ETV Bharat / sports

অমীমাংসিতভাৱে সমাপ্ত আই টি বি পি এফ টি বনাম পঞ্জাব এফ চি খেলখন

বিশাল যাদৱ আৰু মহম্মদ সুহেইলৰ আক্রমণাত্মক প্ৰদৰ্শন কৰে যদিও চূড়ান্ত ফলাফল দিব নোৱাৰিলে ৷

DURAND CUP 2025
আই টি বি পি এফ টি আৰু পঞ্জাব এফ চিৰ খেলখনৰ কিছু মূহূৰ্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 7, 2025 at 9:20 AM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ গ্ৰুপ ডি মেচত বুধবাৰে আই টি বি পি এফ টি আৰু পঞ্জাব এফ চিৰ খেলখনত দল দুটাই গ’ল দিবলৈ সক্ষম নোহোৱাত খেলখন ড্ৰ কৰি ৰাখিব লগা হয় ৷ পঞ্জাৱ এফ চিয়ে গ’লৰ সন্মুখত সময় অপচয় কৰি নিজৰ সুযোগ ৰূপান্তৰিত কৰাত ব্যৰ্থ হোৱাৰ বিপৰীতে আই টি বি পিয়ে কঠিন যুঁজত পইণ্ট লাভ কৰিবলৈ শক্তিশালী ডিফেন্স প্ৰদৰ্শন কৰে ৷

বুধবাৰৰ খেলখন ড্ৰ হোৱাৰ ফলত দল দুটাই এটাকৈ পইন্ট লাভ কৰে ৷ ইতিমধ্যে দুয়োটা দলে দুখন মেচৰ পৰা চাৰি পইণ্টকৈ লাভ কৰিছে আৰু অহা ১২ আগষ্টত পঞ্জাৱ এফ চি বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷

DURAND CUP 2025
আই টি বি পি এফ টি আৰু পঞ্জাব এফ চিৰ খেলখনৰ কিছু মূহূৰ্ত (ETV Bharat Assam)

পানাজিঅ’টিছ ডিলম্পেৰিছে আৰম্ভণিৰ লাইন আপত তিনিটা পৰিৱৰ্তন কৰি নিন্থোইংগানবা মীটেই, ভিনিট ৰায় আৰু প্ৰমবীৰ সিঙৰ ঠাইত ৰিকি শ্বাবং, লিঅ’ন অগাষ্টিন আৰু নতুনকৈ চুক্তিবদ্ধ হোৱা বিজয় ভাৰ্গেছক স্থান দিয়াৰ বিপৰীতে আই টি বি পিৰ মুখ্য প্ৰশিক্ষক সুৰজিৎ কুমাৰ প্ৰধানীয়ে প্ৰথমখন মেচৰ পৰাই মূল একাদশত একেটা আৰম্ভণি বজাই ৰাখিছিল ।

DURAND CUP 2025
আই টি বি পি এফ টি আৰু পঞ্জাব এফ চিৰ খেলখনৰ কিছু মূহূৰ্ত (ETV Bharat Assam)

খেলখনৰ আৰম্ভণিতে পঞ্জাৱ এফ চিয়ে দুটা সুযোগ সৃষ্টি কৰিছিল, বাকচৰ বাহিৰৰ পৰা ৰিকি শ্বাবঙৰ প্ৰচেষ্টাক ডিফেন্সে বাধা দিয়ে ৷ কিছু মুহূৰ্তৰ পিছতে বিশাল যাদৱে এটা লো ক্ৰছ ডাইভাৰ্ট কৰাত ব্যৰ্থ হয়, কাৰণ মহম্মদ সুহেইল দুৰন্ত গতিত আহি যুৱ ষ্ট্ৰাইকাৰজনক ধৰি লয় । প্ৰথমাৰ্ধত বিশাল আৰু সুহেইল শক্তিশালী আছিল আৰু তেওঁলোকৰ গতি আৰু ড্ৰিবলিঙে ডিফেন্সক অশান্তি দিছিল ৷ খেলখনৰ অৰ্ধসময়ত যুৱ খেলুৱৈ দুজনে স্থান সলনি কৰিছিল, বিশালে বাওঁফালৰ পৰা খেলিছিল ৷ ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে বাওঁ ভৰিৰে বাকচৰ বাহিৰৰ পৰা কৰা দুটা প্ৰচেষ্টা অথলে যায় আৰু তেওঁ গ’ল কৰাত ব্যৰ্থ হয় ৷

DURAND CUP 2025
আই টি বি পি এফ টি আৰু পঞ্জাব এফ চিৰ খেলখনৰ কিছু মূহূৰ্ত (ETV Bharat Assam)

আই টি বি পিয়েও নিজৰ বক্সত ডিফেন্সিভ লাইনত ভাল প্ৰদৰ্শন কৰিছিল আৰু গ’লৰক্ষক উগেশ লামাইও গ’লপোষ্ট ভালকৈ ধৰি ৰাখিছিল ৷

লগতে পঢ়ক : ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা : ২-১ গ’লত বিজয়ী পঞ্জাব এফ চি

ফুটবলৰ মহাৰণ: ডুৰাণ্ড কাপৰ উদ্বোধনী মেচত ২-০ গ’লত বিজয়ী আই টি বি পি এফ চি

‘ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণ’ৰ গৌৰৱময় ট্ৰফী আদৰিলে কোকৰাঝাৰে