ETV Bharat / sports

তৃতীয় টেষ্টৰ পূৰ্বে ৰাজকোটত উপস্থিত ভাৰত আৰু ইংলেণ্ড দল

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 1:04 PM IST

IND vs ENG Test 2024: ৰাজকোটত অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয় টেষ্ট । দুয়োটা দলে ৰাজকোটত উপস্থিত হৈছে । মঙলবাৰৰ পৰা দুয়োটা দলে অনুশীলন আৰম্ভ কৰিব । ৰাজকোটত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ ।

IND vs ENG Test 2024
তৃতীয় টেষ্টৰ পূৰ্বে ৰাজকোটত উপস্থিত ভাৰত আৰু ইংলেণ্ড দল

স্পৰ্টছ ডেস্ক,১৩ ফেব্ৰুৱাৰী : অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটৰ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টেষ্ট অনুষ্ঠিত হ'ব । টেষ্ট মেচ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দল ৰাজকোটত উপস্থিত হৈছে । ১১ ফেব্ৰুৱাৰীত ভাৰতীয় দলটো ৰাজকোটত উপস্থিত হৈছে । আনহাতে ১২ ফেব্ৰুৱাৰীত ইংলেণ্ড ক্ৰিকেট দলটোও ৰাজকোটত উপস্থিত হৈছে । ইংলেণ্ড ক্ৰিকেট দলটোক ৰাজকোটৰ ৰিং ৰোডৰ ফৰ্চুন হোটেলত ৰখা হৈছে ।

ফৰ্চুন হোটেলত উপস্থিত হোৱাৰ পিচতে ইংলেণ্ড ক্ৰিকেট দলৰ খেলুৱৈসকলক হোটেল কৰ্তৃপক্ষই ভাৰতীয় পৰম্পৰা অনুসৰি ফুলৰ মালাৰে আদৰণি জনায় । জনি বেয়াৰস্টো, জিমি এণ্ডাৰছন, জ' ৰুট, মাৰ্ক উড, ৰেহান আহমেদ, ছোৱেইব বশ্বীৰ, অলি পোপ, ৰবিনছন, বেন ষ্টকছ, জাক ক্ৰাউলিকে ধৰি ক্ৰিকেটাৰসকল ৰাজকোটৰ হোটেলখনত প্ৰৱেশ কৰা দেখা গৈছে । সূত্ৰৰ মতে দুয়োটা দলে মঙলবাৰে নেট অনুশীলন আৰম্ভ কৰিব । ৰাজকোটত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচখনক লৈ সৌৰাষ্ট্ৰ আৰু গুজৰাটৰ ক্ৰিকেটপ্ৰেমীসকল যথেষ্ট উৎসাহী দেখা গৈছে ।

উল্লেখ্য যে ১৫ ফেব্ৰুৱাৰীৰ ৰাজকোটৰ তৃতীয় টেষ্টখনৰ পূৰ্বে ইংলেণ্ডৰ দলটো আবু ধাবিৰ পৰা পোনপটীয়া বিমানেৰে ৰাজকোটত উপস্থিত হয় । লক্ষণীয়ভাৱে ৰাজকোট বিমানবন্দৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণ কৰিছে । ইংলেণ্ডৰ দলটো বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শুল্ক বিভাগৰ বিষয়াসকলকো জামনগৰৰ পৰা মাতি অনা হৈছিল আৰু বিমানবন্দৰত এক ইমিগ্ৰেচন কাউণ্টাৰ আৰম্ভ কৰা হয় ।

অনুসন্ধানৰ সময়ত, ইংলেণ্ড দলৰ খেলুৱৈ ৰেহান আহমেদক ভিছাৰ সমস্যাৰ বাবে বিমানবন্দৰত ৰখাই দিয়া হৈছিল । ইয়াৰ পিচত খেলুৱৈজনক ভিছাৰ দুদিনৰ সম্প্ৰসাৰণ দিয়া হয় আৰু লগে লগে দলটোৰ সৈতে তেওঁক বিমানবন্দৰৰ পৰা হোটেললৈ যাবলৈ অনুমতি দিয়া হয় ।

লগতে পঢ়ক :পাকিস্তানৰ ক্ৰিকেট অনুৰাগীক কীব’ৰ্ড যোদ্ধা আখ্যা ইৰফান পাঠানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.