ETV Bharat / sports

ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা

অৰুণাচল প্ৰদেশৰ পৰা ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ দুঃসাহসিক অভিযান ।

NIMAS Historic Brahmaputra Rafting
ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 1:41 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উদ্য়োগত চলিছে নৌকা যাত্ৰা । ব্ৰহ্মপুত্ৰত নদী পথেদি মুঠ ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰাত অংশগ্ৰহণ কৰিছে পুৰুষ-মহিলাৰ এটা দলে ।

ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰাফটিং এক্সপ্ৰেছন নামেৰে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা চিয়াং নদীত আৰম্ভ হোৱা এই অভিযানৰ অন্ত পৰিব ধুবুৰীৰ হাটশিঙিমাৰীত ।

ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা (ETV Bharat Assam)

১৪ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ উদ্য়োগত আৰম্ভ হোৱা এই অভিযানত অংশগ্ৰহণ কৰা দলটোৱে মঙলবাৰে সন্ধিয়া জোনাই চিয়াং-লালী নদীৰ কাষৰ পবা সংৰক্ষিত বনাঞ্চলত উপস্থিত হয় । উক্ত দলটোত ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠান দিৰাং, টেনজিং নৰ্গে সেনা মেডেল, সেনা মেডেল, বিশিষ্ট সেৱা মেডেল লাভ কৰা কৰ্ণেল ৰণবীৰ সিং জামৱাল, কেপ্টেইন কবিথা, মেডিকেল বিষয়াৰ লগতে আঠজনীয়া দলে অংশগ্ৰহণ কৰিছে ।

আনহাতে, এই দলটোৰ সৈতে স্থলপথেৰে ১৬ গৰাকী সদস্যয়ো অভিযানটোত অংশগ্ৰহণ কৰিছে । এয়া হৈছে প্ৰথমবাৰৰ বাবে অৰুণাচলৰ পৰা অসমৰ ধুবুৰীৰ হাটশিঙিমাৰীলৈ (৯১৬ কিলোমিটাৰ) আটাইতকৈ দীঘলীয়া নৌকা যাত্ৰা । এই অভিযান সন্দৰ্ভত কেপ্টেইন কবিথাই কয়, "এয়া হৈছে আটাইতকৈ দীঘলীয়া নৌকা যাত্ৰা । ব্ৰহ্মপুত্ৰ নদী এখন সাধাৰণ নদী নহয়, ব্ৰহ্মপুত্ৰখন সাগৰ সদৃশ । উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠানৰ জড়িয়তে এইক্ষেত্ৰত আগবাঢ়ি আহিব লাগে ।"

উক্ত দলটোক চিয়াং-লালী নদীৰ পাৰত "মানুহে মানুহৰ বাবে" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি দিগন্ত লৃচাং পেগু, টমাছ পেগু, অৰুণ ময়ং, লস্কৰ কুম্বাং আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ দলটোক জোনাইৰ স্থানীয় বিধায়ক ভূবন পেগু আৰু জোনাই বনাঞ্চলিক বিষয়া আদিয়েও সৌজন্যতামূলক সাক্ষাৎ কৰে ৷ উল্লেখ্য় যে পবা বনাঞ্চলত চিয়াং লালী নদীৰ পাৰত পৰিৱেশ সজাগতা জংগল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, বন্য়প্ৰানী ফটোগ্ৰাফী, চৰাই নিৰীক্ষণ, কেম্প চাইট, নৌকা বিহাৰ কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠনটোৱে পদক্ষেপ লৈছে ।

লগতে পঢ়ক:গাঁৱলীয়া পৰিবেশত বিশ্ব ভলীবলৰ সভাপতিক আদৰিবলৈ সাজু তেজপুৰ - BRAHAMPUTRA VOLLEYBALL LEAGUE

ক্ৰীড়াবিদৰ গৌৰৱে অনুপ্ৰাণিত কৰে জাতিক: সৰ্বানন্দ সোণোৱাল - ASSAM TEAM JERSEY OF NATIONAL GAMES