ETV Bharat / sports

পেৰিছ অলিম্পিকৰ পূৰ্বে সাময়িকভাৱে নিলম্বিত বজৰং পুনিয়া - Wrestler Bajrang Punia

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 3:18 PM IST

BAJRANG PUNIA : ভাৰতীয় মল্লযুঁজাৰু বজৰংগ পুনিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। পুনিয়াক সংস্থাটোৱে সাময়িকভাৱে নিলম্বন কৰিছে। পঢ়ক সম্পূৰ্ণ খবৰ...

NATIONAL ANTY DOPING AGENCY
বজৰং পুনিয়াক সাময়িকভাৱে নিলম্বিত (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 5 মে’ : অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰা বজৰং পুনিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় এণ্টি ড’পিং এজেন্সীয়ে (NADA) বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৷ 10 মাৰ্চত শোণিপটত অনুষ্ঠিত হোৱা ট্ৰায়েলৰ সময়ত তেওঁ নিজৰ নমুনা দিবলৈ অস্বীকাৰ কৰিছিল ৷ এতিয়া প্ৰস্ৰাৱৰ নমুনা নিদিয়াৰ বাবে এণ্টি ড’পিং সংস্থাই তেওঁক সাময়িকভাৱে নিলম্বন কৰিছে ৷

জানিব পৰা মতে, নিলম্বন প্ৰত্যাহাৰ নোহোৱালৈকে পুনিয়াই কোনো প্ৰতিযোগিতা বা ট্ৰায়েলত অংশগ্ৰহণৰ বাবে অযোগ্য হ’ব ৷ জানিব পৰা গৈছে যে কেইবাবাৰো ফোন কৰাৰ পিচতো বজৰং পুনিয়াই এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ উপলব্ধ নাছিল ৷ যাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই সন্দৰ্ভত নেশ্যনেল ড’পিং এজেন্সীয়ে বিশ্ব এণ্টি ড’পিং এজেন্সীক (WADA)ক অৱগত কৰে ৷ বিশ্ব এণ্টি ড’পিং এজেন্সীয়ে তেওঁক উত্তৰ বিচাৰি জাননী পঠিয়াইছে ৷

ইয়াৰ পিচত নেশ্যনেল ড’পিং এজেন্সীয়ে পুনিয়াক জাননী দিয়ে যে 23 এপ্ৰিলত জাৰি কৰা পৰীক্ষাত অংশগ্ৰহণ নকৰাৰ বাবে তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে ৷ এতিয়া তেওঁৰ সঁহাৰি কি হ’ব আৰু তেওঁৰ ওপৰত থকা নিলম্বন উঠাই লোৱা হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয় ৷ যদিহে তেওঁৰ ওপৰত জাৰী কৰা নিলম্বন বাতিল কৰা নহয় তেন্তে পেৰিছ অলিম্পিকৰ বাবে তেওঁ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে ৷ কাৰণ তেওঁ চূড়ান্ত ট্ৰায়েলত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

বজৰং পুনিয়া অলিম্পিয়ান সাক্ষী মালিক আৰু বিনেশকে ধৰি অন্যান্য শীৰ্ষ মল্লযুঁজাৰুৰ সৈতে বিজেপিৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ আগশাৰীত আছিল ৷ টকিঅ’ অলিম্পিকত দেশৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা পুনিয়াক চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাত অংশগ্ৰহণত বাধা দিয়াৰ সম্ভাৱনা আছে ৷ 65 কেজি শাখাত এতিয়ালৈকে কোনো ভাৰতীয়ই অলিম্পিক কোটা লাভ কৰিব পৰা নাই ৷

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে আইএছএলৰ খিতাপ দখল মুম্বাই চিটি এফচিৰ - ISL 2024 Winners

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.