ETV Bharat / sports

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় মহাৰণ 2023: উদ্বোধনী অনুষ্ঠানত চমক প্ৰদৰ্শন কৰিবলৈ সাজু পাপন

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:31 PM IST

Khelo India University Games: পাপনৰ সংগীতানুষ্ঠানেৰে গীতেৰে আৰম্ভ হ’ব খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় মহাৰণ-2023 ৷ 19 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ সিং ঠাকুৰেও ৷ লগতে থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাযোগে অনুপ্ৰেৰণা যোগাব খেলুৱৈসকলক ।

Khelo India University Games
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় মহাৰণ 2023
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় মহাৰণ 2023

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: ১৯ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ 2023 ৷ অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে শেহতীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ এনে সময়তে খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ চতুৰ্থ সংস্কৰণে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এক ভাল খবৰ ।

গুৱাহাটীত ২০২০ চনত সফলতাৰে অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ পাছত পুনৰ অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণো সফলতাৰে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বিগত ৮ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যক প্ৰতিনিধিত্বৰে প্ৰস্তুত কৰা ল'গ', প্ৰতীক, জাৰ্ছি আৰু শীৰ্ষ সংগীত ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰিছে ।

এই সম্পৰ্কত আজি এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰতিযোগিতাখনৰ বিষয়ে বিতংকৈ জানিবলৈ দিয়ে । মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১৯ ফেব্ৰুৱাৰীত উদ্ধোধনী অনুষ্ঠানত থাকিব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । লগতে সংগীত পৰিৱেশন কৰিব অংগৰাগ পাপন মহন্তই । উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থাকিব ।

প্ৰতিযোগিতাখনত মুঠ ২০ বিধ খেল অনুষ্ঠিত কৰা হ’ব । অসমৰ মুঠ ৭ টা স্থানত অনুষ্ঠিত হ’ব ১৬ বিধ খেল ৷ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ ১৩০ খনকৈ হোটেল বুক কৰা হৈছে খেলুৱৈসকলৰ কাৰণে । ইমান ধুমধামেৰে অনুস্থিত কৰা প্ৰতিযোগিতাখনত তাৎপৰ্যপূৰ্ণভাবে অসমৰ কোনো বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণ নাই । উত্তৰ -পূৰ্বাঞ্চলৰ কেৱল মণিপুৰৰ দুখন বিশ্ববিদ্যালয়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই মেগা প্ৰতিযোগিতাখনত ।

সংবাদমেলত অসমৰ খেলুৱৈৰ অংশগ্ৰহণৰ সন্দৰ্ভত দায়সৰা মন্তব্য প্ৰকাশ কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত এইবাৰ সমগ্ৰ দেশৰ ১৬৩ খন বিশ্ববিদ্যালয়ৰ ৫০০০ খেলুৱৈ অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: লোকসভাৰ মজিয়াত উন্মোচিত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.