ETV Bharat / sports

ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত নেখেলে বিৰাট কোহলীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:23 PM IST

Ind vs Eng test series
Ind vs Eng test series

Ind vs Eng test series: ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা 25 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব পাঁচখনীয়া টেষ্ট শৃংখলা ৷ প্ৰথম দুখন টেষ্টত উপস্থিত নাথাকে তাৰকা বেটছমেন বিৰাট কোহলী ৷

নিউজ ডেস্ক, 22 জানুৱাৰী: ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত অংশ লোৱাৰ পৰা বিৰত থাকিব প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলী ৷ ব্যক্তিগত কাৰণত খেলুৱৈগৰাকীয়ে খেলত অংশ ল’ব নোৱাৰিব বুলি বিচিচিআয়ে সোমবাৰে জানিবলৈ দিয়ে ৷

এক বিবৃতি প্ৰকাশ কৰা বিচিচিআই কৰ্তৃপক্ষই কয়, ‘‘বিৰাট কোহলীয়ে বিচিচিআইক ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে ৷ এইক্ষেত্ৰত ব্যক্তিগত কাৰণ প্ৰদৰ্শন কৰিছে খেলুৱৈগৰাকীয়ে ৷’’

বিবৃতিটোত বিচিচিআয়ে আৰু কয় যে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে বৰ্তমানৰ অধিনায়ক, টীম মেনেজাৰ আৰু চিলেক্টৰক এই বিষয়ে অৱগত কৰিছে ৷ পাঁচখন টেষ্ট মেচৰ শৃংখলাটো আৰম্ভ হ’ব অহা ২৫ জানুৱাৰীৰ পৰা ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট ।

‘‘বিৰাটে অধিনায়ক ৰোহিত শৰ্মা, টীম মেনেজাৰ আৰু চিলেক্টৰৰ সৈতে এই সন্দৰ্ভত আলাপ কৰিছে আৰু দেশক প্ৰতিনিধিত্ব কৰা যিকোনো খেলত তেওঁক যে সৰ্বাধিক গুৰুত্ব দিয়া হয় সেই কথাও স্বীকাৰ কৰিছে ৷ বিৰাটে লগতে এইটোও কৈছে যে এনে কেতবোৰ ব্যক্তিগত পৰিস্থিতি আহি পৰে য’ত উপস্থিত থকাটো অত্যন্ত জৰুৰী হৈ পৰে আৰু যি একান্ত মনোযোগ বিচাৰে ৷’’ বিবৃতিত উল্লেখ ৷

বিচিচিআয়ে বিৰাটৰ অনুভৱ তথা অনুৰোধক সন্মান জনায় আৰু ব’ৰ্ড আৰু টীম কৰ্তৃপক্ষই তাৰকা বেটছমেনগৰাকীলৈ সহযোগিতা আগবঢ়ায় ৷ দলৰ বাকী খেলুৱৈসকলৰ দক্ষতাৰ ওপৰত দৃঢ়তা প্ৰকাশ কৰি ব’ৰ্ডে আশা কৰে যে দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰিছে ৷

বিচিচিআইয়ে সংবাদ মাধ্যম আৰু অনুৰাগীসকলক অনুৰোধ জনাইছে যে এই সময়ছোৱাত বিৰাট কোহলীৰ গোপনীয়তাক সন্মান কৰক আৰু তেওঁৰ ব্যক্তিগত কাৰণৰ প্ৰকৃতিৰ ওপৰত জল্পনা-কল্পনা কৰাৰ পৰা বিৰত থাকক । টেষ্ট শৃংখলাত আগন্তুক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতীয় ক্ৰিকেট দলটোক সহায় কৰাৰ ওপৰত গুৰুত্ব থাকিব লাগে ।

লগতে পঢ়ক: 22 মাৰ্চৰ পৰা আইপিএল আৰম্ভৰ সম্ভাৱনা; চলিব 26 মে'লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.