মুম্বাই : আই পি এল ২০২৫ৰ ৬৩ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৫০ ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে । মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰণ কৰি দিয়া ১৮১ ৰাণৰ লক্ষ্য খেদি ফুৰাৰ সময়তে সমগ্ৰ দিল্লী দলটোৱে ১২১ ৰাণত অল আউট হৈছিল । ইয়াৰ লগে লগে দিল্লী যাত্ৰা ইয়াতেই শেষ হ’ল । মুম্বাইৰ হৈ বুমৰাহে ৩.২ অভাৰত ১২ ৰাণত ৩টা উইকেট দখল কৰাৰ বিপৰীতে ছেটনাৰে ৪ অভাৰত ১১ ৰাণত ৩টা উইকেট দখল কৰে ।
গুজৰাট, বেংগালুৰু আৰু পঞ্জাৱৰ পিছত মুম্বাই প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে । এই জয়ৰ লগে লগে মুম্বাইৰ মুঠ পইণ্ট ১৬ হ’ল আৰু লীগৰ অন্তিমখন খেলত পঞ্জাৱৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব ।
SKY shines the brightest when the heat is on ☀
— IndianPremierLeague (@IPL) May 21, 2025
A clutch & composed knock of 73*(43) earns Surya Kumar Yadav the Player of the Match award 🫡
Scorecard ▶ https://t.co/fHZXoEKt3L#TATAIPL | #MIvDC | @mipaltan | @surya_14kumar pic.twitter.com/0VO1L04QQe
১৮১ ৰাণৰ লক্ষ্য খেদিবলৈ দিল্লীয়ে ব্যৰ্থ হয় কাৰণ সমীৰ ৰিজভি (৩৯ ৰাণ)ৰ বাহিৰে তেওঁলোকৰ কোনো এজন বেটছমেনে উইকেটত থাকিব নোৱাৰিলে । যাৰ বাবে তেওঁলোকে ৫৯ ৰাণত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
দিল্লীয়ে একেৰাহে ৪খন মেচত জয়লাভ কৰি অভিযান আৰম্ভ কৰাৰ পাছতো আই পি এল ২০২৫ত প্লে অফৰ পৰা বাহিৰ হৈছিল । আনহাতে মুম্বাইয়ে আৰম্ভণিতে একেৰাহে ৫খন মেচত পৰাস্ত হোৱাৰ পিছতো প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰি পুনৰবাৰ সকলোকে আচৰিত কৰি তুলিছে ।
Dominant victory ✅
— IndianPremierLeague (@IPL) May 21, 2025
Playoffs ✅
A dream outing for #MI in their last match at Wankhede this season as they secure a 59-run win over #DC 💙👏
Scorecard ▶ https://t.co/fHZXoEJVed#TATAIPL | #MIvDC | @mipaltan pic.twitter.com/mitYRgtqlZ
খেলখনৰ আৰম্ভণিতে টছত পৰাস্ত হোৱাৰ পিছত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ১৮০ ৰাণ সংগ্ৰহ কৰিছিল । মুম্বাইয়ে শেষৰ দুটা অভাৰত ৪৮ ৰাণ সংগ্ৰহ কৰিছিল । সূৰ্যকুমাৰ যাদৱে বেটিং কৰি ১৬ অভাৰৰ শেষলৈ ২৮টা বলত ৩৫ ৰাণ কৰে যদিও ডেথ অভাৰত তেওঁ আগ্ৰাসী আৰম্ভণি কৰে । ফাইনেল অভাৰত তেওঁ দুষ্মন্ত চমীৰাৰ সকলো প্ৰচেষ্টা বিফল কৰি দুটা ছয় আৰু দুটা চাৰি সহায়ত ২১ ৰাণ সংগ্ৰহ কৰে ।
সূৰ্যকুমাৰে স্ক’ৰ ত্বৰাণ্বিত কৰি খেলখন গভীৰলৈ লৈ যোৱাৰ লগতে ডেথ অভাৰত দলটোক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিবলৈ সঠিক মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল । তেওঁ ৪৩টা বলত ৭৩ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলিছিল, য’ত আছিল ৭টা চাৰি আৰু ৪টা ছয় ।
The quest for Title No. 6⃣ is alive 🏆
— IndianPremierLeague (@IPL) May 21, 2025
Congratulations to @mipaltan who become the fourth and final team into the #TATAIPL 2025 playoffs 💙 👏#MIvDC pic.twitter.com/gAbUhbJ8Ep
প্ৰথম ৭ অভাৰত নিয়মীয়া ব্যৱধানত মুম্বাইয়ে উইকেট হেৰুৱাই যদিও সূৰ্য কুমাৰ আৰু তিলক বৰ্মাই ৫৫ ৰাণৰ অংশীদাৰিত্ব কৰে । তিলকে ২৭টা বলত ২৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে নমন ধীৰে মাত্ৰ ৮টা বলত ২৪ ৰাণ সংগ্ৰহ কৰি এক উজ্জ্বল সামৰণি মাৰে ।