ETV Bharat / sports

কোন হ’ব এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ উত্তৰসূৰী, পৰিল জল্পনা-কল্পনাৰ অন্ত - TEAM INDIA WHITE BALL CAPTAINCY

ৰোহিত শৰ্মাৰ পিছত এদিনীয়া ক্ৰিকেটত কোনে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিব ? বিশেষ চৰ্চালৈ আহিছে এগৰাকী তাৰকা ক্ৰিকেটাৰৰ নাম ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 1:55 PM IST

4 Min Read

নতুন দিল্লী: ক্ৰিকেটৰ খবৰ ৰখা ব্যক্তিসকলে নিশ্চয়কৈ জানে যে টীম ইণ্ডিয়াক টি-২০ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীত জয়ৰ সোৱাদ দিয়া দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই ইতিমধ্যে টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।

এতিয়া মাথো ৰোহিত শৰ্মাক ভাৰতৰ হৈ এদিনীয়া ফৰ্মেটত খেলা দেখা যাব । ৰোহিত শৰ্মাই সম্প্ৰতিও ভাৰতৰ হৈ বগা বলৰ ফৰ্মেটত (কেৱল এদিনীয়া) অধিনায়কৰ দায়িত্ব পালন কৰি আছে ।

কিন্তু এদিনীয়া মেচত অধিনায়ক হিচাপে ৰোহিতৰ স্থান অটুট থাকিবনে ? হিটমেনক ৰখা হ’বনে এদিনীয়া দলত ? এই সন্দৰ্ভতো অনুৰাগীৰ মনত প্ৰশ্ন উত্থাপন হৈছে ।

দৰাচলতে একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰোহিতে টেষ্ট ক্ৰিকেটহে বেছিকৈ খেলিব বিচাৰিছিল । ইংলেণ্ড ভ্ৰমণত অধিনায়ক হিচাপে খেলি থকাৰ মাজভাগতে অৱসৰ লোৱাৰ কথাও কৈছিল ৰোহিত শৰ্মাই ৷

অৱশ্যে নিৰ্বাচকসকলে তেওঁক এগৰাকী নিয়মীয়া খেলুৱৈ হিচাপে সমগ্ৰ শৃংখলাটোত খেলিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল । ইয়াৰ পিছতে আকস্মিকভাৱে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত শৰ্মাই ।

ৰোহিতৰ পিছত কোন হ'ব ভাৰতৰ এদিনীয়া অধিনায়ক ?

ৰেডবল ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণৰ কথা ৰোহিতে বহুবাৰ মুকলিকৈ প্ৰকাশ কৰিছে । আনকি তেওঁৰ পিতৃয়েও টেষ্ট ক্ৰিকেট ভালপায় আৰু ৰোহিতৰ অৱসৰত তেওঁ যেন হতাশ হৈ পৰিছিল ।

এক সাক্ষাৎকাৰত এই কথা কৈছিল ৰোহিতে । এনে পৰিস্থিতিত বি চি চি আই আৰু নিৰ্বাচকসকলে ৰোহিত শৰ্মাক এদিনীয়া দলৰ পৰা ওলাই অহাৰ পথ দেখুৱাব পাৰিবনে, সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

খবৰ অনুসৰি, ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলিব বিচাৰিছে ৰোহিত শৰ্মাই । বৰ্তমান ৰোহিতৰ বয়স ৩৮ বছৰৰ ওপৰত আৰু বিশ্বকাপ ২০২৭ ৰ বাবে এতিয়াও ২ বছৰতকৈও অধিক সময় বাকী আছে ৷ তেতিয়ালৈকে ৰোহিতৰ বয়স ৪০ বছৰৰ ওপৰত হ’ব । এনে পৰিস্থিতিত বি চি চি আই আৰু নিৰ্বাচকসকলে ক্ৰিকেটাৰগৰাকীক ধৰি ৰাখিব বিচাৰিবনে ? এয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন ।

এদিনীয়া দলৰ পৰা বাদ পৰিব পাৰে ৰোহিত শৰ্মা

এইটোও সম্ভৱ যে টেষ্টৰ দৰেই নিৰ্বাচকসকলেও ৰোহিত শৰ্মাক এদিনীয়াৰ পৰা বাদ দি এদিনীয়া বিশ্বকাপ ২০২৭ ৰ বাবে এটা নতুন দল গঢ়ি তোলাৰ কথা চিন্তা কৰিব পাৰে । ৰোহিতৰ পিছত ভাৰতে টেষ্টত শুভমন গিলৰ ৰূপত লাভ কৰিছে নতুন অধিনায়ক ।

টি-২০ ৰ পৰা অৱসৰ লোৱাৰ পিছত ৰোহিতৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়া হৈছে সূৰ্যকুমাৰ যাদৱক । এতিয়া মাত্ৰ বাকী আছে এদিনীয়া ফৰ্মেট ৷ গতিকে ৰোহিতক যদি অধিনায়ক পদৰ পৰা আঁতৰোৱা হয়, তেন্তে বি চি চি আই আৰু নিৰ্বাচকসকলে আন খেলুৱৈ বিচাৰিবলৈ বাধ্য হ’ব ।

চৰ্চালৈ আহিছে এইগৰাকী ক্ৰিকেটাৰৰ নাম

একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত নিজৰ অধিনায়কত্বৰে সকলোকে আপ্লুত কৰা শ্ৰেয়ছ আয়াৰক ভাৰতীয় ক্ৰিকেট দলৰ বগা বলৰ অধিনায়ক হিচাপে বিবেচিত কৰা হৈছে ৷ যদি বি চি চি আই আৰু নিৰ্বাচকসকলে ৰোহিত শৰ্মাক এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা আঁতৰাই পেলায়, তেন্তে শ্ৰেয়ছ আয়াৰক অধিনায়ক হিচাপে দায়িত্ব দিব পৰা যাব ।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ হৈ মিডল অৰ্ডাৰত বেটিং কৰাৰ সময়ত দুটা শতক আৰু তিনিটা অৰ্ধশতকৰে ১১ খন মেচত ৫৩০ ৰাণ সংগ্ৰহ কৰিছিল আয়াৰে । এদিনীয়া বিশ্বকাপ খেলাৰ অভিজ্ঞতাও আছে ক্ৰিকেটাৰগৰাকীৰ ।

নিজৰ অধিনায়কত্বৰে আয়াৰে আই পি এল ২০২৪ ত কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ দিশত আগবঢ়াই নিছিল ৷ বিপৰীতে আই পি এল ২০২৫ ত ফাইনেল খেলি ৬ ৰাণত পৰাস্ত হয় । ইয়াৰ সমান্তৰালকৈ তেওঁ দিল্লী কেপিটেলছকো আই পি এলৰ ফাইনেলত উপনীত কৰোৱাইছিল ৷

ভৱিষ্যতে এজন সফল অধিনায়ক হোৱাৰ সকলো লক্ষণ আছে আয়াৰৰ । এনে পৰিস্থিতিত বি চি চি আই আৰু নিৰ্বাচকসকলে ভৱিষ্যতে অধিনায়কৰ পদৰ বাবে আয়াৰৰ নাম বিবেচনা কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: বেংগালুৰুৰ পদপিষ্টৰ ঘটনা: বিৰাট কোহলীৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.