ETV Bharat / sports

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি ইতিহাস ৰচনা কোকো গ'ফৰ

ছেৰেনা উইলিয়ামছৰ পিছত দ্বিতীয়গৰাকী আমেৰিকান খেলুৱৈৰ ফ্ৰেন্স অ'পেনৰ খিতাপ দখল ।

coco gauff wins French Open
বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি ইতিহাস ৰচনা কোকো গ'ফৰ (AP)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 4:40 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ফ্ৰেন্স অ'পেনত উজলিল আমেৰিকাৰ টেনিছ তাৰকা কোকো গ'ফ । ফ্ৰেন্স অ'পেনত মহিলাৰ একক ফাইনেলৰ খিতাপ দখল আমেৰিকাৰ টেনিছ খেলুৱৈগৰাকীৰ । ৭ জুনত ফিলিপ চেট্ৰিয়াৰ ক'ৰ্টত বিশ্বৰ এক নম্বৰ খেলুৱৈ আৰিনা ছাবালেংকাক পৰাস্ত কৰি ইতিহাস ৰচিলে খেলুৱৈগৰাকীয়ে ।

চূড়ান্ত মেচখনত দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল আৰু অৱশেষত কোকো গ'ফে ৩ ছেটৰ মেচখনত ২-১ পইণ্টত জয়লাভ কৰি কেৰিয়াৰৰ প্ৰথমটো ফ্ৰেন্স অ'পেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । টেনিছ কেৰিয়াৰৰ এইটো হৈছে কোকো গ'ফৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ ।

২১ বছৰীয়া আমেৰিকান টেনিছ খেলুৱৈ কোকো গ'ফে টেনিছ কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অ'পেন মহিলা একক ফাইনেলত প্ৰৱেশ কৰে । ইয়াৰ পূৰ্বে ২০২২ চনত ফাইনেলত প্ৰৱেশ কৰিছিল য'ত খিতাপৰ মেচত ইগা ছুয়েটেকৰ হাতত পৰাস্ত হৈছিল । কোকো গ'ফে অতীতৰ ভুলৰ পৰা শিক্ষা লয় আৰু খিতাপ দখল কৰিবলৈ সক্ষম হয় ।

আৰিনা ছাবালেংকাৰ বিৰুদ্ধে তেওঁৰ খেলখন প্ৰায় ২ ঘণ্টা ৩৮ মিনিট ধৰি চলিছিল য'ত কোকো গ'ফে প্ৰথম ছেটত পৰাস্ত হৈছিল যিটো টাইব্ৰেকাৰত আৰিনা ছাবালেংকাই ৭-৬ পইণ্টত জয়লাভ কৰিছিল ।

প্ৰথম ছেটত পৰাস্ত হোৱাৰ পিছত দ্বিতীয় ছেটত কোকো গ'ফে এক আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰিছিল । দ্বিতীয় ছেটত ৬-২ পইণ্টত জয়লাভ কৰি কোকো গ'ফে সমতা স্থাপন কৰিছিল । একে সময়তে আৰিনা ছাবালেংকাই তৃতীয় ছেটত পুনৰ উভতি আহিবলৈ চেষ্টা কৰে যদিও কোকো গ'ফে ৬-৪ পইণ্টত শেষ কৰে বিজয় মোহৰ লগায় ।

বিশ্বৰ এক নম্বৰ খেলুৱৈৰ বিৰুদ্ধে জয়ী হৈ খিতাপ দখল কৰাৰ লগে লগে কোকো গ'ফে আনন্দতে মজিয়াত শুই পৰে আৰু বিজয় উদযাপন কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনত ১৮ বছৰ বয়সত ইউ এছ অ'পেন খিতাপ দখল কৰিছিল কোকো গ'ফে ।

উল্লেখ্য যে, ২০১৫ চনত ছেৰেনা উইলিয়ামছৰ জয়ৰ পিছত তেওঁ ফ্ৰেন্স অ'পেন খিতাপ জয় কৰা প্ৰথমগৰাকী আমেৰিকান খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু ২০০২ চনত ছেৰেনা উইলিয়ামছৰ পিছত খিতাপ দখল কৰা তেওঁ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে । কোকোৱে ২১ বছৰ বয়সত এই খিতাপ দখল কৰে ।

লগতে পঢ়ক :কোন হ’ব এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ উত্তৰসূৰী, পৰিল জল্পনা-কল্পনাৰ অন্ত - TEAM INDIA WHITE BALL CAPTAINCY