ETV Bharat / sports

আই পি এলৰ ৰোমাঞ্চকৰ মেচত কলকাতাক ২ উইকেটত পৰাস্ত ৰাজস্থানৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:54 PM IST

Updated : Apr 17, 2024, 7:17 AM IST

KKR vs RR IPL 2024
IPL 2024

KKR vs RR IPL 2024: মঙলবাৰে আই পি এল ২০২৪ত ৰাজস্থান ৰয়েলছে এক ৰোমাঞ্চকৰ জয় অৰ্জন কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে শেষ বলত ৰাজস্থানে জয়লাভ কৰে ।

নিউজ ডেস্ক, ১৬ এপ্ৰিল: কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত আই পি এল ২০২৪ৰ ৩১ সংখ্যক মেচত শেষ বলত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে । জোছ বাটলাৰে শতকীয় ইংনিছে দলটোক ষষ্ঠটো জয় প্ৰদান কৰে । ৰাজস্থানে ১২ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান অব্যাহত ৰখাৰ বিপৰীতে ৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে কলকাতা । কলকাতাই প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থানে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২২৪ ৰান সংগ্ৰহ কৰি মেচখন ২ উইকেটত জয়লাভ কৰে ।

ৰাজস্থানৰ আৰম্ভণি আছিল লেহেমীয়া । দলটোৰ প্ৰথমটো আঘাত যশস্বী জয়ছোৱালৰ ৰূপত হয় যিয়ে ১৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে দ্বিতীয় উইকেটৰ বাবে সঞ্জু চেমছন আৰু জোছ বাটলাৰৰ মাজত ২৫ ৰানৰ অংশীদাৰিত্ব হয় । অধিনায়ক সঞ্জু চেমছনে মাত্ৰ ১২ ৰানহে কৰিবলৈ সক্ষম হয় । ইয়াৰ পাচত ৰিয়ান পৰাগে বেটিং কৰিবলৈ আহি চাৰিটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৩৪ ৰান সংগ্ৰহ কৰে । খেলখনত কলকাতাৰ বলিং আক্রমণৰ বিৰুদ্ধে ৰাজস্থানৰ বেটিং লাইন আপে সংগ্রাম কৰিছিল ৷ ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে দুটা ৰান, ৰবিচন্দ্ৰন অশ্বিনে ৮ ৰান, ৰভমেন পাৱেলে ২৬ ৰান কৰাৰ বিপৰীতে শ্বিমৰন হেটমেই আৰু ট্ৰেণ্ট ব’ল্টে কোনো ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল ।

খেলখনৰ আৰম্ভনিত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজস্থান ৰয়েলছে । সুনীল নাৰিনৰ বিস্ফোৰক শতকৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে ২২৪ ৰাণ বিশাল লক্ষ্য বান্ধি দিয়ে ।

কেকেআৰৰ অপেনাৰ ছল্টে ১০ ৰাণ কৰি আউট হোৱাৰ বিপৰীতে সুনীল নাৰিনে ১৭.৩ অভাৰলৈকে খেলি ৫৬ টা বলত ১৩ টা বাউণ্ডেৰী আৰু ৬ টা ছিক্সাৰ কোবাই মুঠ ১০৯ ৰাণ সংগ্ৰহ কৰে । অংকৃশ ৰঘুবংশীয়ে ১৮ টা বলত ৩০ ৰাণৰ বৰঙণি যোগায় । ৰিংকু সিঙে ২০ ৰাণ কৰি অপৰাজিত হৈ হয় । নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই কেকেআৰে ২২৩ ৰাণ সংগ্ৰহ কৰে ।

ইফালে ২২৪ ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা ৰাজস্থান ৰয়েলছে প্ৰথমৰ পৰাই আক্ৰমণাত্মকভাৱে খেলিবলৈ ধৰে যদিও টপ অৰ্ডাৰৰ বেটছমেনৰ উইকেট পতনে দলটোৰ জয়ৰ আশাক দূৰলৈ লৈ গৈছে । জয়ছোৱালে ১৯, ছেমছনে ১২, ৰিয়ানে ৩৪ ৰাণ কৰি আউট হোৱাৰ পিচত বাটলাৰে ২৯ ৰাণ কৰি যুঁজ দি আছে ।

কলকাতা আৰু ৰাজস্থানৰ দলৰ মাজত আই পি এলৰ আটাইকেইটা ছিজনত এই পৰ্যন্ত মুঠ ২৮ খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত কেকেআৰে ১৪খন মেচত আৰু ৰাজস্থানে ১৩খন মেচত জয়লাভ কৰিছে । একে সময়তে দুয়োটা দলৰ মাজত ১খন মেচ অমীমাংসিত হৈ ৰৈছে । যদি আমি কেকেআৰ আৰু আৰ আৰৰ মাজত হোৱা শেহতীয়া ৫ খন মেচৰ কথা কওঁ তেন্তে ইয়াত ৰাজস্থান আগবাঢ়ি আছে । ৰাজস্থানে ৩খন মেচত জয়লাভ কৰাৰ বিপৰীতে কেকেআৰে ২খন মেচত জয়লাভ কৰিছে ।

লগতে পঢ়ক: দুৰ্বল বেটিং প্ৰদৰ্শনেই আৰ চি বিৰ পৰাজয়ৰ কাৰক: মিতালী ৰাজ - IPL 2024

Last Updated :Apr 17, 2024, 7:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.