ETV Bharat / sports

আই পি এলত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈত পৰিণত দীনেশ কাৰ্তিক - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:23 PM IST

MOST DUCKS IN IPL : ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকৰ লজ্জাজনক প্ৰদৰ্শন ৷ আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ অৰ্থাৎ ১৮ বাৰ শূন্য ৰাণত আউট হৈছে খেলুৱৈগৰাকী ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

IPL 2024
দীনেশ কাৰ্তিক (SOURCE : FILE PHOTO IANS)

স্প’ৰ্টছ ডেস্ক, 13 মে’ : প্ৰায় সামৰণিৰ দিশে অগ্ৰসৰ হৈছে চলিত চিজনৰ আই পি এল শৃংখলা ৷ চলিত ছিজনত শৃংখলাটোৰ লীগ পৰ্যায়ৰ 61 খন মেচ অনুষ্ঠিত হৈ গৈছে ৷ এতিয়ালৈ প্ৰতিটো দলে প্ৰায় 12 খনকৈ মেচত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

এই চিজনত বহু খেলুৱৈৰ নামত নানা অভিলেখ গঢ়ি উঠা পৰিলক্ষিত হৈছে ৷ পিছে, আৰ চি বিৰ উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকৰ নামত সংযোজন হৈছে এক লজ্জাজনক অভিলেখ ৷

আচলতে দীনেশ কাৰ্তিক এনে এজন বেটছমেন, যিয়ে আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ অৰ্থাৎ 18 বাৰ শূন্য ৰাণত আউট হৈছে । যদিও দীনেশ কাৰ্তিকে এই ছিজনত বেছিভাগ ইনিংছ খেলি শেষ মূহুৰ্তলৈকে দলটোক লক্ষ্যত উপনীত হোৱাত সহায় কৰে, পিছে তেওঁৰ ব্যক্তিগত প্ৰদৰ্শন তেনেই শোচনীয় ৷

এইটো ছিজনত কাৰ্তিকে 5 টা ইনিংছত অপৰাজিত বেটিং কৰে, য’ত আছে দুটাকৈ অৰ্ধশতক ৷ ইয়াৰ বাদে আন দুখন মেচত খেলুৱৈগৰাকীয়ে বেটিং কৰাৰ সুযোগ লাভৰ পৰা বিৰত থাকে ৷

দীনেশ কাৰ্তিকৰ পিছতে আই পি এলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে ৰোহিত শৰ্মাৰ । খেলুৱৈগৰাকী ইতিমধ্যে 17 বাৰ শূন্যত আউট হৈছে ।

ইয়াৰ উপৰিও গ্লেন মেক্সৱেলেও 17 বাৰ শূন্যত আউট হৈছে । কেৱল এই ছিজনতে গ্লেন মেক্সৱেলে তিনিবাৰকৈ শূন্যত আউট হৈছে । ইয়াৰ উপৰিও সুনীল নাৰায়ণ আৰু পীয়ুষ চাওলাই 16-16 বাৰ শূন্যত আউট হৈছে ।

উল্লেখ্য যে, চলিত চিজনৰ আই পি এলত চেন্নাই, বেংগালুৰু আৰু লক্ষ্ণৌ প্লে’ অফৰ দৌৰৰ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে এতিয়ালৈ চৰ্চাত আছে ।

লগতে পঢ়ক: আই পি এল 2024ৰ প্লে’ অফ: আৰ চি বিৰ আশা সজীৱ, দৌৰত চেন্নাই, লক্ষ্ণৌ - IPL Playoff Scenario

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.