ETV Bharat / sports

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা : ২-১ গ’লত বিজয়ী পঞ্জাব এফচি

১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলত পঞ্জাব এফচিয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় ।

Punjab FC Get Late Win Over Karbi Anglong Morning Star FC in DURAND CUP 2025
ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা (@thedurandcup X)
author img

By ETV Bharat Assamese Team

Published : August 4, 2025 at 12:04 AM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ গ্ৰুপ ডিৰ মেচত আজি (দেওবাৰ) পঞ্জাব এফচিয়ে কাৰ্বিআংলং মৰ্ণিং ষ্টাৰ এফচিক ২-১ গ’লত পৰাস্ত কৰি বিজয়ী সাব্যস্ত কৰে । কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা পঞ্জাব এফচি আৰু কাৰ্বিআংলং মৰ্ণিং ষ্টাৰ এফচিৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ২-১ গলৰ ব্যৱধানত পঞ্জাব এফচি জয়ী হয় ।

অৱশ্যে খেলৰ দ্বিতীয়ৰ্ধাত কাৰ্বিআংলং মৰ্ণিং ষ্টাৰ এফচি দলৰ নাইজেৰিয়াৰ খেলুৱৈ যোচেফ ম ওলালেৱে ৬৯ মিনিটত এটা গ’ল দি দলটোক আগবঢ়াই নিছিল ৷ ক্ষন্তেক সময়ৰ পিছতে পঞ্জাব এফচি দলৰ প্ৰমবীৰে ৭৩ মিনিটত এটা আৰু ৯০.২ মিনিটত কনচাম সোনাথই সিঙে আনটো গ’ল দিয়ে । ফলত এই দুয়োটা গ’লৰ ফলত পঞ্জাব এফচি দলটোৱে বিজয়ী সাব্যস্ত কৰে ।

Punjab FC Get Late Win Over Karbi Anglong Morning Star FC in DURAND CUP 2025
ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা (@thedurandcup X)

উল্লেখ্য যে, কাৰ্বিআংলং মৰ্ণিং ষ্টাৰৰ এয়া ক্ৰমাগত তৃতীয়বাৰৰ বাবে পৰাজয় হয় । প্ৰণিধানযোগ্য যে, ৬ আগষ্টত আইটিবিপি আৰু পঞ্জাব এফ চি আৰু ১২ আগষ্টত বড়োলেণ্ড এফ চি আৰু পঞ্জাব এফ চিৰ মাজত ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ খেলসমুহ অনুষ্ঠিত হ’ব ৷ আনহাতে অহা ১৬ আগষ্ট কোৱাৰ্টাৰ ফাইনেলৰ এখন মেচ কোকৰাঝাৰ ছাইত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হৈছে ১৩৪ সংখ্যক ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা ৷ ফুটবল প্ৰতিযোগিতাখনি আৰম্ভণি অনুষ্ঠানত ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী আৰু অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক সাংগ্ৰাং ব্ৰহ্মই কাৰ্যসূচীত উপস্থিত থাকে ।

Punjab FC Get Late Win Over Karbi Anglong Morning Star FC in DURAND CUP 2025
ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ বিয়জী (@thedurandcup X)

জানিব পৰা মতে, কোকৰাঝাৰত ডুৰাণ্ড কাপৰ ৬ খন লীগ মেচৰ উপৰিও এখন কোৱাৰ্টাৰ ফাইনেল মেচ অনুষ্ঠিত হ'ব । ৩১ জুলাইত বড়োলেণ্ড এফ চি আৰু কাৰ্বি আংলং মৰ্ণিংষ্টাৰ, ৩ আগষ্টত মৰ্ণিংষ্টাৰ এফ চি আৰু পঞ্জাব এফ চি-ৰ মাজত মেচ অনুষ্ঠিত হয় । আনহাতে, ৬ আগষ্টত আই টি বি পি আৰু পঞ্জাব এফ চি আৰু ১২ আগষ্টত বড়োলেণ্ড এফ চি আৰু পঞ্জাব এফ চিৰ মাজত খেল অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : গুৱাহাটীত দুই বলীউডৰ তাৰকা গোবিন্দা আৰু জন আব্ৰাহাম

লগতে পঢ়ক : ফুটবলৰ মহাৰণ: ডুৰাণ্ড কাপৰ উদ্বোধনী মেচত ২-০ গ’লত বিজয়ী আই টি বি পি এফ চি