ETV Bharat / sports

মুশ্বীৰ খানৰ শতকীয় ইনিংছেৰে নিউজীলেণ্ডক পৰাস্ত কৰিলে ভাৰতে

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:54 PM IST

India U19 Team
U19 World Cup 2024

U19 World Cup 2024: নিউজীলেণ্ডক 214 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি 19 বছৰ অনূৰ্ধ বিশ্বকাপৰ ছুপাৰ ছিক্সত প্ৰৱেশ ভাৰতৰ ৷ মুশ্বীৰ খানৰ দৰ্শনীয় শতক ৷

নিউজ ডেস্ক, 30 জানুৱাৰী: ভাৰতীয় ক্ৰিকেট দলটোৱে 19 বছৰ অনূৰ্ধ ক্ৰিকেট বিশ্বকাপত ছুপাৰ ছিক্সত স্থান দখল কৰিছে ৷ নিউজীলেণ্ডক 214 ৰাণত পৰাস্ত কৰি ছুপাৰ ছিক্সত স্থান লাভ কৰে ভাৰতীয় দলটোৱে ৷

নিউজীলেণ্ডে টচত জিকি প্ৰথমে ব’লিঙৰ সিদ্ধান্ত লয় ৷ খেলৰ প্ৰথমতেই ভাৰতে অপেনাৰ আৰ্শিন কুলকাৰ্ণিৰ উইকেট হেৰুৱায় ৷ নিউজীলেণ্ডৰ জেক কামিঙে দখল কৰে আৰ্শিনৰ উইকেট ৷ অৱশ্যে আনগৰাকী অপেনাৰ আদৰ্শ সিং আৰু ফাৰ্ষ্ট ডাউন মুশ্বীৰ খানে দ্বিতীয় উইকেটৰ যুটিত 77 ৰাণ সংগ্ৰহ কৰে ৷ দুয়োৰে চমকপ্ৰদ বেটিঙে নিউজীলেণ্ডৰ বলাৰসকলক হতাশ কৰে ৷

52 ৰাণ কৰি আদৰ্শ আউট হয় যদিও ভাৰতীয় অধিনায়ক উদয় সাহাৰাণে মুশ্বীৰৰ সৈতে দ্বিতীয় উইকেটৰ যুটিত 87 ৰাণ সংগ্ৰহ কৰে ৷ সাহাৰাণে 34 ৰাণ সংগ্ৰহ কৰে ৷ মুশ্বীৰে 126 টা বলত 131 ৰাণৰ এটা দৰ্শনীয় ইনিংছ খেলে ৷ তেওঁ 13 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰী কোবায় ৷

মুশ্বীৰৰ শতকীয় ইনিংছে ভাৰতক 298 ৰাণৰ শক্তিশালী স্থিতিত উপনীত হোৱাত সহায় কৰে ৷ 8 টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে 298 ৰাণ ৷ নিউজীলেণ্ডৰ বাবে এই লক্ষ্য খুবেই সহজ নাছিল ৷ আৰম্ভণিৰ পৰাই কিৱি দলটোৱে নিয়মীয়া গতিত উইকেট হেৰুৱাবলৈ ধৰে ৷

ভাৰতৰ বাওঁহতীয়া স্পীনাৰ সৌমি পাণ্ডেয়ে 19 ৰাণ খৰচ কৰি নিউজীলেণ্ডৰ 4 টাকৈ উইকেট দখল কৰে ৷ মুশ্বীৰ খানেও 10 ৰাণৰ বিনিময়ত লাভ কৰে দুটা উইকেট ৷ ইয়াৰ সমান্তৰালভাৱে সোঁহতীয়া পেচাৰ ৰাজ লিম্বানিয়ে 17 ৰাণৰ বিনিময়ত 2 টা উইকেট দখল কৰে ৷ মাত্ৰ 81 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় নিউজীলেণ্ডে আৰু ভাৰতে 214 ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে ৷

ছুপাৰ ছিক্সত অহা 2 ফেব্ৰুৱাৰীত নেপালৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলটোৱে ৷

লগতে পঢ়ক: বিমানত অসুস্থ ক্ৰিকেটাৰ মায়ংক আগৰৱালা; গ্ৰহণ কৰিছিল চৰবত জাতীয় পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.