নতুন দিল্লী: দিল্লী কেপিটেলছক ৫৯ ৰাণত পৰাস্ত কৰি আই পি এল ২০২৫ ৰ প্লে-অফত প্ৰৱেশ কৰিছে মুম্বাই ইণ্ডিয়ানছে । চলিত ছিজনৰ আই পি এলৰ প্লে-অফত স্থান লাভ কৰা চতুৰ্থটো দলত পৰিগণিত হৈছে মুম্বাই ।
কিন্তু এই মেচখনৰ পাছত মুম্বাই ইণ্ডিয়ানছৰ বেষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ লগত এনে এক ঘটনা ঘটিল, যিয়ে সকলোকে হতবাক কৰি তোলে ।
বুমৰাহৰ কিছু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে, যাৰ বাবে দলৰ স্বত্বাধিকাৰী নীতা আম্বানীও লাইমলাইটলৈ আহিছে ।
আচলতে যেতিয়া মুম্বাইয়ে শেহতীয়া মেচখনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে জয়লাভ কৰিছিল, তেতিয়া মুম্বাইৰ স্বত্বাধিকাৰী নীতা আম্বানীও ষ্টেডিয়ামৰ গেলেৰীত উপস্থিত আছিল ৷
দলৰ জয়ৰ পিছত নীতা আম্বানীৰ সৈতে কৰমৰ্দন কৰি অভিনন্দন জনাবলৈ আহিছিল যশপ্ৰীত বুমৰাহ ৷ পিছে বুমৰাহৰ সৈতে প্ৰথমে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰি হাতত লগাইছিল চেনিটাইজাৰ ৷ তাৰপিছত তেওঁ বুমৰাহৰ হাততো চেনিটাইজাৰ লগাবলৈ দি কৰমৰ্দন কৰি ক্ৰিকেটাৰগৰাকীক জনাইছিল অভিনন্দন ৷
বুমৰাহৰ হাত কৰিলে চেনিটাইজ
নীতা আম্বানীয়ে মুম্বাই ইণ্ডিয়ানছৰ সকলো খেলুৱৈকে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কৈছিল । তেওঁ নিজে যশপ্ৰীত বুমৰাহৰ লগতে কৰণ শৰ্মাকে ধৰি অন্যান্য খেলুৱৈসকলক দিছিল চেনিটাইজাৰ ।
Nita Ambani asking Jasprit Bumrah to sanitise his hands 😄#MIvsDC #MIvDC pic.twitter.com/fjmd5MbwE1
— Cricketism (@MidnightMusinng) May 21, 2025
দলটোৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়ায়ো জয়ৰ পিছত হাত মিলোৱাৰ পৰিৱৰ্তে মূৰেৰে অভিবাদন জনায় ৷ বিশ্বত শেহতীয়াকৈ কৰ’ণা মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছিল এই কাম ৷
উল্লেখ্য যে, কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে দেশৰ বহু ৰাজ্যত পুনৰ কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । বৰ্তমান ভাৰতত ২৫০ জনতকৈ অধিক সক্ৰিয় কোভিড-19 ৰোগী আছে ।
Nita ma'am making sure her team doesn't get the losing virus from DC 😭 pic.twitter.com/vjpseUOcx5
— रोहन (@Pvthaibhai) May 22, 2025
আই পি এলৰ ক্ষেত্ৰতো কৰ’ণাৰ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অষ্ট্ৰেলিয়ান খেলুৱৈ ট্ৰেভিছ হেডো শেহতীয়াকৈ কৰ’ণাত আক্ৰান্ত হৈছে ।
কেনেকুৱা আছিল মেচখন
আই পি এল ২০২৫ ৰ ৬৩ সংখ্যক খেলখন মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হয় । মুম্বাইয়ে সূৰ্যকুমাৰ যাদৱৰ অপৰাজিত ৭৩ ৰাণৰ ইনিংছটোৰ সহায়ত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৮০ ৰাণ ৷
আনহাতে, ১৮১ ৰাণৰ লক্ষ্য আগত ৰাখি ক্ৰিজত নমা দিল্লীয়ে ১৮.২ অভাৰত ১২১ ৰাণ সংগ্ৰহ কৰি হেৰুৱাই আটাইকেইটা উইকেট ৷ যাৰ বাবে ৫৯ ৰাণৰ ব্যৱধানত মেচখনত পৰাস্ত হয় দলটো । এই মেচখনত মুম্বাইৰ হৈ যশপ্ৰীত বুমৰাহে ৩ টা উইকেট দখল কৰে ।
লগতে পঢ়ক: দিল্লীক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ মুম্বাইৰ