বেংগালুৰু : ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হবলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ৰ ৫৮ সংখ্যক মেচখন বৰষুণৰ বাবে বাতিল কৰা হয় । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শনিবাৰে বৰষুণৰ বাবে সময়মতে টছ হ’ব নোৱাৰিলে ।
বৰষুণৰ বাবে মেচখন অনুষ্ঠিত হ'ব নোৱৰাত দুয়োটা দলে ১-১ পইণ্টকৈ লাভ কৰে । ইয়াৰ লগতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ১২খন খেলত ১৭ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় । ইফালে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে ১৩খন খেলৰ পৰা ১২ পইণ্ট লাভ কৰিছে । ইয়াৰ লগতে দলটো প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে ।
Match 5️⃣8️⃣ between @RCBTweets and @KKRiders has been called off due to rain.
— IndianPremierLeague (@IPL) May 17, 2025
Both teams get a point each.#TATAIPL | #RCBvKKR pic.twitter.com/igRYRT8U5R
আই পি এলৰ চলিত সংস্কৰণৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে কলকাতা । ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে আই পি এল ২০২৫ এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছিল । আই পি এল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ পিছত এইখন আছিল প্ৰথমখন মেচ ।
আৰ চি বি আৰু কে কে আৰৰ সম্ভাৱ্য মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সম্ভাৱ্য মূল একাদশ : জেকব বেথেল/ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাডিক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটৰক্ষক), টিম ডেভিদ, ক্রুণাল পাণ্ডিয়া, ৰোমাৰিঅ' শ্বেফাৰ্ড, ভুবনেশ্বৰ কুমাৰ, লুংগী এনগিড়ি/জছ হেজলউড, যশ দয়াল ।
ইম্পেক্ট খেলুৱৈ : সুয়শ শৰ্মা, লিয়াম লিভিংষ্ট’ন
কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য মূল একাদশ : ৰহমানুল্লাহ গুৰবাজ (উইকেটৰক্ষক), সুনীল নাৰায়ণ, আজিংক্য ৰাহাণে (অধিনায়ক), অঙ্গকৃষ ৰঘুবংশী, ৰোভমেন পাৱেল, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আণ্ড্ৰে ৰাছেল, ৰমণদীপ সিং, বৰুণ চক্রৱৰ্তী, বৈভৱ অৰোৰা ।
ইম্পেক্ট খেলুৱৈ : হৰ্ষিত ৰাণা
লগতে পঢ়ক : আজিৰে পৰা পুনৰ IPL ৰণ; সমুখ সমৰত RCB বনাম KKR |