ETV Bharat / politics

বিজেপি বিৰোধী ভোটৰ বিভাজন নোহোৱাৰ প্ৰতি নজৰ ৰখাৰ আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

CM Stalin urges to INDIA bloc : INDI মিত্ৰজোঁটক একত্ৰিত হৈ থকাৰ লগতে বিজেপিৰ বিৰুদ্ধে থকা ভোট যাতে বিভাজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে। বিজেপিক পুনৰ ক্ষমতালৈ আহিবলৈ নিদিয়াটোৱেই সকলোৰে একমাত্ৰ লক্ষ্য হ’ব লাগে বুলিও কয় ষ্টালিনে ।

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী: বিৰোধী মিত্ৰজোঁটৰ ভিতৰত মতানৈক্য অব্যাহত থকাৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে INDI মিত্ৰজোঁটক একত্ৰিত হৈ থাকিবলৈ আৰু বিজেপিৰ বিৰুদ্ধে ভোট যাতে বিভাজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে ।  শুকুৰবাৰে তিৰুচিৰাপপল্লীত এক অনুষ্ঠানত ভাষণ দি এম কে ষ্টেলিনে বিজেপিক পুনৰ ক্ষমতালৈ আহিবলৈ নিদিয়াটোৱেই সকলোৰে একমাত্ৰ লক্ষ্য হ’ব লাগে । লগতে বিজেপিৰ বিৰুদ্ধে থকা ভোটৰ যাতে বিভাজন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ষ্টেলিনে ৷  ইফালে, বিৰোধী দলৰ INDIA গোটৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে এক উমৈহতীয়া ভিত্তি বিচাৰি উলিওৱাৰ সমস্যাবোৰ অমীমাংসিত হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ পূৰ্বে পঞ্জাৱত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰাৰ পিছত আম আদমী পাৰ্টিয়ে অকলেই হাৰিয়ানাৰ 90 খন বিধানসভাৰ আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে ।  আপ নেতা সুশীল গুপ্তাই কয়, "হাৰিয়ানাৰ 90 খন বিধানসভাৰ আসনত আমি অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম । লোকসভা সন্দৰ্ভত আমি আমাৰ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক আমাৰ স্থিতি জনাইছো ৷ আমি শক্তিশালী আৰু আমি মিত্ৰতা আৰু স্বতন্ত্ৰভাৱেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো । দলৰ নেতৃত্বই গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত ৷"  মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গ্ৰেণ্ড এলায়েন্সৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি বিজেপিৰ সৈতে পুনৰ একত্ৰিত হোৱাৰ বাতৰিয়ে 17 মহীয়া ছয় দলীয় গ্ৰেণ্ড এলায়েন্স চৰকাৰৰ স্থিতিশীলতা সন্দৰ্ভত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে । ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়ে শুকুৰবাৰে কয় যে প্ৰয়োজন হ’লে দুৱাৰখন খুলি দিয়া হ’ব ৷ ইয়ে নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউৰ মাজত সম্পৰ্ক পুনৰুজ্জীৱিত হোৱাৰ ইংগিত দিয়ে ।  ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়ে কয়, "আমি সকলো দিশৰ প্ৰতি নজৰ ৰাখিছো আৰু প্ৰয়োজন হ'লে উপযুক্ত সিদ্ধান্ত লোৱা হ'ব । ৰাজনীতিত কোনো দুৱাৰ স্থায়ীভাৱে বন্ধ নহয় আৰু প্ৰয়োজন হ'লে দুৱাৰ খুলিব পৰা যাব ।"  আসন ভাগ-বতৰা আদিৰ ব্যৱস্থা চূড়ান্ত কৰাকে ধৰি মূল প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে INDIA গোটৰ সংগ্ৰাম অব্যাহত ৷

author img

By ANI

Published : January 27, 2024 at 6:15 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী: বিৰোধী মিত্ৰজোঁটৰ ভিতৰত মতানৈক্য অব্যাহত থকাৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে INDI মিত্ৰজোঁটক একত্ৰিত হৈ থাকিবলৈ আৰু বিজেপিৰ বিৰুদ্ধে ভোট যাতে বিভাজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে ।

শুকুৰবাৰে তিৰুচিৰাপপল্লীত এক অনুষ্ঠানত ভাষণ দি এম কে ষ্টালিনে বিজেপিক পুনৰ ক্ষমতালৈ আহিবলৈ নিদিয়াটোৱেই সকলোৰে একমাত্ৰ লক্ষ্য হ’ব লাগে । লগতে বিজেপিৰ বিৰুদ্ধে থকা ভোটৰ যাতে বিভাজন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ষ্টালিনে ৷

ইফালে, বিৰোধী দলৰ INDIA গোটৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে এক উমৈহতীয়া ভিত্তি বিচাৰি উলিওৱাৰ সমস্যাবোৰ অমীমাংসিত হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ পূৰ্বে পঞ্জাৱত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰাৰ পিছত আম আদমী পাৰ্টিয়ে অকলেই হাৰিয়ানাৰ 90 খন বিধানসভাৰ আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে ।

আপ নেতা সুশীল গুপ্তাই কয়, "হাৰিয়ানাৰ 90 খন বিধানসভাৰ আসনত আমি অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম । লোকসভা সন্দৰ্ভত আমি আমাৰ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক আমাৰ স্থিতি জনাইছো ৷ আমি শক্তিশালী আৰু আমি মিত্ৰতা আৰু স্বতন্ত্ৰভাৱেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো । দলৰ নেতৃত্বই গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত ৷"

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গ্ৰেণ্ড এলায়েন্সৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি বিজেপিৰ সৈতে পুনৰ একত্ৰিত হোৱাৰ বাতৰিয়ে 17 মহীয়া ছয় দলীয় গ্ৰেণ্ড এলায়েন্স চৰকাৰৰ স্থিতিশীলতা সন্দৰ্ভত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে । ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়ে শুকুৰবাৰে কয় যে প্ৰয়োজন হ’লে দুৱাৰখন খুলি দিয়া হ’ব ৷ ইয়ে নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউৰ মাজত সম্পৰ্ক পুনৰুজ্জীৱিত হোৱাৰ ইংগিত দিয়ে ।

ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়ে কয়, "আমি সকলো দিশৰ প্ৰতি নজৰ ৰাখিছো আৰু প্ৰয়োজন হ'লে উপযুক্ত সিদ্ধান্ত লোৱা হ'ব । ৰাজনীতিত কোনো দুৱাৰ স্থায়ীভাৱে বন্ধ নহয় আৰু প্ৰয়োজন হ'লে দুৱাৰ খুলিব পৰা যাব।"

আসন ভাগ-বতৰা আদিৰ ব্যৱস্থা চূড়ান্ত কৰাকে ধৰি মূল প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে INDIA গোটৰ সংগ্ৰাম অব্যাহত ৷

লগতে পঢ়ক: