ETV Bharat / sports

২০২৩ বৰ্ষৰ আইচিচিৰ পুৰুষ এদিনীয়া দল ঘোষণা, শ্ৰেষ্ঠ অধিনায়ক ৰোহিত শৰ্মা

author img

By ANI

Published : Jan 23, 2024, 2:42 PM IST

ICC ODI Team of the Year 2023
২০২৩ বৰ্ষৰ আইচিচিৰ পুৰুষ এদিনীয়া দল ঘোষণা, শ্ৰেষ্ঠ অধিনায়ক ৰোহিত শৰ্মা

ICC ODI Team of the Year for 2023: ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । আইচিচিয়ে ২০২৩ বৰ্ষৰ পুৰুষ এদিনীয়া দলৰ ঘোষণা কৰে । দলটোত অধিনায়ক হিচাপে স্থান দিয়া হৈছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক । দলটোত বিৰাট কোহলী, শুভমন গিল, মহম্মদ চিৰাজ, মহম্মদ ছামী আৰু স্পিনাৰ কুলদীপ যাদৱেও স্থান লাভ কৰিছে ।

স্পৰ্টছ ডেস্ক,২৩ জানুৱাৰী : ২০২৩ বৰ্ষৰ বাবে শ্ৰেষ্ঠ আইচিচি পুৰুষৰ এদিনীয়া দলৰ ঘোষণা । ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাক ২০২৩ বৰ্ষৰ আইচিচি পুৰুষৰ এদিনীয়া দলৰ শ্ৰেষ্ঠ অধিনায়ক হিচাপে মনোনীত কৰিছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি)। ৰোহিত শৰ্মাৰ নেতৃত্বৰ ভাৰতীয় দলটোক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ আইচিচি পুৰুষৰ এদিনীয়া দল হিচাপে মনোনীত কৰা হৈছে । যিটো দলত আছে বিৰাট কোহলী, বেটছমেন শুভমন গিল, তাৰকা পেচাৰ মহম্মদ চিৰাজ, মহম্মদ ছামী আৰু স্পিনাৰ কুলদীপ যাদৱৰ দৰে মেন ইন ব্লু তাৰকা ।

আইচিচিয়ে মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিযোগে এই কথা ঘোষণা কৰে । আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া মুখামুখি হোৱা ভাৰতীয় দলটোৱে এই স্বীকৃতি লাভ কৰিছে ।

ভাৰতৰ অধিনায়ক ৰোহিতে ২০২৩ চনত এক উত্তেজনাপূৰ্ণ ইনিংছ খেলিছিল । তেওঁ ৫২ৰ গড়ত ১২৫৫ ৰাণ সংগ্ৰহ কৰিছিল । আফগানিস্তানৰ বিৰুদ্ধে ১৩১ ৰাণৰ চমৎকাৰী ইনিংছৰ সৈতে 'হিটমেন' যোৱা বছৰৰ সমগ্ৰ এদিনীয়া বিশ্বকাপত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ফৰ্মত আছিল । যুৱ বেটছমেন শুভমন গিলে নিজকে ৰোহিতৰ পছন্দৰ অপেনিং অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে । গিলে কেলেণ্ডাৰ বৰ্ষত ১৫৮৪ ৰাণ সংগ্ৰহ কৰিছিল ।

অষ্ট্ৰেলিয়াৰ অপেনাৰ ট্ৰেভিছ হেড মহান শ্ৰেণীৰ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, যিয়ে আটাইতকৈ বৃহৎ অনুষ্ঠানৰ বাবে তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছিল । সংখ্যাগৰিষ্ঠতাৰ ফালৰ পৰা তেওঁ সৰ্বশ্ৰেষ্ঠ আছিল । তেওঁ অষ্ট্ৰেলিয়াক ষষ্ঠ বিশ্বকাপ জয় কৰাত সহায় কৰিছিল । ভাৰতৰ বিৰুদ্ধে ফাইনেলত হেডে ১৩৭ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলিছিল ।

ভাৰতৰ বেটিং তাৰকা বিৰাট কোহলীয়ে ২০২৩ চনত গুৰুত্বপূৰ্ণ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল । তেওঁ ২০২৩ চনত ছয়বাৰ শতকৰ ঘৰ অতিক্ৰম কৰিছিল । তেওঁ বিশ্বকাপত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটাও লাভ কৰিছিল । বিশ্বকাপৰ সময়ত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতকৰ বাবে ভাৰতৰ সৰ্বকালৰ মহান শচীন তেণ্ডুলকাৰৰ অভিলেখো ভংগ কৰে ।

নিউজীলেণ্ডৰ তাৰকা ডেৰিল মিচেলে ২০২৩ চনৰ আইচিচিৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ তালিকাত ব্লেককেপছক প্ৰতিনিধিত্ব কৰিছে । তেওঁ ২০২৩ চনত পাঁচটা শতক অৰ্জন কৰিছিল আৰু ৫২.৩৪ গড়ে মুঠ ১,২০৪ ৰাণ সংগ্ৰহ কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ বেটছমেন হেনৰিখ ক্লাছেনক ২০২৩ চনৰ আইচিচি পুৰুষৰ এদিনীয়া দলৰ শ্ৰেষ্ঠ উইকেটকীপাৰ হিচাপে মনোনীত কৰা হৈছে । অভিজ্ঞ বেটছমেনগৰাকীয়ে ২০২৩ চনত বেটেৰেও জিলিকি উঠিছিল । এদিনীয়া বিশ্বকাপৰ সময়ত ইংলেণ্ডৰ বিৰুদ্ধে এক কমাণ্ডিং বিজয়ত ১০৯ ৰাণৰ সুন্দৰ ইনিংছ খেলিছিল । দক্ষিণ আফ্ৰিকাৰ পেচাৰ মাৰ্কো জনচেনে যোৱা ১২ মাহত বেট আৰু বলিঙেৰে উন্নত প্ৰদৰ্শন দেখুৱাই বছৰটোৰ এদিনীয়া দলত স্থান লাভ কৰিছে ।

অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পাই আইচিচিৰ এদিনীয়া দলত স্থান পাইছে । বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হৈ তেওঁ একেৰাহে ৩ খন খেলত খেলত ৪ টাকৈ উইকেট লাভ কৰিছে । আনহাতে তেওঁ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপেও বছৰটো সমাপ্ত কৰিছিল । ভাৰতৰ বলাৰ মহম্মদ চিৰাজ, মহম্মদ ছামী আৰু স্পিনাৰ কুলদীপ যাদৱেও ২০২৩ চনত তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে আইচিচি দলত স্থান লাভ কৰিছে । চিৰাজে ২০২৩ চনত মুঠ ৪৪ টা উইকেট সংগ্ৰহ কৰিছে আনহাতে প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে এদিনীয়া বিশ্বকাপত ছামীয়ে চাৰিবাৰ ৫ টাকৈ উইকেট লাভ কৰিছিল ।

ইফালে, ইন-ফৰ্ম বাওঁহাতৰ স্পিনাৰ কুলদীপে ২০২৩ চনত মুঠ ৪৯ টা উইকেট লাভ কৰি আইচিচিৰ ২০২৩ চনৰ এদিনীয়া দলত স্থান পাইছে ।

আইচিচি পুৰুষৰ এদিনীয়া দল অফ দা ইয়েৰ ২০২৩ : ৰোহিত শৰ্মা (অধিনায়ক) (ভাৰত), শুভমন গিল (ভাৰত), ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া), বিৰাট কোহলী (ভাৰত), ডেৰিল মিচেল (নিউজীলেণ্ড), হেনৰিখ ক্লাছেন (উইকেটকীপাৰ) (দক্ষিণ আফ্ৰিকা), মাৰ্কো জনচেন (দক্ষিণ আফ্ৰিকা), এডাম জাম্পা (অষ্ট্ৰেলিয়া), মহম্মদ চিৰাজ (ভাৰত), কুলদীপ যাদৱ (ভাৰত) আৰু মহম্মদ ছামী (ভাৰত) ।

লগতে পঢ়ক :ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত নেখেলে বিৰাট কোহলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.