ETV Bharat / state

ক্ৰীড়াবিদৰ গৌৰৱে অনুপ্ৰাণিত কৰে জাতিক: সৰ্বানন্দ সোণোৱাল

সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন । ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ট্ৰাইথলন ।

Assam team jersey of National Games unveil
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2025 at 10:00 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে বিতৰণ কৰা হয় । গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম অলিম্পিক সন্থা আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত খেলিব লগা অসম দলটোক আনুষ্ঠানিকভাৱে শুভেচ্ছামূলক বিদায়ো জনোৱা হয় ।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কয়," নৱ প্ৰজন্মৰ সফলতাই জাতীক গৌৰবান্বিত কৰে । একেদৰে ক্ৰীড়াবিদৰ গৌৰৱে অনুপ্ৰাণিত কৰে বিশাল সমাজক । অসমৰ খেলুৱৈয়ে নিজৰ সফলতাৰে দেশ আৰু জাতিক স্মৰণীয় গৌৰৱ দিছে আৰু আসন্ন ৰাষ্ট্ৰীয় ক্ৰীড়াতো ৰাজ্যৰ খেলুৱৈয়ে প্ৰত্যাশিত সফলতা লাভ কৰিব ৷" তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসম দলটোক বিমানৰে অহা-যোৱা কৰাৰ ব্যৱস্থা কৰি দিয়াৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায় ।

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন (ETV Bharat Assam)

ইফালে, সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি তথা মন্ত্ৰী পীযুষ হাজৰীকাই নিজৰ ভাষণত কয়, " পদকজয়ী খেলুৱৈসকলক যিদৰে মৰম কৰিব ঠিক একে মৰম আৰু সমৰ্থন পদক নোপোৱা খেলুৱৈ সকলকো কৰা হ’ব, যাতে অসমৰ কোনো এজন ক্ৰীড়াবিদে মানসিকভাৱে হাৰি নাযায় ।" সন্থাৰ আন এগৰাকী জ্যেষ্ঠ উপ-সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "ৰাজ্য চৰকাৰে খেলুৱৈক সকলোধৰণৰ সহযোগিতা আগবঢ়াবৰ বাবে সাজু । খেলত কেৰিয়াৰ আগুৱাই লৈ যোৱাত নতুন প্ৰজন্মক সকলোধৰণৰ সুযোগ দিবলৈ বৰ্তমানৰ অসম চৰকাৰ দৃঢ় প্ৰতিজ্ঞ ।"

Assam team jersey of National Games unveil
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন (ETV Bharat Assam)

উক্ত অনুষ্ঠানত আদৰণি ভাষণত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয়, "উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ ২২ বিধ খেলৰ বাবে প্ৰায় তিনিশজনীয়া খেলুৱৈ-বিষয়াৰ দল প্ৰেৰণ কৰিব । এইবাৰ ২৩৭ জনীয়া খেলুৱৈ দলত অলিম্পিয়ানৰ লগতে কমনৱেলথ আৰু এছিয়ান গেমছত পদক লাভ কৰা তথা প্ৰায় কুৰিজন দেশক প্ৰতিনিধিত্ব কৰা আন্তৰ্জাতিক ক্ৰীড়াবিদ আছে যিসকলে নৱাগতসকলক অনুপ্ৰাণিত কৰিব । বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে ৫৬ টা পদক লাভ কৰি দ্বাদশ স্থানত আছিল । এইবাৰো অসমে ৫০ৰো অধিক পদক লাভ কৰিব বুলি আমি আশাবাদী ।"

Assam team jersey of National Games unveil
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন (ETV Bharat Assam)

অনুষ্ঠানটোত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম দলৰ চিফ দ্য মিছন অভিজিত ভট্টাচাৰ্য, সন্থাৰ কোষাধ্যক্ষ অশোক ভড়ালী আৰু কণ্ঠশিল্পী ভূগু কাশ্যপো উপস্থিত থাকে ৷ ইফালে, খেলুৱৈৰ হৈ অনুষ্ঠানত কিটছ গ্ৰহণ কৰে কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই । আনহাতে, অহা ২১ জানুৱাৰীত উত্তৰাখণ্ডলৈ অসমৰ প্ৰথমটো দলৰূপে ৰাওনা হ’ব লগা ট্ৰাইথলন দলকো জাৰ্ছী দিয়া হয় ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আৰম্ভণি ২৮ জানুৱাৰীত হ’ব যদিও ২৫ জানুৱাৰীৰ পৰা ট্ৰাইথলন আৰম্ভ হ’ব । ইফালে, আজিৰ অনুষ্ঠানতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে অসম অলিম্পিক সন্থাই ডেপুটি চিফ দ্য মিছনৰ দায়িত্ব দিয়া সন্থাৰ দুই যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া আৰু হীৰেণ গগৈৰ নামো অনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ।

লগতে পঢ়ক: কোচ ৰাজবংশী সন্মিলিত মঞ্চক অসম বন্ধ প্ৰত্যাহাৰৰ আহ্বান মন্ত্রী পীযুষ হাজৰীকাৰ