোখনকৈ প্ৰমাণপত্ৰ পুস্তিকা প্ৰদান কৰা হয় । দেৰিকৈ হ'লেও তেওঁৰ কামৰ স্বীকৃতি পোৱাত স্বাভাবিকতে আনন্দিত শ্যাম ৷ এইক্ষেত্ৰত তেওঁক পিতৃ-মাতৃয়েও অৱশ্যে যথেষ্ঠ সহযোগ কৰি আহিছে ।

শ্যামে চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰে পৰাই কুকুৰ, সাপ আদি জীৱ-জন্তু উদ্ধাৰৰ কাম কৰি আহিছে । 2017 চনৰ পৰা আশ্ৰয়, খাদ্যৰ পৰা বঞ্চিত এক হাজাৰৰো অধিক বাটৰ কুকুৰক সহায় আৰু উদ্ধাৰ কৰিছে শ্যাম মজুমদাৰে । তেওঁ ২০১৯ চনৰ পৰা চহৰখনৰ বিভিন্ন অঞ্চলৰ পৰা ৮০০ তকৈও অধিক সাপ উদ্ধাৰ কৰিছে ।

শ্যামে গুৱাহাটীৰ সৌৰভ কান্ত মিশ্ৰৰ পৰা কুকুৰ প্ৰতিপালন, চিকিৎসা কৰা আৰু সাপ উদ্ধাৰ কৰা আৰু লগতে এইবোৰৰ বিষয়ে জ্ঞান অৰ্জনৰ‌ বাবে প্ৰশিক্ষণো লৈছে । শ্যামে তেওঁ থকা অঞ্চলৰ কেবাগৰাকী বন্ধুক লগত লৈ এটা দল গঠন কৰি এই কাম কৰি আহিছে । এইক্ষেত্ৰত স্থানীয় লোকৰ পৰাও তেওঁ সহায় পাইছে ।

শ্যামৰ লক্ষ্য ভৱিষ্যতে ভালদৰে বন্যপ্ৰাণী সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰোৱা ৷ যাতে সমাজত এক ইতিবাচক বাৰ্তা দিব পাৰে । শ্যামৰ এই যাত্ৰাই নিশ্চয় অন্য যুৱক যুৱতীসকলক সমাজ তথা বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব ।

লগতে পঢ়ক : অসম আৰক্ষীৰ ২০২৩ বৰ্ষৰ অতি উৎকৃষ্ট-উৎকৃষ্ট সেৱা পদক ঘোষণা

Last Updated : Jan 31, 2024, 4:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.