ETV Bharat / sports

উইকেটৰক্ষক হিচাপে দলত লোৱা নাই কে এল ৰাহুলক: ৰাহুল দ্ৰাবিড়

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:20 PM IST

উইকেটৰক্ষক হিচাপে দলত লোৱা নাই কে এল ৰাহুলক
উইকেটৰক্ষক হিচাপে দলত লোৱা নাই কে এল ৰাহুলক

Rahul Dravid on KL Rahul : ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰকাশ কৰিছে যে কে এল ৰাহুলে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক শৃংখলাত উইকেটৰক্ষকৰ ভূমিকা পালন নকৰে । তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে কে এছ ভৰত বা ধ্ৰুৱ জুৰেলৰ যিকোনো এগৰাকীয়ে ৰাষ্ট্ৰীয় দলৰ বাবে গ্ল'ভছ পৰিধান কৰিব ।

স্পৰ্টছ ডেস্ক, ২৩ জানুৱাৰী : ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে মঙলবাৰে এই কথা নিশ্চিত কৰিছে যে বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে হাদৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত আৰম্ভ হ'বলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাত কে এল ৰাহুলে উইকেটৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ নহয় ।

কে এল ৰাহুলে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত উইকেটৰক্ষকৰ দায়িত্ব পালন কৰিব বুলি আশা কৰা হৈছিল । ডিচেম্বৰ-জানুৱাৰীত দক্ষিণ আফ্ৰিকাত ভাৰতে খেলা শেহতীয়া টেষ্ট শৃংখলাৰ সময়ত কৰ্ণাটকৰ বেটাৰজনে উইকেটৰক্ষকৰ ভূমিকা পালন কৰিছিল । অৱশ্যে নিৰ্বাচকসকলে কে এছ ভৰত আৰু ধ্ৰুৱ জুৰেলক দলত বাছনি কৰে । তাৰে পৰিপ্ৰেক্ষিতত ভাৰতৰ ফিল্ডিঙত কোনে উইকেটৰক্ষকৰ দায়িত্ব পালন কৰিব সেই বিষয়ে মুকলিকৈ আলোচনা হয় ।

অৱশ্যে ৰাহুল দ্ৰাবিড়ে সকলো সন্দেহ দূৰ কৰি কয় যে কে এল ৰাহুলক শৃংখলাটোৰ বাবে উইকেটৰক্ষক হিচাপে লোৱা হোৱা নাই । কিয়নো খেলৰ পৰিস্থিতিৰ বাবে এজন বিশেষজ্ঞ ষ্টাম্পাৰৰ প্ৰয়োজন হ'ব ।

"(কেএল) ৰাহুলে এই শৃংখলাত উইকেটৰক্ষক হিচাপে খেলিব নোৱাৰিব আৰু আমি দল বাছনিৰ ক্ষেত্ৰত উক্ত বিষয়ত স্পষ্ট । আমি আন দুজন উইকেটৰক্ষক বাছনি কৰিছোঁ । নিশ্চিতভাৱে ৰাহুলে দক্ষিণ আফ্ৰিকাত আমাৰ বাবে এক উল্লেখনীয় কাম কৰিছিল আৰু আমাক শৃংখলাটো ড্ৰ কৰাত সঁচাকৈয়ে এক ডাঙৰ ভূমিকা পালন কৰিছিল ।" তেওঁ প্ৰাক-মেচ সংবাদমেলত এই কথা কয় ।

"কিন্তু পাঁচখন টেষ্ট মেচৰ কথা বিবেচনা কৰি আৰু এই পৰিস্থিতিত খেলিলে বাছনিটো আমাৰ আন দুজন উইকেটৰক্ষকৰ মাজত হ'ব ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে যোৱা বছৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা শৃংখলা আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সময়ত কে এছ ভৰত উইকেটৰক্ষক আছিল । যোৱা বছৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ সময়তো ঈশান কিষাণ উইকেটৰক্ষক আছিল । কিন্তু মানসিক ক্লান্তিৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিৰতি লয় ।

আনহাতে, ধ্ৰুৱ জুৰেলে এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিবলৈ বাকী আছে । তেওঁ ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব । কিয়নো কে এছ ভৰত এই ক্ষেত্ৰত প্ৰথম পছন্দ হ'ব ।

লগতে পঢ়ক :ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত নেখেলে বিৰাট কোহলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.