ETV Bharat / sports

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ; ভাৰতৰ জোলোঙাত দুটা স্বৰ্ণসহ চাৰিটা পদক

author img

By ANI

Published : Feb 24, 2024, 11:12 AM IST

Asian Track Cycling Champs : "এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত জুনিয়ৰ মহিলা শ্ৰেণীত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো এক অবিশ্বাস্য অনুভৱ । এই মুহূৰ্তলৈ যি যাত্ৰা সেয়া কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু মোৰ প্ৰশিক্ষক তথা সতীৰ্থসকলৰ সমৰ্থনেৰে ভৰি আছে । এই সন্মানীয় মঞ্চত মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ বাবে মই কৃতজ্ঞ আৰু ভাৰতক গৌৰৱান্বিত কৰি আনন্দিত হৈছোঁ ।" ব্ৰঞ্জৰ পদক জয়ৰ পিছত সৰিতাই কয় ।

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ
এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ

স্পৰ্টছ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ তৃতীয় দিনটোত বিভিন্ন শ্ৰেণীত ভাৰতীয় চাইক্লিষ্টসকলে আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰে । নতুন দিল্লীৰ চাইক্লিং ট্ৰেকত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলৰ দক্ষতা আৰু দৃঢ়তাৰ ব্যতিক্ৰমী প্ৰদৰ্শন দেখা যায় ।

জুনিয়ৰ মহিলা শাখাত সৰিতা কুমাৰীয়ে 36.966 উল্লেখযোগ্য সময়েৰে ফাইনেলৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে । সৰিতা কুমাৰীয়ে ইতিমধ্যে কোৱালিফায়িং ৰাউণ্ডত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল । 36.912 ছেকেণ্ড সময়েৰে তেওঁ ফাইনেলত স্থান সুৰক্ষিত কৰিছিল ।

"এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত জুনিয়ৰ মহিলা শ্ৰেণীত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো এক অবিশ্বাস্য অনুভৱ । এই মুহূৰ্তলৈ যি যাত্ৰা সেয়া কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু মোৰ প্ৰশিক্ষক তথা সতীৰ্থসকলৰ সমৰ্থনেৰে ভৰি আছে । এই সন্মানীয় মঞ্চত মোৰ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ বাবে মই কৃতজ্ঞ আৰু ভাৰতক গৌৰৱান্বিত কৰি আনন্দিত হৈছোঁ । এই পদকটো কেৱল মোৰ নহয়; এইটো সকলোৰে বাবে যিসকলে মোৰ ওপৰত বিশ্বাস কৰিছে আৰু যাত্ৰাপথত মোক সমৰ্থন কৰিছে । মই মোৰ সীমাৰ পৰিধি ভেদ কৰিবলৈ আৰু চাইক্লিঙত উৎকৃষ্টতা প্ৰদৰ্শনৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ ।" ব্ৰঞ্জৰ পদক জয়ৰ পিছত সৰিতাই কয় ।

ইফালে মীনাক্ষিয়ে মহিলাৰ ছিনিয়ৰ ব্যক্তিগত শাখাত এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি নিজৰ শক্তি আৰু সংকল্প প্ৰদৰ্শন কৰে । 3:42.515 ছেকেণ্ডৰ এক উল্লেখযোগ্য সময়ৰ সৈতে তেওঁ কেৱল নিজৰ অভিলেখ ভংগ কৰাই নহয়, কোৱালিফায়িং ৰাউণ্ডত চতুৰ্থ স্থান লাভ কৰিছিল । যদিও মীনাক্ষিয়ে অলপৰ বাবে ব্ৰঞ্জৰ পদক হেৰুৱায়, তথাপি তেওঁৰ প্ৰদৰ্শন প্ৰশংসনীয় আছিল । ই ভাৰতীয় চাইক্লিষ্টসকলৰ বাবে এক নতুন মানক স্থাপন কৰে ।

আনহাতে, পেৰা ট্ৰেক চাইক্লিং ইভেণ্টত ভাৰতীয় চাইক্লিষ্ট আৰ্ছাদ শ্বেখ আৰু আৰ্যবৰ্ধন চীলাম্পল্লিয়ে তেওঁলোকৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰে । আৰ্ছাদ শ্বেখে 1 কিলোমিটাৰ টাইম ট্ৰায়েল চি2 শ্ৰেণীত সোণৰ পদক অৰ্জন কৰে । তেওঁ ইয়াৰ বাবে 1:25.753 ছেকেণ্ড সময় লয় আৰু দ্বিতীয়টো এছিয়ান স্বৰ্ণ পদক অৰ্জন কৰে । আৰ্যবৰ্ধন চীলাম্পল্লিয়ে একেটা ইভেণ্টত 1:41.071 ছেকেণ্ড সময়েৰে ৰূপৰ পদক অৰ্জন কৰে । ইয়াৰ ফলত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি হয় ।

ইয়াৰ উপৰি পেৰা উইমেন চাইক্লিষ্ট জ্যোতি গাডেৰিয়াই ৫২.৪৫০ সময়েৰে চি২ শ্ৰেণীৰ ৫০০ মিটাৰ টাইম ট্ৰায়েলত সোণৰ পদক যোগ দিছিল । দেওবাৰে ১০ টা চূড়ান্ত ইভেণ্ট তালিকাবদ্ধ কৰা হৈছে । ইয়াতো ভাৰতীয় খেলুৱৈসকলে শীৰ্ষস্থান লাভ কৰিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.