ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা, হায়দৰাবাদত উপস্থিত ইংলেণ্ড দল

author img

By ANI

Published : Jan 22, 2024, 10:36 AM IST

IND vs ENG Test: ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া টেষ্ট শৃংখলাৰ প্ৰাকক্ষণত দেওবাৰে হায়দৰাবাদত উপস্থিত হয় ইংলেণ্ড দল । বেন ষ্টকছে দলটোক নেতৃত্ব দিব । ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খন টেষ্টৰ হ'ব এই শৃংখলা ।

England Cricket Team
ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা, হায়দৰাবাদত উপস্থিত ইংলেণ্ড দল

স্পৰ্টছ ডেস্ক,২২ জানুৱাৰী : অহা ২৫ জানুৱাৰীৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলা আৰম্ভ হ'ব । এই শৃংখলাত দুয়োটা দলে ৫ খন টেষ্ট খেলিব । ইতিমধ্যে ইংলেণ্ড দলটো ভাৰতত উপস্থিত হৈছে । টেষ্ট শৃংখলাৰ পূৰ্বে দেওবাৰে সন্ধিয়া হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিদেশী দলটো ৷ হায়দৰাবাদত ২৫ জানুৱাৰীত ইংলেণ্ড আৰু ভাৰতৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'ব আৰু পঞ্চম তথা অন্তিমখন টেষ্ট ধৰ্মশালাত ১১ মাৰ্চত অনুষ্ঠিত হ'ব ৷

এদিনীয়া বিশ্বকাপ ২০২৩-ৰ পিচত ইংলেণ্ড দলটোৰ বাবে এয়া প্ৰথম টেষ্ট শৃংখলা হ'ব । ইংলেণ্ডে ২০২৩ চনৰ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁলোকৰ অন্তিম খন টেষ্ট মেচ খেলিছিল । যেতিয়া তেওঁলোকে শৃংখলাটো ২-২ ত টাই কৰিছিল ।

দলটোৱে ভাৰত ভ্ৰমণ কৰাৰ ঠিক পূৰ্বে ইংলেণ্ডৰ বেটছমেন হেৰী ব্ৰুক দলৰ পৰা বাহিৰ হৈছে । যাৰ বাবে দলত বেটছমেন ডেন লৰেন্সক স্থান দিয়া হৈছে । এইবাৰ বেন ষ্টকছে শৃংখলাটোৰ বাবে ইংলেণ্ড টেষ্ট দলৰ নেতৃত্ব দিব । যোৱা মাহত সংযুক্ত আৰৱ আমিৰশ্বাহীত প্ৰশিক্ষণ লোৱা ইংলেণ্ড লায়ন্স দলৰ অংশ আছিল নবাগত টম হাৰ্টলি আৰু ছোৱেব বছিৰ । আঘাতৰ পিচত টেষ্টলৈ উভতি অহাৰ লগে লগে উপ-অধিনায়ক অলি পোপ আৰু জেক লিচে তেওঁলোকৰ প্ৰস্তুতিৰ বাবে ইউএইত দলটোক যোগদান কৰিছিল ।

দলটোৰ বাবে ক্ৰিছ ৱ'ক্স, লিয়াম ডচন আৰু উইল জেকছৰ অনুপস্থিতি গুৰুত্বপূৰ্ণ হ'ব । ইফালে ভাৰতত জেমছ এণ্ডাৰছনে পেচ আক্ৰমণৰ নেতৃত্ব দিব । দলৰ আন পেচাৰসকল হৈছে মাৰ্ক উড আৰু অলি ৰবিনছন ৷ ইফালে, এই বছৰৰ আৰম্ভণিতে এছেজ দলৰ পৰা বাদ পৰাৰ পিচত উইকেটকীপাৰ বেন ফ'কেছক পুনৰ দলত স্থান দিয়া হৈছে । জনি বেয়াৰস্টো দলটোৰ আন এগৰাকী উইকেটকীপাৰ ।

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডৰ দল : বেন ষ্টকছ (অধিনায়ক), জেমছ এণ্ডাৰছন, ৰেহান আহমেদ, গাচ এটকিনছন, জনি বেয়াৰস্টো, ছোৱেব বছিৰ, জাক ক্ৰাউলি, বেন ডাকেট, বেন ফ'কেছ (উইকেটকীপাৰ), ডেন লৰেন্স, টম হাৰ্টলি, জেক লিচ, অলি পোপ, অলি ৰবিনচন, জো ৰুট, মাৰ্ক উড ।

লগতে পঢ়ক :ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে ভাৰতৰ ড্ৰ', শ্ৰীৰামক উছৰ্গা ভৰতৰ শতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.