ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড, আত্মপ্ৰকাশ কৰিয়ে অৰ্ধশতক ছৰফৰাজ খানৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 11:16 AM IST

Updated : Feb 15, 2024, 6:26 PM IST

IND vs ENG Test series : ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে টছত জয়ী হৈ বেটিং কৰিছে । ভাৰতীয় দলত ৪ টা পৰিৱৰ্তন । ধ্ৰুৱ জুৰেল আৰু ছৰফৰাজ খানে ভাৰতীয় দলত আত্মপ্ৰকাশ কৰিছে । ছৰফৰাজ খানে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন টেষ্টতে অৰ্ধশতক কৰিছে ।

IND vs ENG Test series
ছৰফৰাজ খান আৰু ধ্ৰুৱ জুৰেলৰ আত্মপ্ৰকাশ

স্পৰ্টছ ডেস্ক,১৫ ফেব্ৰুৱাৰী : আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয় টেষ্ট আৰম্ভ হৈছে । ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ৭৮ অভাৰৰ অন্তত ৩০৬ ৰাণ সংগ্ৰহ কৰে । য'ত ৰোহিত শৰ্মাৰ আকৰ্ষণীয় শতক আৰু প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্টত ছৰফৰাজ খানৰ অৰ্ধশতক অন্তৰ্ভুক্ত আছে । প্ৰথম ১২ অভাৰৰ খেলখন সম্পূৰ্ণ ইংলেণ্ডৰ বলাৰৰ নিয়ন্ত্ৰণত আছিল যদিও অধিনায়ক ৰোহিত আৰু জাদেজাই পুনৰ ভাৰতক খেলখনলৈ ঘূৰাই আনিলে ।

প্ৰথমে ভাৰতে জয়ছোৱাল, শুভমন গিল আৰু ৰজত পাতিদাৰৰ উইকেট হেৰুৱাইছিল যদিও ৰোহিত আৰু জাদেজাই সুন্দৰ পাৰ্টনাৰশ্বিপৰ জৰিয়তে এক শক্তিশালী স্ক'ৰৰ দিশে আগবাঢ়িছে । অৱশ্যে শতক অৰ্জনৰ পিচত ৰোহিতে ১৩১ ৰাণত উইকেট হেৰুৱায় । কেৱল ৰোহিত শৰ্মাই নহয় জাদেজাইও শতকৰ দিশে আগবাঢ়িছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ জাদেজাই ১৮৬ টা বলত ৯৬ ৰাণ সংগ্ৰহ কৰিছে । ছৰফৰাজ খানেও ৫৩ টা বলত ৫৭ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলিছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ক্ৰিজত ৰবীন্দ্ৰ জাদেজা আৰু ছৰফৰাজ খানে বেটিং কৰি আছে ।

উল্লেখ্য যে খেলখনত ভাৰতীয় দলত চাৰিটা পৰিৱৰ্তন দেখা গৈছে । মুকেশ কুমাৰ, অক্ষৰ পেটেল, কে এছ ভৰতে প্লেয়িং একাদশত স্থান লাভ কৰা নাই । মুকেশ কুমাৰৰ স্থানত মহম্মদ চিৰাজ দললৈ উভতি আহিছে । একে সময়তে, ধ্ৰুৱ জুৰেল আৰু ছৰফৰাজ খানে টেষ্টৰ দলত আত্মপ্ৰকাশ কৰিছে । কে এল ৰাহুলৰ আঘাতৰ বাবে ছৰফৰাজ খানক দলত সুযোগ দিয়া হৈছে । উইকেটকীপাৰ কে এছ ভৰতৰ স্থানত ধ্ৰুৱ জুৰেলক দলত স্থান দিয়া হৈছে ।

ভাৰতৰ প্লেয়িং একাদশ: ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, ৰজত পাতিদাৰ, ছৰফৰাজ খান, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।

ইংলেণ্ডৰ প্লেয়িং একাদশ: বেন ডাকেট, জাক ক্ৰাউলি, অলি পোপ, জ' ৰুট, জনি বেয়াৰস্টো, বেন ষ্টকছ (অধিনায়ক), বেন ফ'কছ (উইকেটকীপাৰ), ৰেহান আহমেদ, টম হাৰ্টলি, মাৰ্ক উড, জেমছ এণ্ডাৰচন ।

লগতে পঢ়ক:ভাৰত বনাম ইংলেণ্ড তৃতীয় টেষ্ট; ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামৰ টেষ্ট ৰেকৰ্ড

Last Updated : Feb 15, 2024, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.