ETV Bharat / sports

এফআইএইচ হকী৫এছ মহিলা বিশ্বকাপ, পোলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ

author img

By ANI

Published : Jan 23, 2024, 2:19 PM IST

FIH Hockey5s Womens World Cup: ওমানত ৪ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এফআইএইচ হকী৫এছ মহিলা বিশ্বকাপৰ বাবে সাজু হৈছে ভাৰতীয় দল । ২৪ জানুৱাৰীত পোলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল ভাৰতৰ । একেদিনাই ভাৰতে আমেৰিকাৰ বিৰুদ্ধে খেলিব । দলটোক নেতৃত্ব দিব অভিজ্ঞ গ'লকীপাৰ ৰজনী ইতিমাৰ্পুৱে ।

FIH Hockey5s Womens World Cup
এফআইএইচ হকী৫এছ মহিলা বিশ্বকাপ, পোলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ

স্পৰ্টছ ডেস্ক,২৩ জানুৱাৰী : অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ওমানৰ মাস্কটত অনুষ্ঠিত হ'ব এফআইএইচ হকী৫এছ মহিলা বিশ্বকাপ । উদ্বোধনী সংস্কৰণটোত অংশ ল'ব ভাৰতীয় মহিলা দলে । ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতিৰ সমান্তৰালকৈ সাজু হৈ উঠিছে ভাৰতীয় দলটো । ভাৰতীয় মহিলা দলটোৱে আমেৰিকা, পোলেণ্ড আৰু নামিবিয়াৰ সৈতে পুল চি-ত খেলিব । নেডাৰলেণ্ড, মালয়েছিয়া, ফিজি আৰু আয়োজক ওমানে পুল এ-ত খেলিব আনহাতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইউক্ৰেইন আৰু জাম্বিয়াই পুল বি-ত খেলিব । একেদৰে গ্ৰুপ-ডিত থাকিব নিউজীলেণ্ড, উৰুগুৱে, থাইলেণ্ড আৰু পাৰাগুৱে ।

ভাৰতে ২৪ জানুৱাৰীত ভাৰতীয় সময় অনুসৰি ১২:৫০ বজাত পোলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব আৰু তাৰ পিচত একেদিনাই ভাৰতীয় সময় মতে ২১:১০ বজাত আমেৰিকাৰ বিৰুদ্ধে খেলিব । দলটোৱে ২৫ জানুৱাৰীত নামিবিয়াৰ বিৰুদ্ধে ভাৰতীয় সময় অনুসৰি ১৪:৩০ বজাত তেওঁলোকৰ অন্তিম গ্ৰুপ পৰ্যায়ৰ খেল খেলিব । প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ২৬ জানুৱাৰীত কোৱাৰ্টাৰ ফাইনেল খেলিব । একেদিনাই ছেমি ফাইনেল অনুষ্ঠিত হ'ব আৰু ফাইনেল খেলখন ২৭ জানুৱাৰীত অনুষ্ঠিত হ'ব ।

ভাৰতীয় দলটোক নেতৃত্ব দিব অভিজ্ঞ গ'লকীপাৰ ৰজনী ইতিমাৰ্পু আৰু ডিফেণ্ডাৰ মহিমা চৌধুৰীক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে । দলটোত দ্বিতীয় গ'লকীপাৰ হিচাপে বাংসাৰী চোলাঙ্কিও আছে, অক্ষতা আবাচো ধেকেলে আৰু জ্যোতি ছত্ৰী ডিফেণ্ডাৰ হিচাপে থাকিব । মিডফিল্ডাৰসকলৰ ভিতৰত মাৰিয়ানা কুজুৰ আৰু মুমতাজ খান থাকিব । আনহাতে আজমিনা কুজুৰ, ৰুতাজা দাদাচো পিচাল আৰু দীপিকা চোৰেঙক ফৰৱাৰ্ড হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক ৰজনী ইতিমাৰ্পুৱে কয় যে এফআইএইচ হকী৫এছ মহিলা বিশ্বকাপৰ বাবে তেওঁলোক উৎসাহী । সকলো আত্মবিশ্বাসী আৰু এই প্ৰতিযোগিতাখন খেলিবলৈ আগ্ৰহেৰে ৰৈ আছে । দলটোৱে নিৰ্দিষ্ট পৰিকল্পনা অনুসৰি খেলিব । উপ-অধিনায়ক মহিমা চৌধুৰীয়ে বিশ্বাস কৰিছে যে দলটো প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত ।

লগতে পঢ়ক :পেৰিছ অলিম্পকৰ বাট বন্ধ হ’ল ভাৰতীয় মহিলা হকী দলৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.